মকৰ ক্ৰান্তি
From Wikipedia, the free encyclopedia
মকৰ ক্ৰান্তি (ইংৰাজী: Tropic of Capricorn) হ’ল দক্ষিণ গোলাৰ্ধ তথা বিষুৱ ৰেখাৰ পৰা দক্ষিণে ২৩.৫ ডিগ্ৰী অক্ষাংশত অংকন কৰা এক কাল্পনিক ৰেখা। পৃথিৱীয়ে আগবাঢ়ি গৈ থাকোঁতে এই মকৰ ক্ৰান্তিৰ ওপৰত ২২ ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে; যাক মকৰ সংক্ৰান্তি বুলি কোৱা হয়। ই সূৰ্যৰ দক্ষিণায়ণৰ শেষ সীমা। মকৰ ক্ৰান্তি ৰেখাৰ সমমান উত্তৰ গোলাৰ্ধত কৰ্কট ক্ৰান্তি কল্পনা কৰা হৈছে।
মকৰ ক্ৰান্তি ৰেখা পৃথিৱীৰ মানচিত্ৰত অংকন কৰা পাঁচডাল প্ৰধান কাল্পনিক অক্ষৰেখাৰ ভিতৰত এডাল। ইয়াৰ অক্ষাংশ বৰ্তমান বিষুৱৰেখাৰ দক্ষিণে ২৩°২৬′১০.৯′′ (বা ২৩.৪৩৬৩৫°),[1] কিন্তু ই বৰ্তমান প্ৰতি বছৰে ০.৪৭ আৰ্কছেকেণ্ড বা ১৫ মিটাৰ হাৰত অতি ক্ৰমান্বয়ে উত্তৰ দিশলৈ গতি কৰি আছে।
বিশ্বৰ ৩% তকৈও কম জনসংখ্যা ইয়াৰ দক্ষিণে বাস কৰে; ই দক্ষিণ গোলাৰ্ধৰ জনসংখ্যাৰ প্ৰায় ৩০% ৰ সমতুল্য।