মকৰ ক্ৰান্তি (ইংৰাজী: Tropic of Capricorn) হ’ল দক্ষিণ গোলাৰ্ধ তথা বিষুৱ ৰেখাৰ পৰা দক্ষিণে ২৩.৫ ডিগ্ৰী অক্ষাংশত অংকন কৰা এক কাল্পনিক ৰেখা। পৃথিৱীয়ে আগবাঢ়ি গৈ থাকোঁতে এই মকৰ ক্ৰান্তিৰ ওপৰত ২২ ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে; যাক মকৰ সংক্ৰান্তি বুলি কোৱা হয়। ই সূৰ্যৰ দক্ষিণায়ণৰ শেষ সীমা। মকৰ ক্ৰান্তি ৰেখাৰ সমমান উত্তৰ গোলাৰ্ধত কৰ্কট ক্ৰান্তি কল্পনা কৰা হৈছে।

Thumb
বিশ্বৰ মানচিত্ৰত মকৰ ক্ৰান্তি দেখুওৱা হৈছে।
Thumb
Relationship of Earth's axial tilt (ε) to the tropical and polar circles

মকৰ ক্ৰান্তি ৰেখা পৃথিৱীৰ মানচিত্ৰত অংকন কৰা পাঁচডাল প্ৰধান কাল্পনিক অক্ষৰেখাৰ ভিতৰত এডাল। ইয়াৰ অক্ষাংশ বৰ্তমান বিষুৱৰেখাৰ দক্ষিণে ২৩°২৬′১০.৯′′ (বা ২৩.৪৩৬৩৫°),[1] কিন্তু ই বৰ্তমান প্ৰতি বছৰে ০.৪৭ আৰ্কছেকেণ্ড বা ১৫ মিটাৰ হাৰত অতি ক্ৰমান্বয়ে উত্তৰ দিশলৈ গতি কৰি আছে।

বিশ্বৰ ৩% তকৈও কম জনসংখ্যা ইয়াৰ দক্ষিণে বাস কৰে; ই দক্ষিণ গোলাৰ্ধৰ জনসংখ্যাৰ প্ৰায় ৩০% ৰ সমতুল্য।

ভূগোল আৰু পৰিৱেশ

মকৰ ক্ৰান্তি হৈছে দক্ষিণ নাতিশীতোষ্ণ অঞ্চল আৰু উত্তৰে ক্ৰান্তীয় অঞ্চলৰ মাজৰ বিভাজন ৰেখা। উত্তৰ গোলাৰ্ধত মকৰ ক্ৰান্তিৰ সমতুল্য হৈছে কৰ্কট ক্ৰান্তি

বিশ্বজুৰি

প্ৰাইম মেৰিডিয়ানৰ পৰা পূবলৈ মকৰ ক্ৰান্তিয়ে ১০খন দেশৰ মাজেৰে পাৰ হৈ যায়:

অধিক তথ্য স্থানাংক, দেশ, ভূখণ্ড বা মহাসাগৰ ...
স্থানাংক দেশ, ভূখণ্ড বা মহাসাগৰ টোকা
23°26′S 0°0′E আটলাণ্টিক মহাসাগৰ
23°26′S 14°27′E  নামিবিয়া Erongo, Khomas, Hardap, Khomas (again), and Omaheke regions
23°26′S 20°0′E  বৎচোৱানা Kgalagadi, Kweneng and Central districts
23°26′S 27°18′E  দক্ষিণ আফ্ৰিকা Limpopo Province
23°26′S 31°33′E  মজাম্বিক Gaza and Inhambane provinces
23°26′S 35°26′E ভাৰত মহাসাগৰ Mozambique Channel
23°26′S 43°45′E  মাদাগাস্কাৰ Toliara and Fianarantsoa provinces
23°26′S 47°39′E ভাৰত মহাসাগৰ
23°26′S 113°47′E  অষ্ট্ৰেলিয়া Western Australia, Northern Territory and Queensland
23°26′S 151°3′E প্ৰশান্ত মহাসাগৰ Coral Sea
Passing just south of Cato Reef in  অষ্ট্ৰেলিয়া's Coral Sea Islands Territory
23°26′S 166°46′E Passing just north of the Minerva Reefs ( টংগা), and just south of Tubuai ( ফ্ৰান পলিনেছিয়া)
23°26′S 70°36′W  চিলি Antofagasta Region
23°26′S 67°07′W  আৰ্জেণ্টিনা Jujuy, Salta, Jujuy (again), Salta (again) and Formosa provinces
23°26′S 61°23′W  পাৰাগুৱে Boquerón, Presidente Hayes, Concepción, San Pedro and Amambay departments
23°26′S 55°38′W  ব্ৰাজিল Mato Grosso do Sul, Paraná, and São Paulo states
23°26′S 45°2′W আটলাণ্টিক মহাসাগৰ
বন্ধ কৰক
ক্ষিপ্ৰ তথ্য Map all coordinates using OSM Map up to 200 coordinates using Bing ...
বন্ধ কৰক

মকৰ ক্ৰান্তিৰ সম্পূৰ্ণ দক্ষিণে থকা দেশসমূহৰ তালিকা

পৃথিৱীৰ বেছিভাগ ঠাই উত্তৰ গোলাৰ্ধত আছে বাবে মাত্ৰ চাৰিখন দেশহে মকৰ ক্ৰান্তিৰ সম্পূৰ্ণ দক্ষিণে আছে-

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.