মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সাংকেতিক ধ্বনি উচ্চাৰণ From Wikipedia, the free encyclopedia
ভাষা নিৰ্দিষ্ট এক ভৌগোলিক পৰিৱেশৰ মাজত নিৰ্দিষ্ট এক জনসংখ্যাই প্ৰায় একে ধৰণৰ ধ্বনি উচ্চাৰণ কৰি তাৰ মাজেদি পৰস্পৰ বোধ্য অৰ্থ বা শব্দ বা শব্দ সমষ্টিৰে বাক্য সৃষ্টি কৰি ভাব বিনিময় কৰাকে বা মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক সাঙ্কেতিক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা (ইংৰাজী: Language) বোলে। মানুহে যিবিলাক কথা কয়, সেইবিলাক একোটা সাঙ্কেতিক ধ্বনিৰ সমষ্টি মাত্ৰ। এই সাঙ্কেতিক ধ্বনি-বিলাকে বহন কৰা সঙ্কেত বুজিলেই এজনে আনজনৰ বক্তব্য বুজে। এইদৰে ধ্বনি-সঙ্কেত বুজাসকলকে এক ভাষাভাষী বোলা হয়।
'ভাষা' শব্দটি সংস্কৃতৰ 'ভাষ' ধাতুৰ পৰা উৎপত্তি হৈছে।[1] 'ভাষ' ধাতুৰ ব্যুৎপত্তিগত অৰ্থ হ'ল 'ব্যক্তবাণী', যাৰ অৰ্থ হ'ল 'স্পষ্ট আৰু পূৰ্ণ অভিব্যঞ্জনা।'[2][3] আনহাতে, ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Language'। যাৰ অৰ্থ 'the faculty of speech'[4] অৰ্থাৎ 'ব্যক্তবাণীৰ দক্ষতা'। 'ভাষা' শব্দটো কেৱল মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য।[3] মানুহৰ বাগিন্দ্ৰীয়ৰদ্বাৰা সীমিত সংখ্যকহে বাগধ্বনি সৃষ্টি হয়। সেই সীমিত বাগধ্বনিকে স্ব-ইচ্ছাৰে প্ৰণালীবদ্ধভাৱে সজাই ভাষাৰ মাধ্যমেৰে মনৰ ভাৱ প্ৰকাশ কৰে।
জীৱশ্ৰেষ্ঠৰূপে পৰিগণিত মানুহৰ অন্তঃজগত আৰু বহিঃজগতত অহৰ্নিশে চলি থকা ভাৱ-চিন্তা বা অনুভূতিবোৰক প্ৰকাশ কৰিবলৈ মানুহে বাগিন্দ্ৰীয়ৰ জৰিয়তে উচ্চাৰণ কৰা কিছুমান ধ্বনি প্ৰতীকৰ সহায় লয়। এই ধ্বনি প্ৰতীকৰ সমষ্টিয়ে যেতিয়া স্বয়ংসম্পূ্ৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়াই ভাষাৰ সৃষ্টি হয়। ধ্বনিতত্ত্ব আৰু ভাষাবিজ্ঞানত এই ধ্বনিসমূহৰ বিষয়ে আলোচনা কৰা হয়।
ভাষা সৃষ্টিত চাৰিটা উপাদানে সহায় কৰে। সেইকেইটা হ'ল : আত্মা, বুদ্ধি, মন আৰু বায়ু। ভাষাৰ সৃষ্টিৰ বাবে প্ৰথমে প্ৰথমে চেতনাৰ প্ৰয়োজন। অচেতন বস্তুৱে একো নুবুজে আৰু একো ক'বও নোৱাৰে। দ্বিতীয়তে প্ৰয়োজন হয় বুদ্ধি। চেতনা, বুদ্ধি থাকিলেও যদি ক'বলৈ ইচ্ছা নাথাকে, তেন্তে ভাষা সৃষ্টি নহয়। আনহাতে, কথা ক'বলৈ ইচ্ছা কৰিলেও ভিতৰৰৰ শ্বাস-বায়ুক বাহিৰলৈ ওলাবলৈ নিদিলে ধ্বনি উৎপন্ন নহয়। ধ্বনি উৎপন্ন নহ'লে ধ্বনি আৰু ধ্বনি সংযোগৰ ফলত মনোভাৱ ব্যক্ত নহয়। গতিকে স্পষ্টভাৱে ক'ব পাৰি যে ভাষা সৃষ্টিৰ বাবে আত্মা, বুদ্ধি, মন আৰু বায়ুৰ নিতান্ত আৱশ্যক। এই চাৰিটা উপাদানৰে সমৃদ্ধ একমাত্ৰ জীৱ হৈছে মানুহ। সেইবাবেই মানুহ বাক্-অধিকাৰী।
সৰ্বসন্মত এটি সংজ্ঞা ভাষাৰ ওপৰত পোৱা নাযায়। ভাষাৰ কামলৈ লক্ষ্য কৰি ভাষাবিজ্ঞানী, দাৰ্শিনক, সমালোচক তথা লেখকসকলে ভিন্ন ভিন্ন ধৰণে ভাষাৰ সম্পৰ্কে সংজ্ঞা আগবঢ়াইছে। তাৰে কিছুমান লোকৰ সংজ্ঞা তলত উদ্ধৃত কৰা হ'ল :
ওপৰৰ সংজ্ঞাসমূহৰ পৰা এটি ধাৰণাৰ কৰিব পাৰি যে- মানুহে নিজ ইচ্ছাৰে বাগিন্দ্ৰীয়ৰ দ্বাৰা উচ্চাৰিত কৰা সু-সংগঠিত, সু-পৰিকল্পিত আৰু যাদৃচ্ছিক প্ৰতীকৰ অৰ্থবহ এক পদ্ধতি, যাৰ দ্বাৰা বিশেষ জনসমষ্টিয়ে পৰস্পৰে ভাৱৰ আদান-প্ৰদান কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলায়।
ভাষা কেনেকৈ উৎপত্তি হ'ল, এই সম্পৰ্কে পণ্ডিতসকলৰ মাজত যথেষ্ট আলোচনা হৈছে, কিন্তু কোনো এজন পণ্ডিতে সিদ্ধান্ত দিব পৰা নাই। ঊনবিংশ শতিকাৰ আগলৈকে পণ্ডিতসকলৰ মনত ভাষা সৃষ্টিৰ ক্ষেত্ৰ 'ভগৱানৰ প্ৰত্যক্ষ দান' এই ধাৰণাটো সোমাই আছিল। কিন্তু আধুনিক ভাষাবিজ্ঞানীসকলে এই ধাৰণাটো মানি ল'ব নোখোজে। বিশেষকৈ জে.ডি.হাৰ্ডাৰৰ 'The Origin of Language' নামৰ গ্ৰন্থখন ৰচনাৰ পাছত ভাষাবিজ্ঞানীসকলৰ মনৰ পৰা ভাষা 'ভগৱানৰ প্ৰত্যক্ষ দান' এই ধাৰণাটো আঁতৰি যায়।
ভাষাৰ উৎপত্তিৰ ইতিহাস ৰহস্যৰ কুঁৱলীৰে আবৃত যদিও ভাষাৰ উৎপত্তি সম্পৰ্কে বহুতো সূত্ৰ পোৱা যায়। এই সূত্ৰসমূহ অনুকৰণবাদ, ইংগিতধৰ্মিতা, প্ৰতীক, সহজাত প্ৰবৃত্তি আদিৰ লগত সম্পৰ্কজনিত। ভাষাৰ উৎপত্তি সম্পৰ্কীয় এই সূত্ৰসমূহ তলত উল্লেখ কৰা হ'ল[6] -
মানুহ স্বাভাৱিকতে অনুকৰণশীল। পণ্ডিতসকলে অনুকৰণৰ পৰাই ভাষাৰ জন্ম হৈছে বুলি অনুমান কৰি লয়। আদিম কালত মানুহে পাৰিপাৰ্শ্বিক জগতৰ জীৱ-জন্তুৰ মাতৰ অনুকৰণত কিছুমান শব্দ সৃষ্টি কৰি লৈছিল। মেকুৰীৰ মাত - মেউ মেউ, কুলিৰ মাত - কুউ কুউ আদি শব্দৰ পৰা ধ্বন্যাত্মক শব্দৰ সৃষ্টি হৈছিল। বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি, কীট-পতংগ আদিৰ মাত সুকীয়া। এনেদৰে জীৱ-জন্তুৰ মাত অনুকৰণৰ দ্বাৰাই মানুহে ভাষাৰ অনুশীলন কৰিবলৈ শিকে। জীৱ-জন্তুৰ বাহিৰেও প্ৰাকৃতিক জগতৰ অন্যান্য বস্তুৰ পৰা সৃষ্টি হোৱা ধ্বনিৰ অনুকৰণৰ দ্বাৰাও শব্দ সৃষ্টি কৰা হৈছিল। যেনে:- কেৰ-কেৰ, মেৰ-মেৰ, জন-জন ইত্যাদি।
মানুহৰ কিছুমান সহজাত প্ৰবৃত্তি আছে। এই সহজাত প্ৰবৃত্তিসমূহে ভাষা সৃষ্টিত ইন্ধন যোগাই আহিছে। মানুহে সুখ-দুখ, আনন্দ-বিষাদ, বিস্ময়, ক্ৰোধ আদি প্ৰকাশ কৰিবলৈ মুখেৰে কিছুমান শব্দ উচ্চাৰণ কৰে। যেনে - উহ্, আঃ, বাঃ বাঃ আদি। কিন্তু প্ৰত্যেক ভাষাৰে এনে ভাব প্ৰকাশক শব্দবোৰ সুকীয়া সুকীয়া। মানুহৰ মনৰ ভাব প্ৰকাশক এনে শব্দবোৰে পাছলৈ ভাষা সৃষ্টিত ইন্ধন যোগাইছে বুলি ভবাৰ থল আছে। মনৰ ভাবৰ লগত সংগতি থকা এই সূত্ৰটোক মেক্সমূলাৰে 'pooh-pooh theory' বুলি অভিহিত কৰিছিল।
কিছুমান বস্তুত বৰ জোৰেৰে আঘাত কৰিলে টং টং শব্দ; ডবা এটাত কোবালে ধুম ধুম, ধাম ধাম; ঢোল এটা বজালে ধিং দাও, ধিং দাও আদি শব্দৰ সৃষ্টি হয়। বিভিন্ন বস্তুত আঘাত কৰাৰ পাছত সৃষ্টি হোৱা শব্দবোৰ মানুহৰ কাণত প্ৰতিধ্বনিত হয়, অৰ্থাৎ মানুহে শুনিবলৈ পায়। এনেদৰে বস্তুৰ মাধ্যমেদি সৃষ্টি হোৱা শব্দবোৰে ভাষা বিকাশত অৰিহণা যোগাইছিল বুলি পণ্ডিতসকলে অনুমান কৰে। মেক্সমূলাৰে ভাষা সৃষ্টিৰ এই সূত্ৰটোক প্ৰথমে সমৰ্থন কৰিছিল যদিও পাছলৈ সমৰ্থন কৰা নাছিল।
ইংগিতৰ পৰা ভাষাৰ সৃষ্টি হ'ব পাৰে, এই সূত্ৰটোৰ প্ৰধান বক্তা হ'ল মাউথ গেইছাৰ (Mouth Gesture)। মানুহে বিভিন্ন অংগী-ভংগীৰে ভাব প্ৰকাশ কৰে, আনকি জীৱ-জন্তুৱেও নানা চিৎকাৰেৰে বিশেষ অৰ্থ প্ৰকাশ কৰিব খোজে। কলা-বোবা মানুহে ভাব প্ৰকাশ কৰিবলৈ অংগী-ভংগী ব্যৱহাৰ কৰে, নৃত্য পটীয়সীয়ে অংগী-ভংগী বা হস্ত মুদ্ৰাৰ সহায়ত সীমিত সংখ্যক ভাব বিনিময় কৰে, কোনো কথা বা কামৰ সন্মতি প্ৰকাশ কৰা বুজাবলৈ মানুহে মুখেৰে শব্দ উচ্চাৰণ নকৰি মূৰ দুপিয়ায়, এনেদৰে ইংগিতৰ সহায়ত ভাব প্ৰকাশ কৰিবলৈ যত্ন কৰে। এই সূত্ৰটোৰ মতে ই চাৰিটা স্তৰ অতিক্ৰম কৰি আহিছে বুলি ধৰা হয়। প্ৰথম স্তৰত মানুহে শোক, দুখ, ভয়, ক্ৰোধ আদি অনুভূতিবোৰ প্ৰকাশ কৰিবলৈ জন্তুৰ দৰে কিছুমান প্ৰতীকাত্মক ধ্বনি প্ৰকাশ কৰিছিল। দ্বিতীয় স্তৰৰ জীৱ-জন্তু বা অন্যান্য বস্তুৰ দ্বাৰা সৃষ্টি হোৱা ধ্বনিবোৰ অনুকৰণৰ দ্বাৰা আয়ত্ত কৰিছিল। তৃতীয় স্তৰত মানুহে কিছুমান শব্দ আহৰণ কৰিছিল আৰু চতুৰ্থ স্তৰত ক্ৰমান্বয়ে মনৰ ভাব প্ৰকাশক কিছুমান শব্দ সৃষ্টি কৰি লৈছিল বুলি ভবা হয়।
মানুহে কোনো গধুৰ বস্তু দাঙিবলৈ শাৰীৰিক বল বা শক্তি খটুৱায়। এনেদৰে আদিম মানৱেও কোনো কাৰ্য কৰোঁতে শৰীৰৰ বল প্ৰয়োগ কৰিছিল। এনে কৰোঁতে শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ মুখেৰে কিছুমান শব্দ উচ্চাৰণ কৰিছিল। উদাহৰণস্বৰূপে এজোপা ডাঙৰ গছ আঁতৰাবলৈ, শিল এটা বগৰাবলৈ বা আন গধুৰ বস্তু দাঙিবলৈ বা আঁতৰাবলৈ বল প্ৰয়োগ কৰোঁতে মুখেৰে 'হেইয়া-হো-হৈ-চো' আদিৰ দৰে বিভিন্ন ধ্বনি উচ্চাৰণ কৰিছিল। এনেদৰে উচ্চাৰিত হোৱা ধ্বনিসমূহৰ পৰাই ভাষাৰ সৃষ্টি হোৱা বুলি অনুমান কৰা হয়। ঊনবিংশ শতিকাৰ নয়ৰ নামৰ পণ্ডিতে ভাষা সৃষ্টিৰ এই সূত্ৰ আগবঢ়ায় আৰু এ.এছ.ডায়মণ্ড (A. S. Diamond)[6] নামৰ আন এজন পণ্ডিতে এই সূত্ৰৰ ব্যাখ্যা দাঙি ধৰে।
অট' জেচ্ পাৰচনে সংগীতৰ পৰা ভাষা সৃষ্টি হৈছে এই সূত্ৰটো সমৰ্থন কৰিছিল। তেওঁৰ মতে[7] - মানুহৰ মনত ক্ৰিয়া কৰা সাংগীতিক মধুৰতাৰ পৰা ভাষাৰ জন্ম হৈছে। ভাষাৰ উচ্চাৰণৰ এই মধুৰতাক নিশাৰ সংগীত আৰু নাইটিংগেলৰ মধুৰ সংগীতৰ লগত তুলনা কৰিছে। সংগীত সৃষ্টিৰ এই সূক্ষ্ম অনুভূতিবোৰেও ভাষাৰ সৃষ্টিত ইন্ধন যোগাই আহিছে বুলি পণ্ডিতসকলে ধাৰণা কৰে।
মানুহৰ মন আৰু বুদ্ধিৰ বিকাশৰ লগে লগে ভাষাইও বিকাশৰ পথত আগবাঢ়ে। এনেদৰে প্ৰাচীনকালৰ পৰাই ভাষাই ক্ৰমবিকাশৰ মাজেৰে বৰ্তমানৰ অৱস্থা পাইছে বুলি পণ্ডিতসকলে ধাৰণা কৰে। অট' জেচ্ পাৰচনৰ ধাৰণা যে[8] - 'ভাষা এনে এটা স্তৰৰ পৰা উৎপন্ন হৈছে, যি সময়ত নেকি ডিঙি আৰু মুখৰ মাংসপেশীবোৰৰ চালনা আৰু কিছু সুৱদি নাইবা আচৰিত ধ্বনি উচ্চাৰণ কৰি নিজে আনন্দ লাভ কৰা নাইবা আনক আনন্দ দিয়াৰ বাহিৰে আন একো উদ্দেশ্য নাছিল। এনে আনন্দ দান বা আনন্দ লাভ কৰাৰ উদ্দেশ্যতে ভাষাৰ সৃষ্টি হোৱা বুলিও অনুমান কৰিব পাৰি যায়। '
ভাষাৰ বৈশিষ্ট্যসমূহ হ'ল :
ভাষাৰ উপাদান বুলিলে - ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ এই চাৰিটা উপাদানৰ কথাকে বুজা যায়। ধ্বনি, ৰূপ, বাক্য এইকেইটাক কোনো ভাষাবিদে ভাষাৰ মৌলিক উপাদান বুলি উল্লেখ কৰিছে। প্ৰকৃতাৰ্থত ভাষা এটাৰ গঠন প্ৰক্ৰিয়াত ভাষাৰ উক্ত উপাদানকেইটা অন্তনিৰ্হিত হৈ থাকে। এইবোৰ স্তৰে স্তৰে সৰুৰে পৰা ডাঙৰলৈকে লানি নিছিগাকৈ খাপ খাই থাকে। ভাষা এটাৰ গঠন প্ৰণালী অৰ্থাৎ উচ্চাৰিত ধ্বনি, ধ্বনি বিন্যাস, ৰূপ, ৰূপ সংযোগ, বাক্য আৰু অৰ্থ প্ৰতিপাদনৰ কৌশল অতি ৰীতিসন্মত আৰু প্ৰণালীবদ্ধ।
ভাষাত কিছুমান বাগ্ধ্বনি উচ্চাৰিত হয়। এই ধ্বনিবোৰে অকলে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে। কিন্তু ধ্বনিবোৰৰ সংযোগত ৰূপ সৃষ্টি কৰিলে অৰ্থৰ প্ৰকাশ ঘটে। যেনে - 'মৰম' শব্দৰ ম-ৰ-ম এই তিনিটা ধ্বনিক অকলশৰীয়াকৈ উচ্চাৰণ কৰিলে কোনো অৰ্থ বহন নকৰে।
ধ্বনিবোৰৰ সংযোগ ঘটালে ৰূপৰ সৃষ্টি হয়। যেনে- 'মৰম' শব্দৰ ম-ৰ-ম এই তিনিটা ধ্বনিক অকলশৰীয়াকৈ উচ্চাৰণ কৰিলে কোনো অৰ্থ বহন নকৰে; কিন্তু 'মৰম' এই তিনিওটা একেলগে সংযোগ কৰিলে 'মৰম' ৰূপ অৰ্থযুক্ত হয়।
ৰূপবোৰৰ সংযোগত 'বাক্য' সৃষ্টি কৰা হয়। যেনে- তোমাৰ প্ৰতি মোৰ মৰম আছে। প্ৰকৃততে বাক্যৰ সহায়ত আমি মনৰ ভাব প্ৰকাশ কৰোঁ। এই বাক্যবোৰ কিছুমান ৰূপৰ সমষ্টি।
ৰূপ আৰু বাক্যবোৰে অৰ্থৰ প্ৰকাশ ঘটায় অৰ্থাৎ অৰ্থযুক্ত হ'ব লাগে। যেনে - তোমাৰ প্ৰতি মোৰ মৰম আছে - এই বাক্যটোৱে এটি অৰ্থৰ প্ৰকাশ ঘটাইছে। ধ্বনি, ৰূপ আৰু বাক্যক খণ্ডিত কৰি দেখুৱাব পাৰি; কিন্তু অৰ্থক খণ্ডিত কৰি দেখুৱাই দিব নোৱাৰি। ভাষাৰ গঠন প্ৰণালীৰ আঁহে আঁহে সঞ্চাৰিত হৈ আছে ভাষাৰ প্ৰাণ অৰ্থাৎ অৰ্থ। ধ্বনি, ৰূপ, বাক্য আদি ভাষাৰ উপাদানসমূহক ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰতমলৈ ভাগ ভাগ কৰি দেখুৱাব পাৰি। কিন্তু অৰ্থক বিশ্লেষণ কৰিব নোৱাৰি।
সুৰ-লহৰ, শ্বাসাঘাত, সন্ধি এইকেইটাও ভাষাৰ উপাদানৰ ভিতৰুৱা। ধ্বনি, ৰূপ, বাক্য এইকেইটা অনুক্ৰম বৰ্ণৰে নিৰ্মিত, কিন্তু সুৰ-লহৰ আৰু শ্বাসাঘাত উপাহিত বৰ্ণৰে গঠিত, ইয়াক ক্ৰম কৰি দেখুৱাই দিব নোৱাৰি। কেৱল বাক্য কওঁতে ইয়াৰ প্ৰকৃত মৰ্ম উপলব্ধি কৰিব পাৰি। সুৰ-লহৰ, শ্বাসাঘাত, সন্ধি আদিৰ সহায়ত বাক্যৰ অৰ্থৰ সুকীয়া কৰিব পাৰি। সেইবাবে বক্তাই একোটা বাক্যকে ভিন্ন ধৰণে উচ্চাৰণ কৰি ভিন্ন ভাব প্ৰকাশ কৰিব পাৰে। সুৰ-লহৰ, শ্বাসাঘাত, সন্ধি এইকেইটাৰ বিষয়ে তলত চমুকৈ উদাহৰণসহ উল্লেখ কৰা হ'ল -
সুৰ-লহৰে বাক্যৰ অৰ্থৰ ভিন্ন প্ৰকাশ ঘটায়। যেনে-
তোমাৰ ভোক লাগিছে! (মৃদু অনুৰোধ)
তোমাৰ ভোক লাগিছে? (প্ৰশ্নসূচক)
তুমি ইয়াত কি কৰিছা?
তুমি ইয়াত কি কৰিছা?
তুমি ইয়াত কি কৰিছা?
ওপৰৰ বাক্য তিনিটাত শব্দৰ ব্যৱহাৰ আৰু ক্ৰম একে যদিও প্ৰতিবাৰে বাক্যকেইটা উচ্চাৰণ কৰোঁতে কি, কৰিছা, ইয়াত বেলেগ বেলেগ শব্দত শ্বাসাঘাত বা বলাঘাত পৰাৰ বাবে অৰ্থ সুকীয়া হৈছে।
সন্ধিৰ তাৰতম্যই বাক্যৰ অৰ্থ সলনি কৰে। যেনে-
সিপাৰলৈ গ'ল = সি + পাৰ + লৈ গ'ল৷
সি পাৰ লৈ গ'ল = সি + পাৰলৈ গ'ল৷
সি পাৰলৈ গ'ল = সিপাৰ + লৈ গ'ল।
ৰাষ্ট্ৰসংঘই ৬টা ভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি দিছে। সেইকেইটা হ'ল : আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰুছ আৰু স্পেনীছ। ৰাষ্ট্ৰসংঘ গঠনৰ সময়তেই ইয়াৰে পাঁচটা ভাষাক নিৰ্বাচিত কৰা হৈছিল (ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ দেশীয় ভাষাসমূহৰ লগতে স্পেনীছ ভাষাক)। আৰবী ভাষাক ১৯৭৩ চনত যোগ কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ কামকাজত ইংৰাজী আৰু ফৰাচী, এই দুটা ভাষাক ব্যৱহাৰ কৰা হয়। ৰাষ্ট্ৰসংঘৰ কাৰ্য্যালয়ৰ স্বীকৃত ভাষাৰ সংখ্যা কমাব লাগে নে (উদাহৰণ স্বৰূপে, কেৱল ইংৰাজী) বঢ়াব লাগে তাক লৈ সঘনাই বিবাদ হৈ থাকে। ২০০১ চনত স্পেনীছ ভাষা অধ্যুষিত ৰাষ্ট্ৰসমূহে স্পেনীছ ভাষাই ইংৰাজী ভাষাৰ সমপৰ্য্যায়ৰ মৰ্য্যদা নোপোৱা বুলি অভিযোগ তুলিছিল। হিন্দী ভাষাক ৰাষ্ট্ৰসংঘৰ সপ্তম চৰকাৰী ভাষাৰূপে স্বীকৃতি দিব লাগে বুলিও দাবী তোলা হৈছে। ইংৰাজী ভাষাৰ বাবে ৰাষ্ট্ৰসংঘই ব্ৰিটিছ ব্যৱহাৰ আৰু অক্সফ'ৰ্ডৰ দ্বাৰা অনুমোদিত মান্য বানানক অনুসৰণ কৰে।
হিন্দী ভাষা ভাৰতৰ অধিকাৰিক (চৰকাৰী) ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.