চীনা বৌদ্ধ ধৰ্ম
চীনা বৈশিষ্ট্যৰ সৈতে বৌদ্ধ ধৰ্ম / From Wikipedia, the free encyclopedia
চীনা বৌদ্ধ ধৰ্ম বা হান বৌদ্ধ ধৰ্ম (পৰম্পৰাগত চীনাত: 漢傳佛教, সৰলীকৃত চীনাত: 汉传佛教, পিন্যিনত: 汉传佛教) মহাযান বৌদ্ধ ধৰ্মৰ এক চীনা ৰূপ। চীনা বৌদ্ধ ধৰ্মই চীনা সংস্কৃতিত এক বিশেষ প্ৰভাৱ পেলাইছে, কলাৰ পৰা ৰাজনীতি, সাহিত্য, দৰ্শন, চিকিৎসা আৰু ভৌতিক সংস্কৃতিত। চীনা বৌদ্ধ ধৰ্ম চীনৰ মূলভূমিত সৰ্ববৃহৎ সংগঠিত ধৰ্ম।[1] অনুমান কৰা হয়, যে বৰ্তমানে গণপ্ৰজাতন্ত্ৰী চীনত ১৮৫ৰ পৰা ২৫০ নিযুত চীনা বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে।[1] টাইৱান আৰু অন্য দেশত বসবাস কৰা চীনা প্ৰব্ৰজনকাৰীৰ মাজতো এই ধৰ্ম অত্যন্ত জনপ্ৰিয়।
বৌদ্ধ ধৰ্ম |
---|
বৌদ্ধ ধৰ্মৰ সন্মিলন |
মুখ্য চৰিত্ৰবোৰ |
গৌতম বুদ্ধ |
চতুৰাৰ্থ সত্য |
ধৰ্মচৰ্চা আৰু বোধিলাভ |
দেশানুসাৰে বৌদ্ধধৰ্ম আৰু অঞ্চলসমূহ |
বৌদ্ধধৰ্মৰ শাখাসমূহ |
ধৰ্মগ্ৰন্থ |
অন্যান্য বিষয়সমূহ |
তুলনামূলক পাঠ |
|
চীন দেশত বৌদ্ধ ধৰ্মৰ প্ৰথম প্ৰৱেশ ঘটিছিল খ্ৰীষ্টপূৰ্ব ২০২ৰ পৰা ২২০ খ্ৰীষ্টাব্দলৈ শাসন কৰা হান বংশৰ দিনত। ভাৰতীয় বৌদ্ধ শাস্ত্ৰসমূহ চীনা ভাষালৈ অনুবাদ কৰা হ'ল আৰু এই অনূদিত সংস্কৰণসমূহক টাওবাদী আৰু কনফুচিয়ানবাদী সাহিত্যৰ সৈতে একেলগে ধৰ্মশাস্ত্ৰৰ গোট সৃষ্টি হ'ল। এই ঘটনাই কোৰিয়া, জাপান আৰু ভিয়েটনামৰ দৰে পূব আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহত বৌদ্ধ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত এক বিশেষ ভূমিকা পালন কৰিছিল। চীনা বৌদ্ধ ধৰ্মত অনেক অনন্য পৰম্পৰাৰ সৃষ্টি হৈছে, যাৰ অন্তৰ্গত টিয়াঞ্চাই, হুৱায়ান, চান বৌদ্ধ ধৰ্ম আৰু শুদ্ধভূমি বৌদ্ধধৰ্ম (প্য'ৰ লেণ্ড বুদ্ধিজম)।
আৰম্ভণিৰ পৰাই চীনা বৌদ্ধ ধৰ্মৰ ওপৰত চীনৰ আন আন ধৰ্ম আৰু দৰ্শনৰ প্ৰভাৱ দেখা যায়, বিশেষকৈ কনফুচিয়ানবাদ আৰু টাওবাদৰ। কিছু পৰিমাণে চীনা লোকধৰ্মৰ প্ৰভাৱো দেখা গৈছে।