শিশু
From Wikipedia, the free encyclopedia
শিশু হৈছে ভূমিষ্ঠকালীন ব্যক্তিৰ প্ৰাথমিক ৰূপ। যি যৌৱনপ্ৰাপ্ত হোৱা নাই বা বয়সন্ধিক্ষণত প্ৰৱেশ কৰা নাই তেওঁকে সমাজ তথা ৰাষ্ট্ৰই শিশু হিচাপে চিহ্নিত কৰিছে।[1][2]সচৰাচৰ যি ল'ৰা বা কন্যা ১৮ বছৰৰ তলত অৱস্থান কৰে, তেওঁকেই শিশু হিচাপে চিহ্নিত কৰা হয়।[3] আকৌ অনাগত সন্তান অৰ্থাৎ যি সন্তান এতিয়াও ভূমিষ্ঠ হোৱা নাই বা মাকৰ গৰ্ভত অৱস্থান কৰি আছে সেই ভ্ৰূণকো শিশুৰূপে মান্যতা দিয়া হয়। এজন ব্যক্তিক তেওঁৰ মাক-দেউতাকৰ ওচৰত ওৰেটো জীৱন সন্তান বা শিশু হিচাপেই চিহ্নিত হৈ থাকে। সেয়ে, নিৰ্দিষ্ট সময়, স্থান অথবা ঘটনাৰ পৰিপ্ৰেক্ষিতত 'শিশুসুলভ আচৰণ' বা 'সাত বছৰীয়া শিশু' আদি বিশেষণ সমূহ প্ৰয়োগ কৰা হয়।[4] জীৱবিজ্ঞানৰ ভাষাত - মনুষ্য সন্তানৰ জন্ম তথা বয়সন্ধিৰ মধ্যৱৰ্তী পৰ্যায়ৰ ৰূপ হৈছে শিশু। চিকিৎসা বিজ্ঞানৰ সংজ্ঞানুযায়ী মাতৃগৰ্ভত ভ্ৰুণ আকাৰে অ-ভূমিষ্ঠ সন্তানেই শিশু।
বৈবাহিক জীৱনত কোনো ব্যক্তিৰ যদি পূৰ্ব সংসাৰৰ কোনো সন্তান থাকে তেনেহ'লে নুতন সংসাৰত ভূমিষ্ঠ শিশুটি আৰু পূৰ্বৰ সন্তানক পৰস্পৰৰ সতীয়া বুলি কোৱা হয়। মাক-দেউতাক উভয়ৰে মৃত্যুঁজনিত কাৰণত শিশুক ঘাট-মাউৰা বুলি কোৱা হয় আৰু মাক-দেউতাকৰ পৰিচয় নোহোৱা শিশুক অনাথ বা জহৰা বোলে।