ছিলঠীয়া নাগৰী
ছিলঠীয়া লিপি / From Wikipedia, the free encyclopedia
ছিলঠীয়া নাগৰী লিপি বা জালালাবাদী নাগৰী লিপি (ইংৰাজী: Sylheti Nagari, ছিলঠীয়া: ꠍꠤꠟꠐꠤ ꠘꠣꠉꠞꠤ Silôṭi Nagôri) হৈছে ছিলঠীয়া ভাষা লিখাৰ বিলাকৰ মাজৰ এবিধ লিপি। এই লিপিবিধ বিলুপ্তপ্ৰায়, ইয়াৰ কাৰণ হৈছে বঙালী বৰ্ণমালাৰ প্ৰসাৰ। বিশেষকৈ বাংলাদেশৰ স্বাধীনতাৰ পিছত ইয়াক বঙালী ভাষাৰ এবিধ উপভাষা বুলি ধৰা হৈছিল আৰু সেইবাবে ইয়াৰ বাবে নিজা কোনো লিপি থকাৰ প্ৰয়োজন বোধ কৰা হোৱা নাছিল। সেইবাবে ছিলঠীয়া ভাষাৰ বাবে পূৰ্বী নাগৰী লিপি (বঙালী-অসমীয়া লিপি) গ্ৰহণ কৰা হৈছিল যি বিধ অসমীয়া আৰু বঙালী ভাষাৰ বাবে ব্যৱহাৰ কৰা হয়। ছিলঠীয়া নাগৰী লিপিক জালালাবাদী নাগৰী, মছলমানী নাগৰী আৰু ফুল নাগৰী বুলিও জনা যায়।
ক্ষিপ্ৰ তথ্য ছিলঠীয়া নাগৰী ꠍꠤꠟꠐꠤ ꠘꠣꠉꠞꠤ, প্ৰকাৰ ...
ছিলঠীয়া নাগৰী ꠍꠤꠟꠐꠤ ꠘꠣꠉꠞꠤ | |
---|---|
প্ৰকাৰ | আবুগিদা |
ভাষা | ছিলঠীয়া, বঙালী |
সময় | আনুমানিক ১৩০৩ খ্ৰীষ্টাব্দ |
ISO 15924 | Sylo, 316 |
দিশ | বাওঁৰ পৰা সোঁ |
ইউনিক'ড নাম | Syloti Nagri |
ইউনিক'ড ৰে'ঞ্জ | U+A800–U+A82F |
বন্ধ কৰক
এই প্ৰৱন্ধটোত অসমীয়াৰ লগতে আন ব্ৰাহ্মী পাঠো আছে। কোনো সঠিক সহায় নোলোৱাকৈও আপুনি ব্ৰাহ্মী পাঠৰ সলনি প্ৰশ্নবোধক চিন বা বাকচসমূহ, ভুল স্থানত থকা স্বৰবৰ্ণ বা লুপ্ত ব্যঞ্জণবৰ্ণসমূহ চাব পাৰে। |