মহম্মদ হানিফ
From Wikipedia, the free encyclopedia
মহম্মদ হানিফ (ইংৰাজী: Mohammed Hanif; জন্ম: নৱেম্বৰ ১৯৬৪) এগৰাকী ব্ৰিটিছ পাকিস্তানী লেখক আৰু সাংবাদিক। তেওঁ দ্য নিউয়ৰ্ক টাইমছৰ মাহেকীয়া স্তম্ভলেখক।[2]
মহম্মদ হানিফ | |
---|---|
হানিফ মহম্মদ ক’ন | |
জন্ম | নৱেম্বৰ, ১৯৬৪ অ’কাৰা, পাঞ্জাৱ, পাকিস্তান |
পেচা | লেখক, সাংবাদিক |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী যুক্তৰাজ্য |
মাতৃশিক্ষায়তন | ইউনিভাৰচিটি অৱ ইষ্ট এংলিয়া, পাকিস্তান এয়াৰ ফৰ্চ একাডেমী |
সময় | ২০০৮ৰপৰা বৰ্তমানলৈ |
উল্লেখনীয় কৰ্মৰাজি | আ কেচ অৱ এক্সপ্লডিং মেংগ’জ |
উল্লেখযোগ্য বঁটা | ৱেলকাম বুক প্ৰাইজ, চিতাৰা-এ-ইমতিয়াজ, কমনৱেলথ্ প্ৰাইজ ফ’ৰ বেষ্ট বুক |
দাম্পত্যসংগী | নিমৰা বুচ্চা[1] |
হানিফৰ ‘আ কেচ অৱ এক্সপ্লডিং মেংগ’জ’ কিতাপখনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু কিতাপখন ‘মেন বুকাৰ প্ৰাইজ’ তথা ‘গাৰ্ডিয়ান ফাৰ্ষ্ট বুক প্ৰাইজ’ৰ বাবে মনোনয়নৰ তালিকাভুক্ত হৈছিল। ২০০৯ চনত শ্ৰেষ্ঠ প্ৰথম কিতাপ বিভাগত কিতাপখনে কমনৱেলথ গ্ৰন্থ বঁটা লাভ কৰিছিল।[3] তেওঁৰ দ্বিতীয় খন কিতাপ ‘আৱাৰ লেডী অৱ এলিচ ভাট্টি’য়ে ‘ৱেলকাম বুক প্ৰাইজ’ লাভ কৰিছিল। হানিফে কৰাছীস্থিত বিবিচি নিউজৰ সংবাদদাতা হিচাপেও কাম কৰিছিল আৰু চহৰখনৰ বিষয়ে এখন প্ৰশংসিত ফিচাৰ ফিল্ম দ্য লং নাইটৰ লিখিছিল।[4][5][6] দ্য নিউয়ৰ্ক টাইমছ,[7][8] দ্য ডেইলী টেলিগ্ৰাফ,[9] দ্য নিউ য়ৰ্কাৰ[10] আৰু দ্য ৱাশ্বিংটন প’ষ্টত তেওঁৰ লেখা প্ৰকাশ হয়। তেওঁৰ নাটক ‘দ্য ডিক্টেটৰচ্ ৱাইফ’ হেম্পষ্টিড থিয়েটাৰত মঞ্চস্থ কৰা হৈছিল।[11]