From Wikipedia, the free encyclopedia
সত্ৰীয়া নৃত্য ভাৰতৰ সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্য্যদা প্ৰদান কৰা ৮টা নৃত্য শৈলীৰ অন্যতম। সত্ৰীয়া নৃত্যৰ 'সত্ৰীয়া' শব্দটো 'সত্ৰ'ৰ পৰা আহিছে।[1] মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰতিষ্ঠিত সত্ৰসমূহৰ যোগেৰে প্ৰায় ১৫ শ শতিকাৰ পৰাই এই নৃত্যধাৰা অসমত প্ৰচলিত হয়।[2] সত্ৰীয়া নৃত্য-মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে ভক্তিধৰ্ম প্ৰচাৰৰ অৰ্থে শাস্ত্ৰীয় নৃত্যৰ সম্পদক আশ্ৰয় কৰি সৃষ্টি কৰা, আৰু তেওঁৰ পৰৱৰ্তী প্ৰচাৰকসকলে কিছু পৰিমাণে সংবৰ্দ্ধন ঘটোৱা আৰু সত্ৰসমূহৰ হাতত সংৰক্ষিত, পৰিবৰ্ধিত,পৰিশীলিত, আৰু ব্যাকৰণসন্মত হিচাপে জনপ্ৰিয় হৈ উঠা নৃত্যধাৰাকে সাধাৰণতে সত্ৰীয়া নৃত্য বুলি কোৱা হয়। [উদ্ধৃতিৰ প্ৰয়োজন]
সত্ৰীয়া নৃত্য | |
---|---|
ৰামকৃষ্ণ তালুকদাৰৰ দ্বাৰা সত্ৰীয়া নৃত্য | |
শৈলী | ভাৰতীয় শাস্ত্ৰীয় নৃত্য |
প্ৰাচীন কালৰে পৰাই অসমত নৃত্য-কলাৰ প্ৰচলন হৈ আহিছিল। প্ৰায় ১৫ শ শতিকৰ পৰা প্ৰচলিত এই নৃত্যধাৰা, ১৯ শ শতিকাৰ মাজভাগত বৈষ্ণৱ ধৰ্মীয় সত্ৰসমূহৰ পৰা আধুনিক মঞ্চলৈ ওলাই আহে। পৰম্পৰাগতভাৱে সত্ৰসমূহত এই নৃত্য মাথোঁ ভকত (পুৰুষ)সকলৰ মাজতে আৱদ্ধ আছিল। কিন্তু আধুনিক মঞ্চৰ স্বীকৃতি পোৱাৰ লগে লগে এই নৃত্য পুৰুষ মহিলা উভয়ে পৰিৱেশন কৰিবলৈ ধৰে।
২০০০ চনৰ ১৫ নৱেম্বৰত এক সুকীয়া শৈলীৰ এই নৃত্যক সংগীত নাটক একাডেমীয়ে ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা প্ৰদান কৰে।
প্ৰচলিত ধৰ্মীয় আখ্যানসমূহ এক বিশেষ শৈলীৰে এই নৃত্যৰ দ্বাৰা ব্যাখ্যা কৰা হয়।
সত্ৰীয়া নৃত্য বিভিন্ন ভাগত বিভক্ত।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.