শেষনাগ
From Wikipedia, the free encyclopedia
শেষনাগ বা অনন্ত শেষ বা আদিশেষ হৈছে সকলো নাগৰে ৰজা আৰু সৃষ্টিৰ আদি জীৱসমূহৰ অন্যতম। পুৰণসমূহৰ বৰ্ণনা অনুসৰি শেষনাগে তেওঁৰ ফণাসমূহত ব্ৰহ্মাণ্ডৰ গ্ৰহসমূহ ধাৰণ কৰে আৰু অবিৰাম বিষ্ণুৰ মাহাত্ম্যৰ গীত গায়। কোৱা হয় যে শেষনাগে কুণ্ডলী পকালে সময়ে গতি লাভ কৰে, ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু আৰু ধ্বংস হয়।
ক্ষিপ্ৰ তথ্য শেষনাগশেষ অনন্ত শেষ, সম্পৰ্ক ...
শেষনাগ শেষ অনন্ত শেষ | |
---|---|
নাগসকলৰ ৰজা[1] | |
অনন্ত শেষ | |
সম্পৰ্ক | বিষ্ণুৰ ভক্ত, নাগ |
নিবাস | ক্ষীৰ সাগৰ |
সহোদৰ | মনসা, বাসুকী, তক্ষক আদি |
সন্তান | সুলোচনা |
বন্ধ কৰক
বিষ্ণুক সততে শেষনাগৰ ওপৰত শয়ন কৰা অৱস্থাত চিত্ৰিত কৰা হয়। শেষনাগ বিষ্ণুৰ পৰম ভক্ত। ত্ৰেতা যুগত বিষ্ণুৱে ৰামৰ অৱতাৰ লওঁতে শেষনাগে লক্ষ্মণ ৰূপে আৰু দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ লওঁতে বলৰাম ৰূপে অৱতাৰ গ্ৰহণ কৰিছিল। মহাভাৰতৰ আদি পৰ্বৰ মতে শেষনাগৰ পিতৃ-মাতৃ হৈছে ঋষি কাশ্যপ আৰু কদ্ৰু।