![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c6/Photograph_of_Muttiah_Muralitharan.jpg/640px-Photograph_of_Muttiah_Muralitharan.jpg&w=640&q=50)
মুত্তিয়া মুৰালিধৰণ
এগৰাকী শ্ৰীলংকাৰ ক্ৰিকেটাৰ / From Wikipedia, the free encyclopedia
দেশবন্দু মুত্তিয়া মুৰালিধৰণ (তামিল: முத்தையா முரளிதரன், সিংহল: මුත්තයියා මුරලිදරන්), প্ৰায়ে মুৰালি বুলি কোৱা হয় (জন্ম ১৭ এপ্ৰিল ১৯৭২) এগৰাকী শ্ৰীলংকাৰ ক্ৰিকেট প্ৰশিক্ষক, প্ৰাক্তন পেছাদাৰী ক্ৰিকেটাৰ, ব্যৱসায়ী আৰু আই চি চি ক্ৰিকেট হল অৱ ফেমৰ সদস্য। প্ৰতিখন টেষ্ট মেচতে গড়ে ছটা উইকেটৰ ওপৰত লাভ কৰা তেওঁক এই খেলবিধৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ বলাৰ হিচাপে বহুলভাৱে গণ্য কৰা হয়। তেওঁ ৮০০ টেষ্ট উইকেট আৰু ৫৩০ তকৈ অধিক ৱান ডে ইণ্টাৰনেচনেল (এদিনীয়া) উইকেট দখল কৰা একমাত্ৰ বলাৰ। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহলৈকে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আন যিকোনো বলাৰতকৈ অধিক উইকেট দখল কৰিছে।[3] ১৯৯৬ চনৰ ক্ৰিকেট বিশ্বকাপত জয়ী হোৱা শ্ৰীলংকাৰ দলটোৰ এটা অংশ আছিল মুৰলিধৰণ।
![]() | ||||
২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত CEAT ক্ৰিকেট ৰেটিংছ বঁটা প্ৰদান অনুষ্ঠানত মুৰলীথাৰণ | ||||
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | Muttiah Muralitharan | |||
জন্ম | ১৭ এপ্ৰিল, ১৯৭২ (৫২ বছৰ) কেণ্ডি, চিলন | |||
উপনাম | মুৰালি | |||
উচ্চতা | 5 ফুট 7 ইঞ্চি (1.7 মিটাৰ) | |||
বেটিং শৈলী | সোঁ-হাত | |||
বলিং শৈলী | সোঁ-বাহু অফ ব্ৰেক | |||
ভূমিকা | বলাৰ | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
জাতীয় দল | শ্ৰীলংকা | |||
টেষ্ট অভিষেক (মুঠ খেল ৫৪) | ২৮ আগষ্ট ১৯৯২ বনাম অষ্ট্ৰেলিয়া | |||
অন্তিম টেষ্ট | ১৮ জুলাই ২০১০ বনাম ভাৰত | |||
ODI অভিষেক (মুঠ খেল ৭০) | ১২ আগষ্ট ১৯৯৩ বনাম ভাৰত | |||
শেষ ODI | ২ এপ্ৰিল ২০১১ v ভাৰত | |||
ODI shirt no. | ৮ | |||
টি২০ অভিষেক (মুঠ খেল ১৩) | ২২ ডিচেম্বৰ ২০০৬ বনাম নেউ জেলেণ্ড | |||
Last T20I | ৩১ অক্টোবৰ ২০১০ বনাম অষ্ট্ৰেলিয়া | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
1991/92–2009/10 | তামিল ইউনিয়ন | |||
১৯৯৯, ২০০১, ২০০৫, ২০০৭ | লেংকাশ্বাৰ | |||
২০০৩ | কেণ্ট | |||
২০০৮–২০১০ | চেন্নাই ছুপাৰ কিংছ | |||
২০১১ | কোচি টাস্কাৰছ কেৰালা | |||
২০১১–২০১২ | গ্ল'চেষ্টাৰশ্বাৰ | |||
২০১১/১২ | ৱেলিংটন ফায়াৰবাৰ্ডছ | |||
২০১১/১২ | চট্টগ্ৰাম কিংছ | |||
২০১২–২০১৪ | ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু | |||
২০১২/১৩–২০১৩/১৪ | মেলবৰ্ণ ৰেনেগেডছ | |||
২০১৩ | জামাইকা টালাৱাহছ | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | টেষ্ট | অ'ডিআই | এফচি | এলএ |
মুঠ খেল | ১৩৩[1] | ৩৫০[2] | ২৩২ | ৪৫৩ |
ৰাণ | ১,২৫৬ | ৬৭৪ | ২,১৯২ | ৯৪৫ |
বেটিং গড় | ১১.৬৭ | ৬.৮০ | ১১.৩৫ | ৭.৩২ |
শতক/অৰ্ধশতক | ০/১ | ০/০ | ০/১ | ০/০ |
সৰ্বোচ্চ ৰাণ | ৬৭ | ৩৩* | ৬৭ | ৩৩* |
বল | ৪৪,০৩৯ | ১৮,৮১১ | ৬৬,৯৩৩ | ২৩,৭৩৪ |
উইকেট | ৮০০ | ৫৩৪ | ১,৩৭৪ | ৬৮২ |
বলিং গড় | ২২.৭২ | ২৩.০৮ | ১৯.৬৪ | ২২.৩৯ |
এক ইনিংছত ৫টা উইকেট | ৬৭ | ১০ | ১১৯ | ১২ |
এখন খেলত ১০টা উইকেট | ২২ | ০ | ৩৪ | ০ |
শ্ৰেষ্ঠ বলিং | ৯/৫১ | ৭/৩০ | ৯/৫১ | ৭/৩০ |
কেচ্চ/ষ্টাম্পিং | ৭২/– | ১৩০/– | ১২৩/– | ১৫৯/– |
উৎস: ESPNcricinfo, ৮ জানুৱাৰী ২০১৪ |
এই প্ৰবন্ধটোত কিছু বিশেষ আখৰ আছে। কোনো সঠিক সহায়ৰ অভাৱত, আপুনি সেইবোৰৰ সলনি প্ৰশ্নবোধক চিন, বাকচ বা আন চিহ্ন দেখা পাব পাৰে। |
মুৰালিধৰণ আন্তৰ্জাতিক কেৰিয়াৰত বলিং একচনক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। ডেলিভাৰীৰ সময়ত জন্মগতভাৱে বেঁকা হোৱা বাহুটোৰ অস্বাভাৱিক হাইপাৰএক্সটেনচনৰ বাবে তেওঁৰ বলিং ক্ৰিয়াৰ ওপৰত কেইবাবাৰো আম্পায়াৰ আৰু ক্ৰিকেট সম্প্ৰদায়ৰ কিছু অংশই প্ৰশ্ন উত্থাপন কৰিছিল।[4] চিমুলেটেড খেলৰ পৰিস্থিতিত জৈৱযান্ত্ৰিক বিশ্লেষণৰ পিছত মুৰালিধৰণ এই কাৰ্য্যক আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে প্ৰথমে ১৯৯৬ চনত আৰু পুনৰ ১৯৯৯ চনত ক্লিয়াৰ কৰে।[5]
আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ টেষ্ট বলাৰৰ খেলুৱৈ ৰেংকিঙত ২১৪খন টেষ্ট মেচত ১৭১১ দিনৰ অভিলেখ সৃষ্টি কৰি এক নম্বৰ স্থান দখল কৰে মুৰলীধৰণে।[6] ২০০৭ চনৰ ৩ ডিচেম্বৰত পূৰ্বৰ অভিলেখধাৰী শ্বেন ৱাৰ্ণক অতিক্ৰম কৰি তেওঁ টেষ্ট ক্ৰিকেটৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়।[7][8] ইয়াৰ পূৰ্বে ২০০৪ চনত কৰ্টনী ৱালছৰ ৫১৯টা উইকেট অতিক্ৰম কৰি এই অভিলেখ গঢ়িছিল যদিও সেই বছৰৰ শেষৰ ফালে কান্ধত আঘাত পাই ৱাৰ্নে তেওঁক অভাৰটেক কৰিছিল।[9] ২০০৯ চনৰ ৫ ফেব্ৰুৱাৰীত কলম্বোত গৌতম গম্ভীৰৰ উইকেট দখল কৰি ৱাছিম আক্ৰামৰ ৫০২ উইকেটৰ এদিনীয়া অভিলেখ অতিক্ৰম কৰে।[10] ২০১০ চনত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি শেষৰখন টেষ্ট মেচত অন্তিম বলৰ পৰা ২০১০ চনৰ ২২ জুলাইত ৮০০তম আৰু অন্তিম উইকেট পঞ্জীয়ন কৰে।[11]
২০০২ চনত উইজডেনৰ ক্ৰিকেটাৰ্ছৰ আলমানাকে টেষ্ট মেচৰ সৰ্বশ্ৰেষ্ঠ বলাৰ হিচাপে ৰেটিং দিছিল মুৰলীধৰণক, আৰু ২০১৭ চনত আইচিচি ক্ৰিকেট হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা প্ৰথমজন শ্ৰীলংকাৰ ক্ৰিকেটাৰ।[12] ২০১৭ চনত তেওঁ আডা ডেৰানা শ্ৰীলংকাৰ বঁটা লাভ কৰিছিল।[13]