শিশু দিৱস (ভাৰত)
ভাৰতত শিশু আৰু শিশু সম্পৰ্কীয় কামৰ বাবে উদযাপিত দিৱস / From Wikipedia, the free encyclopedia
শিশু দিৱস হৈছে শিশুৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা এক দিৱস। শিশুৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হোৱা বুলি জনাজাত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনত প্ৰতি বছৰে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত সমগ্ৰ ভাৰততে শিশুসকলৰ বাবে বিভিন্ন শিক্ষামূলক আৰু প্ৰেৰণাদায়ক কাৰ্যসূচী অনুষ্ঠিত হয়।[1]
ক্ষিপ্ৰ তথ্য শিশু দিৱস, পালন কৰে ...
শিশু দিৱস | |
---|---|
পালন কৰে | ভাৰত |
প্ৰকাৰ | ৰাষ্ট্ৰীয় |
মহত্ব | শিশুৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে সজাগতা সৃষ্টি। |
তাৰিখ | ১৪ নৱেম্বৰ |
পৰৱৰ্তী তাৰিখ | প্ৰতি বছৰে একেটাই দিন |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক