মেহদি হাছান
From Wikipedia, the free encyclopedia
মেহদি হাছান খান (উৰ্দু: مہدی حسن خاں; ১৮ জুলাই ১৯২৭[2] – ১৩ জুন ২০১২)[3][4] এগৰাকী পাকিস্তানী গজল গায়ক আৰু পাকিস্তানী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী নেপথ্য গায়ক। তেওঁক গজলৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ আৰু প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত এজন বুলি গণ্য কৰা হয়।[5][6][7] হাছানক শ্বাহেনশ্বাহ-এ-গজল (গজলৰ সম্ৰাট) বুলি কোৱা হয়।[8][9][10][11][12] তেওঁ তেওঁৰ হন্টিং বেৰিটোন কণ্ঠৰ বাবে জনাজাত আছিল।[13] হাছানক বিশ্বব্যাপী দৰ্শকৰ মাজত গজলক জনপ্ৰিয় কৰাৰ কৃতিত্ব দিয়া হয়। তেওঁ এটি মধুৰ কণ্ঠৰ গৰাকী আছিল আৰু অভিনৱ উপায়েৰে ৰাগৰ অখণ্ডতা বজাই ৰখাৰ ক্ষেত্ৰত তেওঁ অনন্য আছিল।
শ্বাহেনশ্বাহ-এ-গজল মেহদি হাছান খান নিচান-এ-ইমতিয়াজ, হিলাল-এ-ইমতিয়াজ, তমঘা-এ-ইমতিয়াজ, প্ৰাইড অৱ পাৰ্ফমেঞ্চ | |
---|---|
জন্ম | ১৮ জুলাই, ১৯২৭[1] লুনা, ৰাজপুতনা এজেন্সি, ব্ৰিটিছ ভাৰত |
মৃত্যু | ১৩ জুন ২০১২ (৮৪ বছৰ) কৰাছী, সিন্ধ, পাকিস্তান |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | (১৯৫৭-১৯৯৯) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | প্ৰাইড অৱ পাৰ্ফমেঞ্চ (১৯৮৫)
শ্ৰেষ্ঠ পুৰুষ নেপথ্য গায়কলৈ আগবঢ়োৱা ৯ম নিগাৰ বঁটা |
সাংগীতিক কেৰিয়াৰ | |
সংগীতৰ প্ৰকাৰ | গজল |
বাদ্যযন্ত্ৰ |
|
ৰেকৰ্ড লেবেল |
|
সহযোগী |
|
ৱেবছাইট | |
mehdihassan |
কালাৱন্ত সংগীতজ্ঞৰ পৰিয়াল এটিত জন্ম গ্ৰহণ কৰা হাছান স্বাভাৱিকতে সৰুৰে পৰা সংগীতৰ প্ৰতি আকৰ্ষিত আছিল। তেওঁ জগজিৎ সিঙৰপৰা[14] পাৰভেজ মেহদিলৈকে কেইবাটাও প্ৰজন্মৰ বিভিন্ন ধাৰাৰ গায়কসকলক প্ৰভাৱিত কৰিছিল।[15] তেওঁ তেওঁৰ জীৱনকালত অসংখ্য বঁটা-বাহন তথা প্ৰশংসা অৰ্জন কৰিছিল আৰু আন এজন সমসাময়িক নেপথ্য গায়ক আহমেদ ৰুছদিৰ সৈতে পাকিস্তানী চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী আগশাৰীৰ গায়ক হৈ পৰিছিল। অনুমান কৰা হয় যে, হাছানে তেওঁৰ কৰ্মজীৱনত তিনিশৰো অধিক চলচ্চিত্ৰৰ বাবে গান গাইছে।[4][16] কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে হাছানক পাকিস্তান চৰকাৰে নিচান-এ-ইমতিয়াজ, তামঘা-এ-ইমতিয়াজ, প্ৰাইড অৱ পাৰ্ফমেঞ্চ আৰু হিলাল-এ-ইমতিয়াজ বঁটা প্ৰদান কৰিছিল।[4]