ঔম বিৰলা
লোকসভাৰ অধ্যক্ষ / From Wikipedia, the free encyclopedia
ঔম বিৰলা (ইংৰাজী: Om Birla,জন্ম ২৩ নৱেম্বৰ,১৯৬২) এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ১৭তম লোকসভাৰ অধ্যক্ষ। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ঔম বিৰলায়ে ১৬তম আৰু ১৭তম লোকসভালৈ[1][2] ৰাজস্থানৰ কোটা-বুন্দী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। তেওঁ কোটা দক্ষিণ বিধানসভা সমষ্টিৰ পৰা ৰাজস্থান বিধানসভালৈ তিনিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০১৯ চনৰ ১৯ জুন তাৰিখে তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ১৭তম লোকসভাৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে।
ক্ষিপ্ৰ তথ্য ঔম বিৰলা, ১৭তম লোকসভাৰ অধ্যক্ষ ...
ঔম বিৰলা | |
---|---|
১৭তম লোকসভাৰ অধ্যক্ষ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৯ জুন ২০১৯ | |
পূৰ্বসূৰী | সুমিত্ৰা মহাজন |
লোকসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২০১৪ | |
পূৰ্বসূৰী | ইজয়াৰাজ সিং |
সমষ্টি | কোটা লোকসভা সমষ্টি |
ব্যক্তিগত তথ্য | |
জন্ম | ২৩ নৱেম্বৰ, ১৯৬২ (৬১ বছৰ) কোটা, ৰাজস্থান, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
দাম্পত্যসঙ্গী | ড॰ অমিতা বিৰলা |
বাসস্থান | কোটা, ৰাজস্থান |
পেচা | ৰাজনীতিবিদ |
বন্ধ কৰক