সাঁথৰ
From Wikipedia, the free encyclopedia
সাঁথৰ (ইংৰাজী: Riddle) হৈছে দ্বৈত অৰ্থ বা অস্পষ্ট অৰ্থ থকা এক বাক্য, প্ৰশ্ন বা খণ্ড-বাক্য, যাক প্ৰহেলিকাৰ ৰূপত সমাধান কৰিবৰ বাবে আগবঢ়োৱা হয়। সাঁথৰত বক্তব্য লুপ্ত থাকে অৰ্থাৎ ই গুপ্ত বা গোপনীয় অৰ্থযুক্ত কথাহে৷[1] কোনো এটা প্ৰশ্নৰ উত্তৰ পোনপটীয়াভাৱে নিবিচাৰি ইয়াত আওপকীয়াকৈ উত্তৰ বিচৰা মানুহজনক প্ৰশ্ন কৰা হয়। সাধাৰণতে প্ৰশ্নটোৰ মাজতে ইয়াৰ উত্তৰ সোমাই থাকে যদিও সেই কথা অলপ চিন্তা কৰিলেহে বিচাৰি পোৱা যায়। সাঁথৰ হৈছে মানুহৰ খেয়ালি মনৰ পৰিচায়ক। সাঁথৰসমূহ মানুহৰ মুখেমুখে প্ৰচলিত হৈ থাকে আৰু সাধাৰণতে শিশুৰ মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰা হয়। সাঁথৰৰ গুপ্ত অৰ্থ ভেদ কৰিব নোৱাৰিলে সাঁথৰৰ পৰা আনন্দ লাভ কৰাটো টান হৈ পৰে৷ সাঁথৰৰ উত্তৰ দিবলৈ চিন্তন আৰু মননৰ আৱশ্যক৷[1] সাঁথৰ শব্দৰ প্ৰতিশব্দৰূপে “দৃষ্টান্ত’’ বা “দিষ্টান’’ ব্যৱহাৰ কৰা হয়৷ সাঁথৰ প্ৰহেলিকাময় প্ৰশ্ন, সোধোঁতাই উত্তৰ নজনাসকলক বিভ্ৰান্ত কৰিবলৈ আৰু তেওঁলোকৰ উদ্ভাৱনী শক্তি পৰীক্ষা কৰিবলৈ চাতুৰীৰে প্ৰশ্ন নিক্ষেপ কৰে৷ সাঁথৰত পৰস্পৰ বিৰোধী বৰ্ণনা বাক্যৰ স্থিতি লক্ষ্য কৰা যায়৷[2]