ভেল্লোৰ বিদ্ৰোহ (ইংৰাজী: Vellore mutiny) নাইবা ভেল্লোৰ বিপ্লৱ (১০ জুলাই ১৮০৬) আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ভাৰতীয় চিপাহীৰ দ্বাৰা বৃহৎ সংখ্যাত সূচনা হোৱা প্ৰথম পৰ্যায়ৰ হিংসাত্মক সংগ্ৰাম৷ ইয়াৰ পিছত প্ৰায় অৰ্ধ শতিকাৰ পিছত ১৮৫৭ চনত চিপাহী বিদ্ৰোহ আৰম্ভ হয়৷ ভেল্লোৰ বিদ্ৰোহৰ সূচনা হৈছিল দক্ষিণ ভাৰতীয় চহৰ ভেল্লোৰত৷ এই বিদ্ৰোহ সম্পূৰ্ণ এটা দিন জাৰি থাকে৷ বিদ্ৰোহীসকলে ভেল্লোৰ দূৰ্গ দখল কৰে আৰু ২০০জন ব্ৰিটিছ সৈন্যক হতাহত কৰে৷ এই বিদ্ৰোহটো আৰ্কোট ভেল্লোৰৰ অশ্বাৰোহী আৰু কামান বাহিনীৰ দ্বাৰা দমন কৰা হৈছিল৷ বিদ্ৰোহীসকলৰ প্ৰায় ৩০০ গৰাকী বিদ্ৰোহীৰ মৃত্যু হৈছিল৷ একাংশ চিপাহীক কৰ্ট মাৰ্শ্বেল কৰা হৈছিল৷[1]

উক্ত বিদ্ৰোহৰ তাৎক্ষণিক কাৰণ হিচাপে চিপাহীৰ পৰিৱৰ্তিত পোছাকৰ দিশটো উনুকিয়াব পাৰি৷ ১৮০৫ চনৰ নৱেম্বৰ মাহত এই সিদ্ধান্তটো লোৱা হৈছিল৷ হিন্দুসকলক তেওঁলোকৰ কপালত পৰম্পৰাগত ধৰ্মীয় চিহ্ন আঁকিবলৈ বাধা দিয়া হৈছিল আৰু মুছলিমসকলক দাড়ি খুৰাবলৈ আৰু মোছ কাটিবলৈ নিৰ্দেশ দিয়া হৈছিল৷ ইয়াৰ লগতে মাদ্ৰাছ আৰ্মীৰ সেনাধ্যক্ষ জেনেৰেল ছাৰ জন ক্ৰেডকে[2] এটা ঘূৰণীয়া টুপি পিন্ধিবলৈ নিৰ্দেশ দিছিল৷ নতুনকৈ সংযোজিত হোৱা এই শিৰস্ত্ৰাণটোত চামৰাৰ টুকুৰা আছিল আৰু প্ৰচলিত পাগুৰিৰ ব্যৱহাৰ পৰিহাৰ কৰা হৈছিল৷[3] এই সিদ্ধান্তটোৱে হিন্দু আৰু মুছলমান চিপাহীৰ অনুভূতিত আঘাত হানে৷ [2]

এই পৰিৱৰ্তনসমূহে মানুহৰ "সৈনিকৰ ৰূপ"টো উন্নত কৰিবলৈ প্ৰয়াস কৰা হৈছিল, কিন্তু ইয়াৰ ফলত ভাৰতীয় সৈন্যৰ মাজত গভীৰ অসন্তুষ্টিৰহে সৃষ্টি কৰিছিল৷ ১৮০৬ চনৰ মে' মাহত নতুন নিয়মৰ বিৰোধিতা কৰা কেইজনমান বিদ্ৰোহীক মাদ্ৰাছৰ ছেইণ্ট জৰ্জ দূৰ্গলৈ পঠিওৱা হৈছিল৷ এই দুয়োজন হিন্দু আৰু মুছলিম ব্যক্তিক নবৈটা চাবুকৰ কোব শোধোৱা হৈছিল আৰু আৰ্মীৰ পৰা অপসাৰণ কৰা হৈছিল৷ ঊনৈশজন চিপাহীৰ বাবে ৫০টা চাবুকৰ কোবৰ শাস্তি ঘোষণা কৰা হৈছিল, কিন্তু তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা 'ক্ষমা' লাভ কৰিছিল৷ [4][5][6]

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.