From Wikipedia, the free encyclopedia
যোগিনী তন্ত্ৰ ষোড়শ বা সপ্তদশ শতিকাত অসমত ৰচিত এখন তন্ত্ৰ সাধনাৰ গ্ৰন্থ। দেৱী কালী আৰু কামাখ্যাৰ প্ৰতি উৎসৰ্গিত এই গ্ৰন্থখনৰ মূল লেখক অজ্ঞাত। ধৰ্মীয় আৰু দাৰ্শনিক নীতিৰ বাহিৰে এই এককৃত তন্ত্ৰ সমূহত কিছুমান ঐতিহাসিক ঘটনাৰ তথ্য পোৱা গৈছে। তন্ত্ৰ সাধনাৰ বামচাৰী পন্থাৰ বাবে এইখন অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ। উত্তৰ-পূৰ্বাঞ্চলত প্ৰচলিত যোগিনী তন্ত্ৰ তিব্বতীয় বৌদ্ধ ধৰ্মৰ বজ্ৰযান তন্ত্ৰৰ ভাগ যোগিনী তন্ত্ৰ সমূহতকৈ পৃথক। বজ্ৰযান তন্ত্ৰৰ অনুত্তৰাযোগৰ উপশাখা মাতৃ তন্ত্ৰ সমূহৰ এক উপশ্ৰেণীকো যোগিনী তন্ত্ৰ বোলে।
যোগিনী তন্ত্ৰ খ্ৰীষ্টীয় ষোড়শ বা শতিকাত লিখা হৈছিল। ষোড়শ শতিকাৰ কোচ ৰাজবংশৰ তথ্যৰ পৰা ইয়াৰ সময় নিৰ্ধাৰণ কৰা হৈছে।[1] কিছুমান ইতিহাসবিদে ইয়াক সপ্তদশ শতিকাৰ বুলি গণ্য কৰে।[2] এই তন্ত্ৰশাস্ত্ৰ খনিৰ ৰচনাকাল চতুৰ্দশ শতিকাৰ কোনো সময় বুলি ড॰ হৰিনাথ শৰ্মাদলৈদেৱে কেইবাটাও যুক্তি সহকাৰে তেখেতৰ ‘অসমত শক্তিসাধনা আৰু শাক্ত সাহিত্য’ শীৰ্ষক গৱেষণা গ্ৰন্থখনিত লিপিবদ্ধ কৰিছে।
যোগিনীতন্ত্ৰ দুটা প্ৰধান ভাগত বিভক্ত: পূৰ্বখণ্ড আৰু উত্তৰখণ্ড। পূৰ্বখণ্ডত ১৯ আৰু উত্তৰখণ্ডত ৯টা অধ্যায় আছে। ইয়াৰ মুঠ অধ্যায়ৰ সংখ্যা ২৮।
যোগিনীতন্ত্ৰৰ পূৰ্বখণ্ডৰ প্ৰথম অধ্যায়ত শিৱই পাৰ্ৱতীৰ আগত গুৰুমহাত্ম্য আৰু ধৰ্মাচৰণত গুৰুৰ আৱশ্যকতা ব্যাখ্যা কৰি তন্ত্ৰ আৰম্ভ কৰিছে। দ্বিতীয় অধ্যায়ত কালীৰহস্য আৰু মালা জপৰ পদ্ধতি আৰু তৃতীয় অধ্যায়ত আন কেইবিধমান জপ আৰু কৱচৰ বৰ্ণনা কৰা হৈছে। চতুৰ্থ আৰু পঞ্চম অধ্যায়ত ষঠকৰ্ম, পুৰশ্চৰণ, মন্ত্ৰসাধন আদি কিছুমান বিশেষ সাধনাৰ কথা কোৱা হৈছে। ষষ্ঠ অধ্যায়ত দিব্য আৰু বীৰ যোগ, পঞ্চ ম-কাৰৰ সাধন আৰু বন্ধন মুক্তিৰ ব্যাখ্যা কৰা হৈছে। সপ্তম অধ্যায়ত স্বপ্নাৱতী, মৃত-সঞ্জীৱনী আৰু মধুমতী— এই তিনিবিধ বিদ্যাৰ বিৱৰণ দাঙি ধৰিছে। অষ্টম, নৱম আৰু দশম পটলত যোগিনী উৎপত্তি, কালীক চিৎ স্বৰূপা আৰু ব্ৰহ্মবিগ্ৰহাৰূপে ব্ৰহ্মত্ব প্ৰদান, বিশ্বসৃষ্টিৰ বৰ্ণনা আদি বিবিধ বিষয় বৰ্ণিত হৈছে। একাদশ অধ্যায়ত কামৰূপ ৰাজ্যৰ চাৰিসীমা আৰু মহাত্ম্যৰ বৰ্ণনা দিয়াৰ লগতে নৰকাসুৰ আৰু বশিষ্টৰ আখ্যানো দাঙি ধৰিছে। ব্ৰাহ্মণৰ মাহাত্ম্যৰ লগতে জপ আৰু দুবিধ কৰ্মৰ ফলদায়ক ক্ষমতাৰ কথা দ্বাদশ আৰু ত্ৰয়োদশ অধ্যায়ত কোৱা হৈছে। চতুৰ্দশ অধ্যায়ত সৌমাৰপীঠত ৰাজত্ব কৰা ইন্দ্ৰবংশীসকলৰ উৎপত্তি আৰু পঞ্চদশ অধ্যায়ত কেশী দৈত্যৰ আখ্যান আৰু যোনী-মাহাত্ম্য বৰ্ণনা কৰিছে। ষোড়শ অধ্যায়ত মহাদেৱক ত্ৰিমূৰ্তিৰ শ্ৰেষ্ঠ আৰু কালীদেৱীক পৰম সত্যৰূপে প্ৰতিষ্ঠা কৰাৰ লগতে কাশীধামৰ মহিমাও বৰ্ণনা কৰিছে। সপ্তদশ, অষ্টদশ আৰু ঊনবিংশ অধ্যায়ত কুমাৰী চৰিত্ৰ, কুমাৰী-পূজাৰ বিধি আৰু ফল, কলোহ চৰিত্ৰ, গংগা মাহাত্ম্য আৰু কালীদেৱীৰ মাহাত্ম্যৰ বৰ্ণনা কৰিছে।[3]
উত্তৰ খণ্ডৰ প্ৰথম অধ্যায়ত কামৰূপৰ নানা স্থান আৰু পীঠৰ বৰ্ণন আৰু দ্বিতীয় অধ্যায়তত নিৰ্দিষ্ট তিথি, নক্ষত্ৰ আৰু বাৰত কৰণীয় আৰু বৰ্জনীয় কাৰ্যৰ কথা কোৱা হৈছে। তৃতীয় অধ্যায়ত কামৰূপৰ পীঠবোৰৰ বিশদ বিৱৰণ দাঙি ধৰিছে। চতুৰ্থ অধ্যায়ত অষ্টোত্তৰ শত সংখ্যক পীঠৰ উল্লেখ আৰু অশ্বক্ৰান্ত মন্দিৰআদি তীৰ্থৰ বৰ্ণনা দিয়া হৈছে। প্ৰধান তীৰ্থস্থানবোৰৰ বৰ্ণনাৰ উপৰিও তীৰ্থ গমনৰ ফল, নিৰ্দিষ্ট তিথি আৰু নক্ষত্ৰত কৰিবলগীয়া ধৰ্মানুষ্ঠানবোৰ, দীক্ষা কি ইত্যাদিবোৰ পঞ্চম আৰু ষষ্ঠ অধ্যায়ত উল্লেখ কৰা হৈছে। ধৰ্মগ্ৰন্থ ৰচনাৰ পদ্ধতি আৰু দেৱীৰ পূজা সম্বন্ধীয় কিছুমান বিশেষ কথা সপ্তম অধ্যায়ত আলোচিত হৈছে। অষ্টম অধ্যায়ত বিভিন্ন দেৱ-দেৱীৰ পূজা পদ্ধতি আৰু বহু নদীৰ বিৱৰণ দাঙি ধৰিছে। নৱম অধ্যায়ত বিবিধ কথাৰ সমাবেশ হোৱাৰ লগত এই পটলৰ শেষৰফাললৈ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ উৎপত্তি আৰু হয়গ্ৰীৱ সাধনৰ বহল বিৱৰণ পোৱা যায়।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.