From Wikipedia, the free encyclopedia
হোলোং ( বৈজ্ঞানিক নাম :Dipterocarpus retusus)[2] এক সাধাৰণ মধ্যম বৰ্গৰ কঠিন কাঠৰ বৃক্ষ। এই ডাঙৰ আকাৰৰ গছজোপা ডিপ্টেৰ'কাৰ্পাছ প্ৰজাতিৰ আটাইতকৈ পৰিচিত প্ৰজাতি। ই চীন, ভিয়েটনাম, ফিলিপাইনছ, লাওছ, কম্বোডিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, ম্যানমাৰ আৰু ভাৰতৰ মূল বাসিন্দা।[3][4] প্ৰায় ২০–৩০ মিটাৰ (৭০–১০০ ফুট) ওখ[4] এই গছজোপা কম্বোডিয়াত সমভূমিৰ ঘন অৰণ্যত পোৱা যায়, পাহাৰৰ ঢালত আৰু নদীৰ কাষত আৰু ৮০০ মিটাৰ (২,৬০০ ফুট)ৰ পৰা ১৫০০ মিটাৰ (৫,০০০ ফুট) ভিতৰৰ অৰণ্যত সাধাৰণতে পোৱা যায়। হোলোং অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জাতীয় গছ।[5] ইংৰাজীত হোলোঙক "Hollong Tree" বোলা হয়।
হোলোং Dipterocarpus macrocarpus | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Malvales |
পৰিয়াল: | Dipterocarpaceae |
গণ: | Dipterocarpus |
প্ৰজাতি: | D. retusus |
বৈজ্ঞানিক নাম | |
Dipterocarpus retusus Blume[1] | |
সমাৰ্থক | |
|
ভাৰতত এই কাঠ প্লাইউড আৰু বিভিন্ন আচবাব বনোৱাত ব্যৱহাৰ কৰা হয়। চীনত এই কাঠ নিৰ্মাণকাৰ্যত ব্যৱহাৰ কৰা হয়। হোলোং গছক অসমৰ মৰাণ জনগোষ্ঠীৰ লোক সকলে পবিত্ৰ গছ বুলি বিশ্বাস কৰে। কাঠ আৰু ৰেজিনৰ বাবে প্ৰধানকৈ এই গছৰ খেতি কৰা হয়। টৰ্চ আৰু মমবাতি তৈয়াৰ কৰাৰ উদ্দেশ্যে কম্বোডিয়াত পাহাৰীয়া অঞ্চলৰ মানুহে এই গছ সংগ্ৰহ কৰে। খুটা আৰু তক্তাৰ বাবে এই কাঠ উপযুক্ত।[4]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.