পৰম বীৰ চক্ৰ সন্মানেৰে সন্মানিত ভাৰতীয় সৈনিক From Wikipedia, the free encyclopedia
মেজৰ ৰামাস্বামী পৰমেশ্বৰন (ইংৰাজী: Ramaswamy Parameshwaran), পিভিচি (১৩ ছেপ্টেম্বৰ ১৯৪৬, মুম্বাই – ২৫ নৱেম্বৰ ১৯৮৭, শ্ৰীলংকা) ভাৰতীয় সেনাবাহিনীৰ এগৰাকী বিষয়া আছিল।[2][3] তেওঁ ব্যতিক্ৰমী সাহস, নেতৃত্ব প্ৰদৰ্শন কৰিছিল আৰু শ্ৰীলংকাত হোৱা অপাৰেচন পৱনৰ সময়ত কৰা পৰম ত্যাগৰ বাবে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ সামৰিক সজ্জা পৰম বীৰ চক্ৰেৰে সন্মানিত কৰা হৈছিল।[4][5] সতীৰ্থসকলৰ মাজত তেওঁ "পেৰী চাহাব" নামেৰে পৰিচিত আছিল।[6][7]
মেজৰ ৰামাস্বামী পৰমেশ্বৰন পিভিচি | |
---|---|
জন্ম | ১৩ ছেপ্টেম্বৰ, ১৯৪৬ বম্বে, বম্বে ৰাজ্য, ব্ৰিটিছ ভাৰত |
মৃত্যু | ২৫ নৱেম্বৰ, ১৯৮৭ (৪১ বছৰ) শ্ৰীলংকা |
আনুগত্য | ভাৰতীয় গণৰাজ্য |
চাকৰি/শাখা | ভাৰতীয় সেনা |
চাকৰিৰ কাৰ্যকাল | ১৯৭২-১৯৮৭ |
পদমৰ্যদা | মেজৰ |
চাৰ্ভিছ নাম্বাৰ | এছ এছ-২৫৫৭৩ (শ্বৰ্ট-চাৰ্ভিচ কমিছন)[1] আইচি-৩২৯০৭ (ৰেগুলাৰ কমিচন) |
ইউনিট | ৮ মহাৰ ৰেজিমেণ্ট আইপিকেএফৰ সৈতে সংযুক্ত |
যুদ্ধ-বিগ্ৰহ | শ্ৰীলংকাৰ গৃহযুদ্ধ অপাৰেচন পৱন |
পুৰস্কাৰ | পৰম বীৰ চক্ৰ |
১৯৪৬ চনৰ ১৩ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ মুম্বাইত শ্ৰী কে এছ ৰামাস্বামীৰ ঔৰষত আৰু শ্ৰীমতী জানকীৰ গৰ্ভত মেজৰ পৰমেশ্বৰনে জন্মগ্ৰহণ কৰিছিল।[8] মুম্বাইৰ এখন হাইস্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৬৩ চনত স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ১৯৬৮ চনত SIES কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[9]
মেজৰ ৰামাস্বামী পৰমেশ্বৰনৰ স্মৃতিত আৰু ভাৰতীয় সামৰিক বাহিনীলৈ তেওঁৰ ব্যতিক্ৰমী অৱদানৰ প্ৰতি সন্মান জনাই চেন্নাইৰ এটা গৃহ নিৰ্মাণ প্ৰকল্পক তেওঁৰ সন্মানত "পৰমেশ্বৰ পুৰম" নামেৰে নামকৰণ কৰা হয়।[10]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.