দধীচি
From Wikipedia, the free encyclopedia
দধীচি (বা দধ্যাংশ বা দধ্যাঙ্গ) প্ৰাচীন ভাৰতীয় পৌৰাণিক আখ্যানৰ এগৰাকী ঋষি। ঋষি দধীচি আত্মবলিদান আৰু আত্মোৎসৰ্গৰ বাবে প্ৰসিদ্ধ। পুৰাণ বৰ্ণিত কাহিনী অনুসৰি ঋষি দধীচিয়ে নিজৰ দেহ ত্যাগ কৰি দেৱৰাজ ইন্দ্ৰৰ অস্ত্ৰ বজ্ৰ তৈয়াৰ কৰিবলৈ সহায় কৰিছিল। স্বৰ্গ অধিকাৰ কৰি দেৱতাসকলক স্বৰ্গৰ পৰা বহিস্কৃত কৰা বৃত্ৰ নামৰ অসুৰক বধ কৰিবলৈ দেৱতাসকলক এক শক্তিশালী অস্ত্ৰৰ প্ৰয়োজন হৈছিল। সেই সময়ত ঋষি দধীচিয়ে নিজৰ দেহদান কৰি দেৱতাসকলক সহায় কৰিছিল বুলি জনা যায়।
দধীচি |
---|
দধীচি বা দধ্যাংশ সংস্কৃতৰ দধ্য(দৈ) আৰু অংশ(ভাগ) শব্দ মিলিত হৈ সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হ’ল ‘যাৰ দেহে দৈৰ পৰা শক্তি আহৰণ কৰিছে’। ঋষি দধীচিৰ নামটো দধ্যাঙ্গ বা দধ্যাংশ শব্দৰ পৰা আহিছে বুলি বিখ্যাত সংস্কৃত পণ্ডিত পানিনিয়ে তেওঁৰ অস্ত্যাধ্যায়ী গ্ৰন্থত উল্লেখ কৰিছে।
ঋষি দধীচি শিৱভক্ত হিচাপে প্ৰখ্যাত। শিৱ আৰু শক্তি(সতী)ৰ বিচ্ছেদ হোৱাৰ পিছত, শিৱ কিছুদিন অৰণ্যত বাস কৰিছিল বুলি জনা যায়। ঋষি হিচাপে শিৱ বনত আবিৰ্ভাৱ হোৱা দিনটোকে বাৰ্ষিক মহা শিৱৰাত্ৰি হিচাপে উদযাপন কৰা হয়। বনত থকা কালছোৱাত দধীচি আদি ঋষিগণে মহাদেৱৰ আৰাধনা কৰাৰ কথা পুৰাণত উল্লেখ পোৱা যায়।
ভাগৱত পুৰাণ অনুসৰি ঋষি দধীচি ‘অথৰ্বন মুনি’ আৰু তেওঁৰ পত্নী ‘চিত্তি’ৰ পুত্ৰ। ঋষি অথৰ্বনক হিন্দু ধৰ্মশাস্ত্ৰ চাৰিবেদৰ অন্যতম অথৰ্ব বেদৰ ৰচয়িতা হিচাপে জনা যায়। তেওঁৰ পত্নী চিত্তি ঋষি ‘কৰ্দম’ৰ পুত্ৰী আছিল। ঋষি দধীচিৰ পত্নীৰ নাম স্বৰ্চা আৰু পুত্ৰ পিপ্পালাড়া। ঋষি পিপ্পালাড়া প্ৰশ্ন উপনিষদৰ ৰচয়িতা হিচাপে জনা যায়। দধীচিয়ে মুনিয়ে নৈমিশাৰণ্যৰ মিশ্ৰিখ নামে ঠাইত নিজৰ আশ্ৰম প্ৰতিষ্ঠা কৰিছিল বুলি প্ৰবাদ আছে। বৰ্তমান এই ঠাই উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অৱস্থিত। [1] বৰ্তমান ৰাজস্থান ৰাজ্যত প্ৰধানকৈ বসবাস কৰা দধীচ ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকসকল ঋষি দধীচিৰ বংশধৰ বুলি বিশ্বাস প্ৰচলিত আছে।