কণামুছৰি
From Wikipedia, the free encyclopedia
কণামুছৰি (ইংৰাজী: Indian Pond Heron, বৈজ্ঞানিক নাম:Ardeola grayii) এবিধ হেৰন (Heron) গোটৰ অন্তৰ্ভুক্ত সৰু আকাৰৰ চৰাই৷ ই দক্ষিণ ইৰাণ, ভাৰত, বাৰ্মা, বাংলাদেশ আৰু শ্ৰী লংকাত প্ৰজনন কৰা বুলি জনা যায় ৷ কণামুছৰি বহুলভাৱে বিস্তৃত আৰু প্ৰায় সকলো জলাশয়তে ইয়াক দেখা যায়৷ উৰন্ত সময়ত উজ্জ্বল বগা ডেউকাৰে ইয়াক সহজে চকুত পৰে, কিন্তু অন্য সময়ত অৰ্থাৎ খাদ্যৰ সন্ধানত চৰি থকা অৱস্থাত চাৰিওকাষৰ পৰিৱেশৰ সৈতে এনেদৰে মিলি থাকে (camouflage)। একেবাৰে কাষ পালেও ইয়াক সহজে দেখা নাযায়৷ এইবাবেই জনমানসত এই প্ৰজাতিৰ চৰাইক কণা বুলি ধাৰণা কৰি ইয়াৰ নাম কণামুছৰি দিয়া হয় [2][3]
ক্ষিপ্ৰ তথ্য কণামুছৰি (Indian Pond Heron), সংৰক্ষণ স্থিতি ...
কণামুছৰি (Indian Pond Heron) | |
---|---|
শ্ৰীলংকাত প্ৰজনন নোহোৱা সময়ত (In non-breeding plumage) এটা কণামুছৰি চৰাই | |
কলিকতাত প্ৰজননৰ সময়ত (In breeding plumage) এটা কণামুছৰি চৰাই) | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Pelecaniformes |
পৰিয়াল: | Ardeidae |
গণ: | Ardeola |
প্ৰজাতি: | A. grayii |
বৈজ্ঞানিক নাম | |
Ardeola grayii (Sykes, 1832) | |
সমাৰ্থক | |
Ardeola leucoptera |
বন্ধ কৰক