শীতলা
হিন্দু দেৱী / From Wikipedia, the free encyclopedia
শীতলা বা আই (ইংৰাজী: Shitala) এগৰাকী হিন্দু দেৱী। তেওঁ ঘাঁ, ফুচুৰী, বসন্ত ৰোগ, পিশাচ আৰু ৰোগৰ অধিষ্ঠাত্ৰী দেৱী। ভাৰতীয় উপমহাদেশত শীতলাক বহুলভাৱে উপাসনা কৰা হয়।[1] তেওঁ দেৱী দুৰ্গাৰ অৱতাৰ আৰু আই ৰোগ আৰোগ্য কৰে বুলি বিশ্বাস কৰা হয়। হোলীৰ অষ্টম দিনা শীতলা অষ্টমীৰ দিনা তেওঁৰ পূজা কৰা হয়। অসমীয়া লোকসকলে অনুষ্ঠিত কৰা উৎসৱ-পাৰ্বন সমূহৰ ভিতৰত এক বিশেষ অনুষ্ঠান আই সবাহ তেওঁৰ উদ্দেশ্য পালন কৰা হয়। এই সবাহ সাধাৰণতে এক লোক ৰীতি। যি বসন্ত ৰোগ বা আই ওলোৱাৰ সৈতে জড়িত। ইয়াৰ লগতে আই নাম নামৰ আধ্যাত্মিক লোকগীত সমূহো জড়িত।[2]
শীতলা আই | |
---|---|
ঘাঁ, ফুচুৰী, বসন্ত ৰোগ, পিশাচ আৰু ৰোগৰ দেৱী | |
সম্পৰ্ক | দেৱী আদিশক্তি পাৰ্বতী |
মন্ত্ৰ | ওঁ নমামি শীতলাং দেবীং ৰাসভস্থাং দিগম্বৰীম্। মাৰ্জ্জনীকলসোপেতাং সূৰ্পালঙ্কৃতমস্তকাম্। |
অস্ত্ৰ | ঝাড়ু, বিচনী, পানীৰে পূৰ্ণ পাত্ৰ |
সঙ্গী | শিৱ |
বাহন | গাধ বৃষভ (জয়ৰাম দাসৰ শীতলা নাম অনুসৰি) |
স্কন্দ পুৰণৰ মতে যেতিয়া দেৱী সকলে দুৰ্গা দেৱীৰ বাবে এক যজ্ঞ অনুষ্ঠান কৰিছিল। সেই যজ্ঞৰ অগ্নিৰ পৰা দেৱী শীতলা বাহন গাধত বহি পানীৰে পূৰ্ণ পাত্ৰ আৰু ৰূপৰ ঝাড়ু এডাল লৈ আৱিৰ্ভাৱ হৈছিল। সেইসময়ত ভগৱান শিৱৰ ঘামৰ পৰা জ্বৰাসুৰৰ জন্ম হৈছিল আৰু সি গোটেই বিশ্বত ৰোগ বিয়পাইছিল। দেৱী শীতলাই জ্বৰাসুৰক পৰাস্ত কৰি নিজৰ সেৱক হিচাপে গ্ৰহণ কৰিছিল আৰু পৃথিৱীক ৰোগৰ পৰা মুক্তি দিছিল। অসমত প্ৰচলিত শীতলা নাম অনুসৰি মনসা দেৱীৰ নাভিমূলৰ পৰা তেওঁৰ উৎপত্তি হৈছিল আৰু তেওঁ বৃষভ বাহনা।[2]