চৌদি আৰৱৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ From Wikipedia, the free encyclopedia
ৰিয়াধ (আৰৱী: الرياض অৰ্থ উদ্যান) চৌদি আৰৱৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ নগৰ । ই চৌদি আৰৱৰ ৰিয়াধ প্ৰান্তৰ ৰাজধানী হোৱাৰ উপৰিও নেজ্দ আৰু আল য়ামামাৰ দৰে ঐতিহাসিক ক্ষেত্ৰৰ লগতো ইয়াৰ সম্পৰ্ক আছে। সমুদ্ৰপৃষ্ঠৰ পৰা ২৫০০ ফুট উচ্চতাত আৰৱ মালভূমিত ৰিয়াধ অৱস্থিত ।
ৰিয়াধ নগৰ
الرياض | |
---|---|
দেশ | চৌদি আৰৱ |
প্ৰান্ত | ৰিয়াধ প্ৰান্ত |
চৰকাৰ | |
• মেয়ৰ | আব্দুল্লাহ বিন আব্দুলৰহমান আলমগবেল |
• ৰাজ্যপাল | ফেইজল বিন বান্দাৰ আল চাউদ |
কালি | |
• মুঠ | 1,300 km2 (500 sq mi) |
জনসংখ্যা (2010) | |
• মুঠ | 57,00,000 |
• ঘনত্ব | 4,400/km2 (11,000/sq mi) |
আৰৱীত ৰিয়াধৰ আক্ষৰিক অৰ্থ উদ্যান বা বাগিচা । খেজুৰ আৰু ফলৰ বাগিচাৰ বাবে ই বিখ্যাত ।
১৯০২ চনত যুৱক আব্দুল আজীজে ৰিয়াধৰ নিয়ন্ত্ৰণ গ্ৰহণৰ পিছত লোহিত সাগৰ পৰ্যন্ত বিস্তৃত আৰৱ উপদ্বীপৰ বিশাল অঞ্চলৰ ওপৰত ক্ৰমান্বয়ে আধিপত্য প্ৰতিষ্ঠাৰ ভিত্তি হিচাপে ৰিয়াধক তেওঁ ব্যৱহাৰ কৰিছিল । এই অঞ্চল ১৯৩২ চনত চৌদি আৰৱীয় ৰাজতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা পায়। বৰ্তমান ৰিয়াধ অত্যাধুনিক স্থাপত্যত অগ্ৰণী আৰু এক ব্যস্ত মহানগৰী। আৰৱ উপদ্বীপৰ হজ্জযাত্ৰী সকলৰ যাত্ৰাপথত এক প্ৰাক্তন ব্যৱসায় কেন্দ্ৰ হিচাপে ৰিয়াধ বহু শতাব্দী আগৰে পৰা মানুহৰ প্ৰধান আকৰ্ষণ আছিল।
ৰিয়াধত দুখন বিশ্ববিদ্যালয় আছে, চিটিজ কিং চৌদ আৰু ইমাম মোহম্মদ বিন চৌদ ইচলামিক বিশ্ববিদ্যালয় । ইয়াৰোপৰি আছে সেনা আৰু নিৰাপত্তা মহাবিদ্যালয়, তথ্য- সাংস্কৃতিক আৰু সাংস্কৃতিক কেন্দ্ৰ, খেলাধুলাৰ সুযোগ আৰু ষ্টেডিয়াম , আৰু পুথিভঁৰাল।[1] ফুটবল
ৰিয়াধৰ জলবায়ু গৰমকালি মহাদেশীয়, গৰম আৰু শুষ্ক আকৌ শীতকালত মৃদুভাৱাপন্ন। গৰমত তাপমাত্ৰা ৪০ ডিগ্ৰীৰ পৰা ৪৭ ডিগ্ৰী চে. আকৌ শীতৰ সময়ত তাপমাত্ৰা শূন্যৰ তলত নামি যায়। আদ্ৰতা গড়ে ৩৫%। নবেম্বৰ আৰু মে' মাহত খুব সামান্য বৰষুণ হয়। শীতকালত বতাহ শান্ত থাকে আকৌ গৰমৰ সময়ত উত্তৰৰ ধুলিময় আৰু শুকান বতাহ বয়।
নগৰৰ পৰা ৩৫ কি.মি. উত্তৰত অৱস্থিত বাদশাহ খালিদ আন্তৰ্জাতিক বিমান বন্দৰ ৰিয়াধৰ একমাত্ৰ আন্তৰ্জতিক বিমানবন্দৰ ।[2]
বছৰ | জনসংখ্যা | ±% |
---|---|---|
1918 | 18,000 | — |
1924 | 30,000 | +66.7% |
1944 | 50,000 | +66.7% |
1952 | 80,000 | +60.0% |
1960 | 1,50,000 | +87.5% |
1972 | 5,00,000 | +233.3% |
1978 | 7,60,000 | +52.0% |
1987 | 13,89,000 | +82.8% |
1992 | 27,76,000 | +99.9% |
1997 | 31,00,000 | +11.7% |
2009 | 48,73,723 | +57.2% |
2013 | 58,99,528 | +21.0% |
উৎস: লোকপিয়লৰ তথ্য |
২০০৭ চনত ৰিয়াধৰ মুঠ জনসংখ্যা আছিল ৫৭,০০,০০০ জন। ১৯৭৪ ৰ পৰা ১৯৯২ লৈ ৰিয়াধৰ গড় বৃদ্ধিৰ হাৰ ৮.২% প্ৰতি বছৰ। ১৯৩৫ চনত চহৰ খনৰ জনসংখ্যা আছিল ৪০,০০০ জন আৰু ১৯৪৯ চনত ই ৮৩,০০০ জনলৈ বৃদ্ধি পায়। চহৰ খনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অতি উচ্চ; ১৯৬০ চনৰ ১,৫০,০০০ জনৰ পৰা বৃদ্ধি পায় ২০১০ চনত ৫ নিযুতকৈও অধিক হয়গৈ। ২০১০ চনৰ লোকপিয়ল মতে চহৰ খনৰ ৬৫% পৰিয়াল চৌদি আৰু বাকী ৩৫% পৰিয়াল হৈছে অনা-চৌদি।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.