বৌদ্ধ ধৰ্ম
বুদ্ধৰ দ্বাৰা প্ৰচাৰিত ধৰ্ম / From Wikipedia, the free encyclopedia
বৌদ্ধ ধৰ্ম গৌতম বুদ্ধৰ দ্বাৰা প্ৰচাৰিত এটা ধৰ্ম বিশ্বাস আৰু জীৱন দৰ্শন। আনুমানিক খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতাব্দীত গৌতম বুদ্ধৰ জন্ম হৈছিল। বুদ্ধৰ পৰিনিৰ্বাৰ্ণৰ পাছত ভাৰতীয় উপমহাদেশ সহ এছিয়াৰ বিভিন্ন অঞ্চলত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ হয়। বৰ্তমান বৌদ্ধ ধৰ্ম দুটা প্ৰধান মতবাদত বিভক্ত। প্ৰধান অংশটো হৈছে হীনযান বা থেৰবাদ (সংস্কৃত ভাষাত: স্থবিৰবাদ)। দ্বিতীয় ভাগটো মহাযান নামে পৰিচিত। বজ্ৰযান বা তান্ত্ৰিক মতবাদটো মহাযানৰ এটা অংশ। বাংলাদেশ, ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, চীন, জাপান, থাইলেণ্ড, ভিয়েটনাম আৰু কোৰিয়াৰ লগতে পূৰ্ব আৰু দক্ষিণ-পূৰ্ব এছিয়াৰ অনেক দেশত এই ধৰ্মবিশ্বাসৰ অনুসৰণকাৰী আছে।
বৌদ্ধ ধৰ্ম |
---|
বৌদ্ধ ধৰ্মৰ সন্মিলন |
মুখ্য চৰিত্ৰবোৰ |
গৌতম বুদ্ধ |
চতুৰাৰ্থ সত্য |
ধৰ্মচৰ্চা আৰু বোধিলাভ |
দেশানুসাৰে বৌদ্ধধৰ্ম আৰু অঞ্চলসমূহ |
বৌদ্ধধৰ্মৰ শাখাসমূহ |
ধৰ্মগ্ৰন্থ |
অন্যান্য বিষয়সমূহ |
তুলনামূলক পাঠ |
|