ভেনকুভাৰ

From Wikipedia, the free encyclopedia

ভেনকুভাৰmap

ভেনকুভাৰ (Vancouver) ব্ৰিটিছ কলম্বিয়াৰ নিম্ন মূল ভূখণ্ড অঞ্চলত অৱস্থিত পশ্চিম কানাডাৰ এখন প্ৰধান চহৰ। ২০২১ চনৰ কানাডাৰ লোকপিয়ল অনুসৰি ৬৬২,২৪৮ গৰাকী জনসংখ্যাৰে এই চহৰখন প্ৰদেশখনৰ আটাইতকৈ জনবহুল চহৰ। ২০২১ চনত মেট্ৰ’ ভেনকুভাৰ অঞ্চলৰ জনসংখ্যা আছিল ২৬ লাখ, যাৰ ফলত ই কানাডাৰ তৃতীয় বৃহত্তম মহানগৰ অঞ্চল হিচাপে পৰিগণিত হৈছে। গ্ৰেটাৰ ভেনকুভাৰৰ জনসংখ্যা ৩০ লাখ আৰু এই অঞ্চলটোৱে ফ্ৰেজাৰ উপত্যকাৰ লগতে নিম্ন মূল ভূখণ্ডক সামৰি লৈছে। কানাডাৰ ভিতৰতে ভেনকুভাৰত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক- প্ৰতি বৰ্গ কিলোমিটাৰত ৫,৭০০ৰো অধিক লোক বাস কৰে। [3]

ক্ষিপ্ৰ তথ্য ভেনকুভাৰ, Country ...
ভেনকুভাৰ
মহানগৰ
ভেনকুভাৰ মহানগৰ
Thumb
ভেনকুভাৰ ডাউনটাউন
Thumb
ভেনকুভাৰৰ কানাডা প্লেচ
Thumb
ভেনকুভাৰৰ ষ্টেনলী পাৰ্ক
Thumb
Science World
Thumb
Vancouver Art Gallery
Thumb
Gastown
Thumb
Harbour Centre
Thumb
Thumb
উপনাম: 
See nicknames of Vancouver
মূলমন্ত্ৰ(সমূহ): 
"By sea land and air we prosper"
Thumb
Location of Vancouver in Metro Vancouver
স্থানাংক: 49°15′39″N 123°06′50″W[1]
Country Canada
Province British Columbia
Regional district Metro Vancouver
First settled 6000–8000 BCE
Established March 10, 1870 (as Granville)
Incorporated April 6, 1886 (as Vancouver)
Amalgamated January 1, 1929
নামকৰণ কৰা হৈছে George Vancouver
Seat Vancouver City Hall
চৰকাৰ
  ধৰণ Mayor-council government
  পৰিচালনা Vancouver City Council (11 members)
  Mayor Ken Sim (ABC Vancouver)
কালি
  মহানগৰ 123.63 km2 (47.73 sq mi)
  ভূমি 115.18 km2 (44.47 sq mi)
  নগৰ 911.64 km2 (351.99 sq mi)
  মেট্ৰ’
2,878.93 km2 (1,111.56 sq mi)
সৰ্বোচ্চ উচ্চতা
(Little Mountain)
152 m (501 ft)
সৰ্বনিম্ন উচ্চতা
0 m (0 ft)
জনসংখ্যা
 (2021)
  ঘনত্ব 5,749.9/km2 (14,892/sq mi)
   স্থান 1st in Canada
  মেট্ৰ’ ঘনত্ব 918.0/km2 (2,378/sq mi)
  Region
30,49,496
বন্ধ কৰক

ভেনকুভাৰ কানাডাৰ জাতিগত আৰু ভাষিকভাৱে বৈচিত্ৰময় চহৰসমূহৰ ভিতৰত অন্যতম: ইয়াৰ ৪৯.৩ শতাংশ বাসিন্দাই স্থানীয়ভাৱে ইংৰাজীৰ সলনি অন্য ভাষা কয়, ৪৭.৮ শতাংশই ইংৰাজী বা ফৰাচী ভাষী নহয় আৰু ৫৪.৫ শতাংশ বাসিন্দা দৃশ্যমান সংখ্যালঘু (visible minority) গোটৰ অন্তৰ্গত।[4][5] এই মহানগৰখনক কানাডা আৰু বিশ্বৰ ভিতৰতে আটাইতকৈ বসবাসযোগ্য চহৰসমূহৰ ভিতৰত অন্যতম হিচাপে ধাৰাবাহিকভাৱে স্থান দিয়া হৈছে।[6][7][8]অৱশ্যে ঘৰ বা বাসস্থানৰ মূল্যৰ ক্ষেত্ৰত ভেনকুভাৰ কানাডা আৰু বিশ্বৰ অন্যতম ব্যয়বহুল চহৰ।[9]

১০,০০০ বছৰতকৈও অধিক পূৰ্বে ভেনকুভাৰত খিলঞ্জীয়া লোকৰ বসতি আৰম্ভ হৈছিল। এইসকলৰ মাজত স্কুয়ামিছ (Squamish), মাস্কুয়াম (Musqueam), আৰু শ্লেইল-ৱাউটুথ (Tsleil-Waututh) জনগোষ্ঠীয়ে প্ৰধান। আধুনিক চহৰখনৰ আৰম্ভণি ১৮৬৭ চনৰ ১ জুলাইত নিৰ্মাণ কৰা হেষ্টিংছ মিলৰ পশ্চিম প্ৰান্তত থকা এটা অস্থায়ী টেভাৰ্ণৰ আশে-পাশে গঢ় লৈ উঠিছিল। এই ট্ৰেভাৰ্ণৰ মালিক গেছি জেক (Gassy Jack)ৰ নামেৰে ভেনকুভাৰৰ পূৰ্বৰ নাম আছিল গেছটাউন। বৰ্তমান ভেনকুভাৰৰ ডাউনটাউনত থকা গেছটাউনৰ ভাপ ঘড়ীয়ে এই মূল স্থান চিহ্নিত কৰে। পৰৱৰ্তী সময়ত গেছটাউনে আনুষ্ঠানিকভাৱে গ্ৰেনভিল, বুৰাড ইনলেট (Granville, Burrard Inlet) নামেৰে টাউনছাইট হিচাপে পঞ্জীয়ন কৰে। ১৮৮৬ চনত কানাডাৰ পেচিফিক ৰেলৱেৰ সৈতে হোৱা চুক্তিৰ জৰিয়তে চহৰখনৰ নাম "ভেনকুভাৰ" ৰখা হয়। ১৮৮৭ চনৰ ভিতৰত কানাডাৰ প্ৰশান্ত মহাদেশীয় মহাদেশীয় ৰেলপথ চহৰখনলৈ সম্প্ৰসাৰিত কৰা হয়। প্ৰশান্ত মহাসাগৰত থকা চহৰখনৰ বৃহৎ প্ৰাকৃতিক সাগৰীয় বন্দৰটো বৰ্তমান এছিয়া-প্ৰশান্ত মহাসাগৰীয়, পূব এছিয়া, ইউৰোপ আৰু পূব কানাডাৰ বাণিজ্যৰ এক গুৰুত্বপূৰ্ণ সংযোগস্থলত পৰিণত হৈছে।[10][11]

ইতিহাস

প্ৰত্নতাত্ত্বিক তথ্য অনুসৰি ৮,০০০ বছৰৰ পৰা ১০,০০০ বছৰ আগৰে পৰা ভেনকুভাৰ অঞ্চলত খিলঞ্জীয়া লোকসকলে বাস কৰি আহিছে।[12][13] বৰ্তমানৰ ভেনকুভাৰৰ বিভিন্ন ঠাই যেনে ষ্টেনলি পাৰ্ক, ফলছ ক্ৰিক, কিটচিলান', পইণ্ট গ্ৰে আৰু ফ্ৰেজাৰ নদীৰ মুখৰ ওচৰত ক'ষ্ট চেলিছ (Coast Salish ) গোটৰ স্কুয়ামিছ (Squamish), মাস্কুয়াম (Musqueam) আৰু শ্লেইল-ৱাটুথ (Tsleil-Waututh) (বুৰাড) জনগোষ্ঠীৰ গাঁও আছিল।[14][15][16]

স্পেইনৰ হ'জে মাৰিয়া নাৰ্ভাজ (José María Narváez) নামৰ এগৰাকী নৌসেনাৰ বিষয়া আৰু অভিযাত্ৰীয়ে ১৭৯১ চনত বৰ্তমানৰ পইণ্ট গ্ৰেৰ উপকূল আৰু বুৰাড ইনলেটৰ কিছু অংশ অন্বেষণ কৰাৰ সময়তহে পোনপ্ৰথমে ইউৰোপীয়সকল ভেনকুভাৰৰ সৈতে পৰিচিত হৈছিল বুলি জনা যায়। অৱশ্যে অন্য এক তথ্য অনুসৰি তাৰো পূৰ্বে ১৫৭৯ চনত ফ্ৰান্সিছ ড্ৰেকে এই অঞ্চল ভ্ৰমণ কৰিছিল।[17] ১৮৫৮ চনৰ ফ্ৰেজাৰ নদীত সোণ অন্বেষণ (Fraser Gold Rush) ৰ সময়ত মূলতঃ কেলিফৰ্ণিয়াৰ পৰা ২৫,০০০ ৰো অধিক লোক এই অঞ্চললৈ আহে আৰু ফ্ৰেজাৰ নদীৰ ওচৰৰ নিউ ৱেষ্টমিনিষ্টাৰ (১৮৫৯ চনৰ ১৪ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠিত)-ত থিতাপি লয়। [18][19][20] অৱশ্যে বৰ্তমানৰ ভেনকুভাৰত প্ৰথম ইউৰোপীয় বসতিস্থল আৰম্ভ হৈছিল ১৮৬২ চনত ফ্ৰেজাৰ নদীৰ মেকক্লিৰীজ ফাৰ্ম (McCleery's Farm)ত। সেইদিশৰ পৰা ভেনকুভাৰ ব্ৰিটিছ কলম্বিয়াৰ আটাইতকৈ কম বয়সীয়া চহৰসমূহৰ ভিতৰত এখন।[21]

তথ্যউৎস

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.