From Wikipedia, the free encyclopedia
ৰাচেল লুইচ কাৰ্ছন (২৭ মে ১৯০৭ - ১৪ এপ্ৰিল ১৯৬৪) এগৰাকী সামুদ্ৰিক জীৱবিজ্ঞানী (marine biologist) আৰু সংৰক্ষণবাদী (conversatrionist) আছিল। তেওঁৰ কিতাপ "ছাইলেন্ট স্প্ৰিং" আৰু অন্যান্য ৰচনাসমূহে গোলকীয় পৰিবেশ আন্দোলনলৈ বিশেষ অৱদান আগবঢ়াইছিল।
ৰাচেল কাৰ্ছন | |
---|---|
Rachel Carson, 1940 Fish & Wildlife Service employee photo | |
জন্ম | Rachel Louise Carson ২৭ মে', ১৯০৭ Springdale, Pennsylvania, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ১৪ এপ্ৰিল, ১৯৬৪ (৫৬ বছৰ) Silver Spring, Maryland, U.S.[1][2] |
পেচা | Marine biologist, writer and environmentalist |
মাতৃশিক্ষায়তন | Chatham University, Johns Hopkins University |
সময় | 1937–1964 |
ধৰণ | Nature writing |
বিষয় | Marine biology, ecology, pesticides |
উল্লেখনীয় কৰ্মৰাজি | The Sea Around Us (1951) The Edge of the Sea (1955) Silent Spring (1962) |
কাৰ্ছনে ইউ এছ ব্যুৰু অব ফিশ্বাৰিজ-অত জল-জীৱবিজ্ঞানী (aquatic biologist) হিচাবে কৰ্মজীৱন আৰম্ভ কৰে[3] আৰু ১৯৫০ চনলৈ এগৰাকী পূৰ্ণকালীন (full time) লিখক হৈ পৰে। তেওঁৰ বহুপ্ৰশংসিত ১৯৫১ চনৰ বহুবিক্ৰীত(bestseller) "দা ছী এৰাউণ্ড আছ"-এ আমেৰিকাৰ "নেশ্যনেল বুক এৱাৰ্ড" পায়[4] আৰু এক প্ৰতিভাশালী লিখক হিচাবে বিখ্যাত হোৱাৰ উপৰিও তেওঁক আৰ্থিক স্বাবলম্বীতা দিয়ে। তেওঁৰ দ্বিতীয় কিতাপ "দা এ'ড্জ অব দা ছী" আৰু প্ৰথম কিতাপখনৰে এক নব-প্ৰকাশন "আণ্ডাৰ দা ছী উইণ্ড"-ও বহুবিক্ৰীত হৈ পৰে। এই তিনিখন কিতাপে সাগৰৰ তীৰৰ পৰা গভীৰতালৈ সাগৰীয় জীৱনৰ বিষয়ে অনুসন্ধান উপস্থাপন কৰিছে।
১৯৫০ অত কাৰ্ছনে পৰিবেশ সংৰক্ষণ, বিশেষকৈ কীটনাশকৰ ফলত সৃষ্টি হোৱা পৰিবেশৰ অনিষ্টকৰণলৈ মন দিয়ে। এই বিষয়ে লিখা তেওঁৰ কিতাপ "ছাইলেন্ট স্প্ৰি"-এ আমেৰিকাৰ জনসাধাৰণৰ এক বৃহৎ অংশৰ মাজত পৰিবেশ সজাগতা সৃষ্টি কৰিলে। কীটনাশক প্ৰস্তুতকাৰী কোম্পানীবোৰৰ বিৰোধিতা সত্বেও ই ৰাষ্ট্ৰৰ কীটনাশক নীতিসমূহৰ সংশোধন আৰম্ভ কৰোৱালে। আমেৰিকাত DDT আৰু অন্যান্য কীটনাশকৰ প্ৰয়োগত নিষেধ আৰোপ কৰা হ'ল। লগতে এই সজাগতাই তৃণমূল পৰ্যায়ত এক পৰিবেশ সংৰক্ষণ আন্দোলনৰ সৃষ্টি কৰিলে আৰু ইউনাইটেড ষ্টেটছ এনভাইৰণমেন্টেল প্ৰটেক্শ্যন এজেন্সি গঠন কৰা হ'ল[5]।
পাচত ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে কাৰ্ছনক মৰণোত্তৰভাবে প্ৰেছিডেন্সিয়েল মেডেল অব ফ্ৰীডম সন্মান প্ৰদান কৰে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.