ৰীমা দাস পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ From Wikipedia, the free encyclopedia
ভিলেজ ৰকষ্টাৰ্ছ ৰীমা দাসৰ দ্বাৰা পৰিচালিত এখন অসমীয়া বোলছবি।[1] বোলছবিখন ২০১৭ চনত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বহুতো পুৰস্কাৰ অৰ্জন কৰিছে। বোলছবি নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা ৰীমা দাসৰ এইখন দ্বিতীয় পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি। লগতে ৰীমা দাস এই ছবিৰ চিত্ৰনাট্যকাৰ, কাৰ্যবাহী নিৰ্মাতা, সম্পাদক, চিত্ৰনাট্যকাৰ, আৰু প্ৰডাক্টচন ডিজাইনাৰ।[2] ছবিখন চিনেমা গৃহত মুক্তি লাভ কৰে ২০১৮ৰ ২৮ ছেপ্তেম্বৰত।[3]
ভিলেজ ৰকষ্টাৰ্ছ Village Rockstars | |
---|---|
ভিলেজ ৰকষ্টাৰ্ছ বোলছবিৰ পোষ্টাৰ | |
পৰিচালক | ৰীমা দাস |
ৰচনা | ৰীমা দাস |
প্ৰযোজক | ৰীমা দাস জয়া দাস |
অভিনয়ত | ভণিতা দাস |
চিত্ৰগ্ৰহণকাৰী | ৰীমা দাস |
সম্পাদনা | ৰীমা দাস |
সংগীত পৰিচালক | নিলোৎপল বৰা |
পৰিবেশক | ফ্লাইং ৰিভাৰ ফ্লিমছ |
মুক্তি |
২০১৭ |
দৈৰ্ঘ্য |
৮০ মিনিট |
দেশ | ভাৰত |
ভাষা | অসমীয়া (কামৰূপী উপভাষা) |
বোলছবি খনৰ কাহিনী এগৰাকী কিশোৰী ধুনু আৰু তাইৰ সপোনৰ আধাৰত। সমাজৰ ঘাট-প্ৰতিঘাতৰ মাজতো তাই নিজৰ এটা বেণ্ড গঠন কৰা সপোন বুকুত কঢ়িয়াই ফুৰে। ১০ বছৰীয়া ধুনু (ভণিতা দাস) তাইৰ বিধৱা মাক (বাসন্তী দাস) আৰু ককায়েক মনৱেন্দ্ৰৰ (মনৱেন্দ্ৰ দাস) লগত কামৰূপ জিলাৰ ছয়গাঁৱত বাস কৰে। ধুনুৰ মাকে এখনি সৰু দোকানৰ জৰিয়তে পৰিয়ালৰ পোহ-পাল কৰে। এদিন মাকৰ লগত স্থানীয় অনুষ্ঠান এটিত দোকানৰ কামত সহায় কৰি থাকোঁতে ধুনুৱে এটা বেণ্ডৰ অনুষ্ঠান দেখিলে। বেণ্ডৰ অনুষ্ঠান দেখি ধুনুৰ নিজাকৈ এটা গীটাৰ লোৱাৰ সপোন দেখিছিল। গাঁৱৰ লৰা-ছোৱালীয়ে সেই বেণ্ডক নকল কৰি সততে পোৱা বস্তুৰে বাদ্য সাজি বেণ্ড বেণ্ড খেলিবলৈ ধৰিলে। ধুনুৱে ৰকষ্টাৰ জিমি হেন্দ্ৰিস্কক অনুসৰণ কৰি এটা নকল গীটাৰ অনবৰতে কঢ়িয়াই ফুৰিব ধৰিলে।
ধুনুয়ে এক কমিক্স কিতাপ পঢ়ি এটা আচল বেণ্ড গঠন কৰি, আচল বাদ্যযন্ত্ৰ বজাবলৈ মনস্থ কৰে। তাৰপিছত এটকা এটকাকৈ সাঁচি তাই নিজৰ এটা বৈদ্যুতিক গীটাৰ কিনাৰ সপোন দেখে। টুকুৰা বাতৰি কাকতৰ এটা প্ৰবন্ধ পঢ়ি ধুনুৰ মন আৰু বেছি দৃঢ় হয়। তাই বুজি পায় যে ধনান্মক চিন্তাৰ দ্বাৰা তাইৰ সপোন সাৰ্থক হব।[4]
বোলছবিখন কামৰূপী উপভাষাত নিৰ্মাণ কৰা হৈছে।
২০১৭ চনত ভিলেজ ৰকষ্টাৰ্ছে "ফিল্ম ক্ৰিটিকছ্ চাৰ্কল অৱ ইণ্ডিয়া"ৰ শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ বঁটা লাভ কৰে৷[5] বিচাৰক ডাল্টন এলে ছবিখনক মাইলষ্টোনৰ লগত তুলনা কৰে ("a milestone film of sorts") আৰু তাৰে লগত সংযোজন কৰি কয় যে-
"Village Rockstars epitomises the trials and tribulations, and heralds the coming of age, of a filmmaker, of her protagonist, and of the indie film movement in India".
আন এগৰাকী বিচাৰক প্ৰিয়ংকা দাসগুপ্তাই কয়-
"Rima Das’ film is a lyrical montage of life and times in contemporary rural India. It subtly draws attention to complex gender issues – sometimes even subverting the conventional gender norms – without ever getting preachy. Bhanita Das – the pint-sized fiery ball of lovable energy – is endearingly natural. But just when one fears that the film might become schmaltzy, the film-maker takes control. The lens speaks volumes, sometimes conveying more than the dialogues. Such a work by a first-time director holds a lot of promise for Indian cinema".
বিচাৰক প্ৰেমচান্দে ছবিখনক "এগৰাকী নাৰীৰ বিষয়ৰ কেন্দ্ৰবিন্দুৰ গভীৰলৈ যাত্ৰা" বুলি অভিহিত কৰে৷ সন্থাৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য শৈবাল ছেটাৰ্জীয়ে ছবিখনৰ পাঁচটা ৰেংকিং দিয়ে আৰু কয় যে-
"A masterwork is usually the result of strict adherence to artistic and functional rules. Village Rockstars respects none: it dons a raw, innocent cloak and exudes a degree of purity that deliberate craft can never bestow on a film... The film stands for something that is always under threat: the courage to ignore the reality that life is exceedingly difficult for cinema that is made on the margins of a giant production machinery and recognize that there always are ways out for those who revel in battling the odds, no matter how daunting, and overcoming them."
[6] ভেৰাইটি আলোচনীৰ এটি সমালোচনাত মেগি লীয়ে মন্তব্য কৰে যে-
"By focusing on tween characters, the picture evokes that freewheeling stage when gender roles are still blurry in the friendships between boys and girls. Then as suddenly as a monsoon, Dhunu’s first period arrives. The rituals held to initiate her into womanhood — making her wear a sari, segregating her from the boys — are seen as attempts to enforce her otherness."
[7] হলিউড ৰিপৰ্টাৰৰ এটি সমালোচনাত দেবোৰাহ ইয়ঙে কয় যে-
"Village Rockstars’ storytelling is so offhand it borders on documentary. The action follows natural rhythms, the seasons, biology."
[8] পিছটবাৰ্গ চিটি পেপাৰৰ এটি আলোচনাত হান্না লিনে ছবিখনক "দ্য ফ্লৰিডা প্ৰজেক্ট"ৰ লগত তুলনা কৰে আৰু মন্তব্য কৰে যে-ছবিখন aimless without being pointless.[9] দ্য গ্লোব এণ্ড মেইলত বেৰি হাৰ্টজে ছবিখনক " সুদৃঢ় আৰু শৃংখলিত" বুলি প্ৰশংসা কৰি চাৰিৰ ভিতৰত ৩.৫ টা ষ্টাৰ দিয়ে৷[10] বাতৰিকাকত নাউত ৰাধেয়ান ছিমনপিল্লায়ে ছবিখনক চাৰিটা ষ্টাৰ প্ৰদান কৰে আৰু একাডেমীলৈ মনোনীত নোহোৱাৰ বাবে বিষোদগাৰ প্ৰকাশ কৰে৷ তেওঁ এই বিস্ময়কৰ, কাব্যময় ছবিখনক ৰোমা, কোল্ড ৱাৰ, কেপাৰনম বা নেভাৰ লুক এৱেতকৈ অগ্ৰাধিকাৰ দিলেহেঁতেন বুলি মন্তব্য কৰে৷ [11]
বৰ্তমান ৰটেন টোমেট'ছত এই ছবিখনে ১৫ টা সমালোচনাৰ ভিত্তিত ৯৩% অনুমোদন লাভ কৰি আছে৷ দহৰ ভিতৰত গড় ৰেটিং হৈছে ৭.৯৭ ৷ [12] আনহাতে ইণ্টাৰনেট মুভি ডাটাবেছত ছবিখনৰ ৰেটিং হৈছে ৭.৩৷ [13]
অনুষ্ঠানৰ নাম | দিনাংক | শাখা | প্ৰাপক আৰু মনোনীতসকলৰ নাম | ফলাফল | তথ্যসূত্ৰ |
---|---|---|---|---|---|
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবিৰ একাডেমী বঁটা | ৯১ সংখ্যক একাডেমী বঁটা, ২৪-০২-২০১৯ | শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ একাডেমী বঁটা | ভাৰতৰ অ'ফিচিয়েল এণ্ট্ৰি | অমনোনীত | [14][15] |
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৩-০৪-২০১৮ | শ্ৰেষ্ঠ চলচ্চিত্ৰ | ৰীমা দাস | বিজয়ী | [16] |
শ্ৰেষ্ঠ শিশুশিল্পীৰ ৰাষ্ট্ৰীয় বঁটা | ভনিতা দাস | বিজয়ী | |||
শ্ৰেষ্ঠ অডিঅ'গ্ৰাফীৰ ৰাষ্ট্ৰীয় বঁটা, শ্ৰেষ্ঠ লোকেছন ছাউণ্ড ৰেকৰ্ডিষ্ট | মল্লিকা দাস | বিজয়ী | |||
শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় বঁটা | ৰীমা দাস | বিজয়ী | |||
জিঅ' মামি ছবি মহোৎসৱ ২০১৭ | ১৮-১০-২০১৮ | ইণ্ডিয়া গোল্ড শিতানত শ্ৰেষ্ঠ ছবিৰ গোল্ডেন গেটৱে বঁটা | ভিলেজ ৰকষ্টাৰছ | বিজয়ী | [17] |
লিংগসমতাৰ শ্ৰেষ্ঠ ছবিৰ অক্সফেম বঁটা | ভিলেজ ৰকষ্টাৰ্ছ | বিজয়ী | |||
যুৱ সমালোচকৰ দ্বাৰা নিৰ্বাচিত বঁটা | ভিলেজ ৰকষ্টাৰ্ছ | বিজয়ী | |||
কৰ্ক ছবি মহোৎসৱ | ১১-১১-২০১৭ | গ্ৰাদাম স্পয়ৰড না ফেইলে (Gradam Spiorad Na Féile, Spirit of the Festival Award) | ভিলেজ ৰকষ্টাৰ্ছ | বিজয়ী | [18] |
কাইৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ | ২১-১১-২০১৭ | আন্তঃৰাষ্ট্ৰীয় সমালোচক সপ্তাহ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ কলাত্মক অৱদান | ভিলেজ ৰকষ্টাৰ্ছ | বিজয়ী | [19] |
শিশু আৰু কিশোৰৰ অলিম্পিয়া আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ | ২৬-১১-২০১৭ | শ্ৰেষ্ঠ অভিনেত্ৰী | ভনিতা দাস | বিজয়ী | [20] |
শ্ৰেষ্ঠ পৰিচালক | ৰীমা দাস | বিজয়ী | [20] | ||
বিচাৰকৰ বিশেষ বঁটা | ভিলেজ ৰকষ্টাৰ্ছ | বিজয়ী | [20] | ||
শিশু আৰু কিশোৰৰ স্মাইল আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱ,Siffcy | ১৭-১২-২০১৭ | শ্ৰেষ্ঠ শিশুকেন্দ্ৰিক ছবি | ভিলেজ ৰকষ্টাৰ্ছ | বিজয়ী | [21] |
শ্ৰেষ্ঠ অভিনেত্ৰী | ভনিতা দাস | বিজয়ী | [21] | ||
ছিনে জুনিয়ৰ ছবি মহোৎসৱ, ফ্ৰান্স ২০১৮ | ০১-০১-২০১৮ | গ্ৰেণ্ড প্ৰিক্স (শ্ৰেষ্ঠ ছবি) | ভিলেজ ৰকষ্টাৰ্ছ | বিজয়ী | [22] |
মুয়েষ্ট্ৰা ডে চিনে লানজাৰোটে ২০১৭,স্পেইন | ১৮-০৫-২০১৭ | কিশোৰৰ বাবে শ্ৰেষ্ঠ ছবি | ভিলেজ ৰকষ্টাৰ্ছ | বিজয়ী | [23] |
লছ এঞ্জেলছৰ ভাৰতীয় ছবি মহোৎসৱ | ১৫-০৪-২০১৮ | শ্ৰেষ্ঠ ছবিৰ গ্ৰেণ্ড জুৰীৰ বঁটা | ভিলেজ ৰকষ্টাৰ্ছ | বিজয়ী | [24] |
বুয়েনছ এয়াৰচে ফেষ্টিভেল ইণ্টাৰনেচনেল ডি চিনে ইণ্ডিপেণ্ডিয়েট, আৰ্জেণ্টিনা ২০১৮ | ২২-০৪-২০১৮ | ছিগনিছ বঁটা | ভিলেজ ৰকষ্টাৰ্ছ | বিজয়ী | [25] |
প্ৰাগ চিনে বঁটা ২০১৮ | ২৭-০৫-২০১৮ | শ্ৰেষ্ঠ ছবি | ভিলেজ ৰকষ্টাৰ্ছ | বিজয়ী | [26] |
শ্ৰেষ্ঠ অভিনেতা(মহিলা) | ভনিতা দাস | বিজয়ী | |||
শ্ৰেষ্ঠ সম্পাদনা | ৰীমা দাস | বিজয়ী | |||
শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনাৰ | অমৃত প্ৰীতম | বিজয়ী | |||
বিচাৰকৰ বিশেষ উল্লেখ | বাসন্তী দাস | বিজয়ী | |||
সপ্তম অসম ৰাজ্যিক বঁটা আৰু মহোৎসৱ | ২৯-০৭-২০১৮ | কমল নাৰায়ণ চৌধুৰীৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা | ৰীমা দাস | বিজয়ী | |
শ্ৰেষ্ঠ শব্দ-পৰিকল্পনা (Sound Design) | অমৃত প্ৰীতম | বিজয়ী | |||
শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী | ভনিতা দাস | বিজয়ী | |||
নলীন দুৱৰা শ্ৰেষ্ঠ দৃশ্যগ্ৰহণৰ বঁটা (Cinematography) | ৰীমা দাস | বিজয়ী | |||
তৃতীয় ব্ৰিকছ ছবি মহোৎসৱ, BRICS film festival | ২৭-০৭-২০১৮ | শ্ৰেষ্ঠ অভিনেত্ৰী | ভনিতা দাস | বিজয়ী | |
বিচাৰকৰ বিশেষ বঁটা | ভিলেজ ৰকষ্টাৰ্ছ | বিজয়ী |
^ যিমানদূৰলৈকে সম্ভৱ হৈছে,প্ৰতিটো তাৰিখেই বঁটা প্ৰদান কৰা বৰ্ষ অনুযায়ী প্ৰবন্ধটোৰ লগত সংযুক্ত কৰা হৈছে৷
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.