![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/7a/Valltorta_%2528escena_de_caza%2529.png/640px-Valltorta_%2528escena_de_caza%2529.png&w=640&q=50)
মৃগয়া
From Wikipedia, the free encyclopedia
মৃগয়া বা মৃগ চিকাৰ (পহু চিকাৰ) (ইংৰাজী: Deer hunting) হ'ল মাংস আৰু ক্ৰীড়াৰ বাবে কৰা হৰিণ বা মৃগৰ চিকাৰ। ই এনে এক কাৰ্য্য যি দহ হাজাৰ বছৰ পুৰণি। ভেনিছন অৰ্থাৎ হৰিণৰ মাংস হ'ল প্ৰাণী প্ৰ'টিনৰ এক পুষ্টিকৰ আৰু প্ৰাকৃতিক খাদ্য উৎস আৰু ইয়াক মৃগয়াৰ দ্বাৰা লাভ কৰিব পৰা যায়। বিশ্বত বিভিন্ন প্ৰকাৰৰ মৃগ আছে যিবোৰ মাংসৰ বাবে চিকাৰ কৰা হয়। ক্ৰীড়াৰ বাবে প্ৰায়ে চিকাৰীয়ে সৰ্ববৃহৎ আৰু সৰ্বাধিক শিংৰ হৰিণক হত্যা কৰিবলৈ চেষ্টা কৰে। শিঙৰ দুটা ভিন্ন শ্ৰেণী আছে: সাধাৰণ আৰু অস্বাভাৱিক। তেওঁলোকে শিঙৰ দৈৰ্ঘ্য, ভৰ আদি জোখে। তেওঁলোকে নম্বৰ লাভৰ বাবে এই সকলোবোৰ মান যোগ কৰে। এই নম্বৰটো হ'ল কৰ্তনৰ অবিহনে লাভ কৰা নম্বৰ (score without deductions)। যেতিয়া এটা শিঙৰ দৈৰ্ঘ্য বিপৰীত শিঙৰ সমান নহয়, তেতিয়া নম্বৰ হ্ৰাস কৰা হয়। এই নম্বৰটো হ'ল কৰ্তনৰ পিছত নম্বৰ (deducted score)।[1]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/7/7a/Valltorta_%28escena_de_caza%29.png/320px-Valltorta_%28escena_de_caza%29.png)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/4/4e/Bardo_Diane_chasseresse.jpg/640px-Bardo_Diane_chasseresse.jpg)
হৰিণৰ চিকাৰ হৈছে বহুতো অঞ্চলত এক নিয়ন্ত্ৰিত কাৰ্যকলাপ। আমেৰিকা যুক্তৰাষ্ট্ৰত মৎস্য আৰু বন্যপ্ৰাণী বিভাগ (DFW) বা প্ৰাকৃতিক সম্পদ বিভাগ (DNR) ৰ দৰে ৰাজ্যিক চৰকাৰী সংস্থাসমূহে এই নিয়মাৱলীসমূহ পৰ্যবেক্ষণ কৰে। ব্ৰিটেইনত চিকাৰ কৰিবলৈ .243 কেলিবাৰতকৈ (6mm) সৰু ব'ৰৰ ব'ৰ্ড বা ৰাইফল ব্যৱহাৰ কৰাটো অবৈধ।[2]