ভাৰতীয় সেনাৰ এজন বিষয়া আৰু পৰম বীৰ চক্ৰ প্ৰাপক From Wikipedia, the free encyclopedia
কেপ্তেইন মনোজ কুমাৰ পাণ্ডে, পিভিচি (ইংৰাজী: Manoj Kumar Pandey; ২৫ জুন ১৯৭৫ – ৩ জুলাই ১৯৯৯) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত তেওঁৰ সাহস আৰু নেতৃত্বৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হৈছিল। তেওঁ ১১ গোৰ্খা ৰাইফলছৰ (১/১১ জি আৰ) প্ৰথম বেটেলিয়নৰ বিষয়া আছিল। তেওঁ কাৰ্গিলৰ গাঁও গৰকন আৰিয়ান উপত্যকাৰ খালুবৰ পাহাৰৰ বাংকাৰ পাহাৰ প্ৰান্তত হোৱা যুদ্ধত জাতিটোৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়ে।[2][3]
কেপ্তেইন মনোজ কুমাৰ পাণ্ডে পৰম বীৰ চক্ৰ | |
---|---|
মনোজ কুমাৰ পাণ্ডেৰ প্ৰতিমূৰ্তি | |
জন্ম | ২৫ জুন, ১৯৭৫ সীতাপুৰ, উত্তৰ প্ৰদেশ, ভাৰত |
মৃত্যু | †০৩ জুলাই, ১৯৯৯ (২৪ বছৰ) বাংকাৰ ৰিজ, খালুবাৰ, বাটালিক ছেক্টৰ, কাৰ্গিল, লাডাখ, ভাৰত |
আনুগত্য | ভাৰত প্ৰজাতন্ত্ৰ |
চাকৰি/শাখা | ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৯৭–১৯৯৯ |
পদমৰ্যদা | কেপ্তেইন |
চাৰ্ভিছ নাম্বাৰ | আই.চি.-৫৬৯৫৯ডব্লিউ[1] |
ইউনিট | একাদশ গোৰ্খা ৰাইফলছ |
যুদ্ধ-বিগ্ৰহ | কাৰ্গিল যুদ্ধ Operation Vijay Battle of Kukarthan Battle of Khalubar |
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
স্বাক্ষৰ |
১৯৭৫ চনৰ ২৫ জুনত উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাৰ ৰুধা গাঁৱত পাণ্ডেৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ আছিল যথাক্ৰমে লক্ষ্ণৌত বাস কৰা ক্ষুদ্ৰ ব্যৱসায়ী গোপী চান্দ পাণ্ডে আৰু মোহিনী।[4] তেওঁ আছিল ঘৰৰ জ্যেষ্ঠ সন্তান। তেওঁ লক্ষ্ণৌৰ উত্তৰ প্ৰদেশ সৈনিক বিদ্যালয় আৰু ৰাণী লক্ষ্মী বাই সোঁৱৰণী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। বিশেষকৈ বক্সিং আৰু শৰীৰ-চৰ্চাৰ লগতে ক্ৰীড়াৰ প্ৰতি তেওঁৰ তীব্ৰ আগ্ৰহ আছিল। ১৯৯০ চনত তেওঁক উত্তৰ প্ৰদেশ সঞ্চালকালয়ৰ কনিষ্ঠ বিভাগৰ এনচিচিৰ শ্ৰেষ্ঠ কেডেট হিচাপে নিৰ্বাচিত কৰা হয়।[5]
নিৰ্বাচিত হোৱাৰ পূৰ্বে চাৰ্ভিচেছ চিলেকছন ব’ৰ্ডৰ (এছ এছ বি) সাক্ষাৎকাৰত সাক্ষাৎ গ্ৰহণকাৰীজনে তেওঁক সুধিছিল, "আপুনি কিয় সেনাবাহিনীত যোগদান কৰিব বিচাৰে?" লগে লগে তেওঁ উত্তৰ দিলে, "মই পৰম বীৰ চক্ৰ জয় কৰিব বিচাৰোঁ।" কাৰ্গিল যুদ্ধৰ সময়ত দেখুওৱা বীৰত্বৰ বাবে অধিনায়ক মনোজ কুমাৰ পাণ্ডেই মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ বীৰত্বৰ সন্মান লাভ কৰিছিল।[6]
তেওঁ নেচনেল ডিফেন্স একাডেমীৰ পৰা ৯০ নং পাঠ্যক্ৰমত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ মাইক স্কোৱাড্ৰনৰ (মুস্তাংগ) অন্তৰ্গত আছিল।[7] পাণ্ডেক ১৯৯৭ চনৰ ৭ জুনত ১ম বেটেলিয়ন, ১১ গোৰ্খা ৰাইফলছত লেফটেনেণ্ট হিচাপে নিযুক্তি দিয়া হয়।[1][8]
মে' মাহৰ আৰম্ভণিতে কাৰ্গিল খণ্ডত অনুপ্ৰৱেশৰ বাতৰি পোৱা গৈছিল।[9] ১/১১ গোৰ্খা ৰাইফলছ বেটেলিয়নে চিয়াচেন হিমবাহত ডেৰ বছৰৰ কাৰ্যকাল সমাপ্ত কৰি পুনেৰ স্থানলৈ যোৱাৰ পথত আগবাঢ়িছিল। এই বেটেলিয়নটোক কাৰ্গিলৰ বটালিক ছেক্টৰলৈ যাবলৈ কোৱা হয়। এই খণ্ডত অন্তৰ্ভুক্ত হোৱা প্ৰথম ইউনিটসমূহৰ ভিতৰত ই আছিল অন্যতম। কৰ্ণেল ললিত ৰায়ৰ অধীনত থকা এই ইউনিটটোক জুবাৰ, কুকাৰথাম আৰু খালুবাৰ অঞ্চলৰ দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোকৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয় য়েলডৰত আছিল।[10]
বেটেলিয়নৰ অংশ হিচাপে পাণ্ডেই সাহসেৰে ধাৰাবাহিক আক্ৰমণত জড়িত হৈ পৰিছিল। তেওঁ জুবাৰ টপ দখল কৰাৰ বাবেও সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল।[11][12] মনোজ পাণ্ডেই শত্ৰুক পৰাস্ত কৰি দ্ৰাছ উপত্যকা সুৰক্ষিত কৰি নিজৰ প্ৰাণ আহুতি দিয়ে।[13]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.