![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/14/Chimp_Brain_in_a_jar.jpg/640px-Chimp_Brain_in_a_jar.jpg&w=640&q=50)
মস্তিষ্ক
মেৰুদণ্ডী আৰু বেছিভাগ অমেৰুদণ্ডী প্ৰাণীৰ স্নায়ুতন্ত্ৰ নিয়ন্ত্ৰণ কৰা অংগ / From Wikipedia, the free encyclopedia
মস্তিষ্ক বা মগজু (brain) বুলিলে সকলো মেৰুদণ্ডী প্ৰাণী আৰু প্ৰায়বোৰ অমেৰুদণ্ডী প্ৰাণীৰ স্নায়ু তন্ত্ৰৰ কেন্দ্ৰৰূপে কাম কৰা অংগটোক বুজায়। কেৱল কেইবিধমান অমেৰুদণ্ডী প্ৰাণী যেনে স্প'ঞ্জ, জেলীফিছ, টুনিকে'ট আৰু ষ্টাৰফিছৰ মস্তিষ্ক নাথাকে; তাৰ সলনি এখন স্নায়ু জালিকা (nerve net) থাকে। মস্তিষ্ক মূৰৰ অংশত সাধাৰণতে প্ৰাথমিক সংবেদী অংগ যেনে দেখা, শুনা, সমতা ৰক্ষা, সোৱাদ লোৱা, গোন্ধ পোৱা আদি কাৰ্যৰ ইন্দ্ৰিয়ৰ ওচৰত থাকে। মেৰুদণ্ডীৰ প্ৰাণীৰ দেহত মস্তিষ্কই সকলোতকৈ জটিল অংগ। এটা সাধাৰণ মানুহৰ মগজুৰ চেৰিব্ৰেল কৰ্টেক্সত (সকলোতকৈ ডাঙৰ অংশ) প্ৰায় ১৫-৩৩ নিযুত স্নায়ুকোষ থাকে।[1] এই গোটেইবোৰ স্নায়ুসান্নিধ্যৰে (synapse) ইটোৱে-সিটোৰ লগত আৰু আন হাজাৰ হাজাৰ স্নাউকোষৰ লগত সংযুক্ত হৈ থাকে। এই স্নায়ুকোষবোৰে এক্সন নামৰ দীঘল ছাইট'প্লাজমীয় প্ৰৱৰ্দ্ধৰে তথ্যৰ আদান-প্ৰদান কৰে। এক্সনে সংকেতবোৰ গতি বিভৱ (action potential) হিচাপে মস্তিষ্কৰ আন অংশ বা বিশেষ লক্ষ্য কোষলৈ কঢ়িয়াই লৈ যায়।
![A brain floating in a liquid-filled glass jar. Yellowing of the handwritten labels on the jar give the object an antique appearance.](http://upload.wikimedia.org/wikipedia/commons/thumb/1/14/Chimp_Brain_in_a_jar.jpg/640px-Chimp_Brain_in_a_jar.jpg)
শৰীৰতত্ত্ব অনুসৰি মগজুৰ কাম হৈছে দেহত আন অংগসমূহক কেন্দ্ৰীয়ভাৱে নিয়ন্ত্ৰণ কৰা। মগজুৱে পেশীৰ সুনিৰ্দিষ্ট চালনা বা হৰম'ন নামৰ ৰাসায়নিক পদাৰ্থৰ নিঃসৰণেৰে দেহৰ আন অংশত কাম কৰে। পৰিবেশৰ সলনি হ'লে এই কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ ফলতে ক্ষিপ্ৰ আৰু সমন্বিত সঁহাৰি সম্ভৱপৰ হয়। স্নায়ুৰজ্জু বা প্ৰান্তীয় স্নায়ুগ্ৰন্থিয়ে প্ৰতীপ ক্ৰিয়াৰ দৰে কিছুমান প্ৰাথমিক সঁহাৰিত আগভাগ লয়, কিন্তু জটিল সংবেদনাৰ ওপৰত ভিত্তি কৰি আচৰণৰ উদ্দেশ্য-প্ৰণোদিত নিয়ন্ত্ৰণৰ বাবে তথ্যৰ সংঘবদ্ধ বিশ্লেষণ কৰিব পৰা মগজুৰ প্ৰয়োজন।
মস্তিষ্কৰ কোষবোৰৰ নিজাববীয়া কাৰ্যপ্ৰণালী প্ৰায় বুজি পোৱাটো এতিয়া সম্ভৱপৰ হৈছে কিন্তু নিযুত কোষৰ সমন্বিত কামৰ প্ৰক্ৰিয়া এতিয়াও সমাধান হোৱা নাই।[2] আধুনিক স্নায়ুবিজ্ঞানৰ শেহতীয়া আৰ্হিসমূহত মগজুক জৈৱিক কম্পিউটাৰ বুলি গণ্য কৰে যাৰ কাৰ্যপ্ৰণালী ইলেক্ট্ৰনিক কম্পিউটাৰতকৈ বহু পৃথক, কিন্তু কম্পিউটাৰ CPU-ৰ দৰে মহজুৱেও চাৰিওকাষৰ পৰা তথ্য আহৰণ আৰু জমা কৰি নানা ধৰণে বিশ্লেষণ কৰে।