লক্ষ্মী-পূজা
From Wikipedia, the free encyclopedia
লক্ষ্মী-পূজা (সংস্কৃত: लक्ष्मी पूजन ) হিন্দু ধৰ্মাৱলম্বীসকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উছৰ্গিত পূজা। হিন্দু দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাৰ্তিক মাহৰ অমাৱস্যা তিথিত লক্ষ্মীপূজা অনুষ্ঠিত কৰা হয়। পূব ভাৰতৰ পশ্চিম বংগ, অসম, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জীমতে পাৰম্পৰিকভাৱে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত লক্ষ্মীপূজা পালন কৰে। কাৰ্তিক মাহত অনুষ্ঠিত লক্ষ্মীপূজা দেৱালীৰ তৃতীয়দিনা উদ্যাপিত হয়। ইয়াক দিপাৱলীৰ মুখ্য অনুষ্ঠান হিচাপেও গণ্য কৰা হয়। এইদিনা পূব ভাৰতৰ অঞ্চলসমূহত কালীপূজা অনুষ্ঠিত হয়।[1]
লক্ষ্মী-পূজা | |
---|---|
আল্পনাৰ ওপৰত দেৱী লক্ষ্মীৰ প্ৰতিমা | |
পালন কৰে | হিন্দু ধৰ্মাৱলম্বী সকল |
প্ৰকাৰ | হিন্দু |
তাৰিখ | কাৰ্তিক অমাৱস্যা শাৰদীয় পূৰ্ণিমা (পূব ভাৰত) |
উদযাপন | পূজা, প্ৰাৰ্থনা, মিঠাই-উপহাৰ বিতৰণ, আতচবাজী |
সম্পৰ্কিত | দেৱালী কালী-পূজা |
সংঘটন | বাৰ্ষিক |
লক্ষ্মী দেৱী হিন্দুসকলৰ ত্ৰিদেৱীসমূহৰ অন্যতম ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা। জনবিশ্বাস-মতে লক্ষ্মীপূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্তসকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে। ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে।
পূব ভাৰতত আহিন মাহৰ দুৰ্গাপূজাৰ পিছত পূৰ্ণিমা তিথিত লক্ষ্মীপূজা অনুষ্ঠিত হয়। এই পূজাক কজাগৰী লক্ষ্মীপূজা বুলিও কোৱা হয়। সধবা তিৰোতাই এইদিনা চাউলৰ গুড়ি আৰু আবীৰেৰে আল্পনা আঁকি লক্ষ্মীপূজা পাতে। লক্ষ্মীপূজাত লক্ষ্মী-চৰিত আৰু পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে লক্ষ্মীপূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়। বহুতৰে ঘৰত প্ৰতি বৃহস্পতিবাৰে লক্ষ্মী দেৱীৰ পূজা অনুষ্ঠিত কৰে।