২০০৬ৰ অসম বিধানসভা নিৰ্বাচন দ্বাদশ বিধানসভা গঠন কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত দুটা পৰ্যায়ত ভোটগ্ৰহণ হয়; ৬৫টা বিধানসভা সমষ্টিৰ বাবে ৩ এপ্ৰিলত আৰু ৬১টা বিধানসভা সমষ্টিৰ বাবে ১০ এপ্ৰিলত। ৫৩খন আসনেৰে ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বাধিক সংখ্যক আসন লাভ কৰে। কিন্তু চৰকাৰ গঠন কৰিবলৈ এই সংখ্যা পৰ্যাপ্ত নোহোৱাত কংগ্ৰেছে তৰুণ গগৈৰ মুখ্যমন্ত্ৰিত্বত বড়োলেণ্ড পিপলছ ফ্ৰন্টৰ সমৰ্থনত চৰকাৰ গঠন কৰে। বিধানসভাত বি.পি.এফ.ৰ ১২জন বিধায়ক আছিল।[1] অৱশ্যে নবগঠিত বি.পি.এফ. দল নিৰ্বাচনৰ সময়লৈকে নিৰ্বাচন আয়োগৰ পঞ্জীভূক্ত নোহোৱাত তেওঁলোকে নিৰ্দলীয় সদস্য ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ২৪খন আসনেৰে অসম গণ পৰিষদ দ্বিতীয় স্থানত থাকে।[2][3]
ক্ষিপ্ৰ তথ্য অসম বিধানসভাৰ সমগ্ৰ ১২৬টা সমষ্টি সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন, ভোটদানৰ হাৰ ...
অসম বিধানসভা নিৰ্বাচন, ২০০৬
|
|
|
অসম বিধানসভাৰ সমগ্ৰ ১২৬টা সমষ্টি সংখ্যাগৰিষ্ঠতাৰ বাবে ৬৪ খন আসনৰ প্ৰয়োজন |
ভোটদানৰ হাৰ |
৭৫.৭৭% |
|
সংখ্যাগৰিষ্ঠ দল |
সংখ্যালঘিষ্ঠ দল |
|
|
|
নেতা |
তৰুণ গগৈ | বৃন্দাবন গোস্বামী |
দল |
কংগ্ৰেছ |
অগপ |
নেতাৰ আসন |
তিতাবৰ | তেজপুৰ |
|
|
অসম বিধানসভাৰ সমষ্টিসমূহ |
|
বন্ধ কৰক