ষাঠি বছৰীয়া আৱৰ্তন
From Wikipedia, the free encyclopedia
ষাঠি বছৰীয়া আৱৰ্তন বা গাঞ্জি (চীনা: 干支) হ'ল ঐতিহাসিকভাৱে সময় লিপিবদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা ষাঠিটা পদৰ আৱৰ্তন। ইয়াৰ প্ৰতিটো পদে এবছৰ বুজাই, এটা আৱৰ্তন ত মুঠ ষাঠি বছৰ থাকে।[1] এই প্ৰথা অসমৰ টাই-আহোম সকলৰ মাজত প্ৰচলিত যাক লাক-নি বুলি কোৱা হয়। প্ৰথম চীনা লিখিত গ্ৰন্থত খ্ৰীষ্টপূৰ্ব দ্বিতীয় সহস্ৰাব্দৰ শেষৰ ফালে দিন লিপিবদ্ধ কৰাৰ মাধ্যম হিচাপে দেখা যায়। বছৰ লিপিবদ্ধ কৰিবলৈ ইয়াৰ ব্যৱহাৰ খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ মাজভাগৰ পৰা আৰম্ভ হৈছিল।[2]এই আৱৰ্তন চীনা সংস্কৃতিৰ প্ৰভাৱ পৰা এছিয়ান ৰাষ্ট্ৰ আৰু ভূখণ্ড বিশেষকৈ জাপান, কোৰিয়া আৰু ভিয়েটনামৰ পৰম্পৰাগত কেলেণ্ডাৰ ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ অংশ। পুৰণি চীনা ব্যৱস্থাটো এতিয়াও টাইৱানতআৰু কম পৰিমাণে মূল চীনা ভূমিত ব্যৱহাৰ কৰা হয়। দিন আৰু বছৰ গণনাৰ এই পৰম্পৰাগত ব্যৱস্থাই আধুনিক চীনা সময় নিৰ্ধাৰণ বা চৰকাৰী কেলেণ্ডাৰত এতিয়া বিশেষ ভূমিকা গ্ৰহণ নকৰে। কিন্তু চীনৰ জিনহাই বিপ্লৱ, জাপানী বছিন যুদ্ধ, কোৰিয়াৰ ইমজিন যুদ্ধ, ভিয়েটনামী দুৰ্ভিক্ষৰ ট ডু, ট মু থান আদি বহুতো ঐতিহাসিক পৰিঘটনাৰ নামত এই আৱৰ্তন ব্যৱহাৰ কৰা হয়। চীনা জ্যোতিষ আৰু ভৱিষ্যদ্বাণীতো ইয়াৰ ভূমিকা অব্যাহত আছে।[3]