ৰমন মেগছেছে বঁটা
From Wikipedia, the free encyclopedia
ৰমন মেগছেছে বঁটা ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত প্ৰতি বছৰে আগবঢ়োৱা আন্তৰ্জাতিক বঁটা। এই বঁটা আন্তৰ্জাতিক বুজা-পৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, সমাজ সেৱা, উজ্জীৱিত নেতৃত্ব, চৰকাৰী সেৱা আৰু ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক প্ৰদান কৰা হয়। এই বঁটা ১৯৫৮ চনৰ পৰা প্ৰদান কৰি অহা হৈছে।[1][2] ১৯৫৭ চনৰ এপ্ৰিল মাহত নিউয়ৰ্ক চিটিৰ ৰকফেলাৰ ব্ৰাদাৰ ফাণ্ডৰ ট্ৰাষ্টি সকলে ফিলিপাইন চৰকাৰৰ লগত লগ লাগি এই বঁটা প্ৰদান কৰিছিল।[3][4]এই বঁটাক এছিয়াৰ নোবেল বঁটা হিচাপেও অভিহিত কৰা হয়। এছিয়া মহাদেশৰ দেশ সমূহৰ ব্যক্তি বা সংস্থাকহে এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।[5]
ক্ষিপ্ৰ তথ্য ৰমন মেগছেছে বঁটা, বিৱৰণ ...
ৰমন মেগছেছে বঁটা | |
---|---|
বিৱৰণ | আন্তৰ্জাতিক বুজা-পৰা, সাংবাদিকতা, সাহিত্য আৰু সৃষ্টিশীল কৰ্মৰাজি, সমাজ সেৱা, উজ্জীৱিত নেতৃত্ব, চৰকাৰী সেৱা আৰু ৰাজহুৱা নেতৃত্বৰ বিষয়ত বিশিষ্ট সেৱাৰ বাবে আগবঢ়োৱা বঁটা |
দেশ | এছিয়া মহাদেশৰ সকলো দেশ |
প্ৰদান কৰোঁতা | ৰমন মেগছেছে বঁটা ফাউণ্ডেচন |
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল | ১৯৫৮ |
ৱেবচাইট | http://www.rmaf.org.ph |
বন্ধ কৰক