ফেঁচু
From Wikipedia, the free encyclopedia
ফেঁচু[9] (ইংৰাজী: Black Drongo, বৈজ্ঞানিক নাম-Dicrurus macrocercus) 'Dicruridae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। দক্ষিণ এছিয়াৰ ইৰাণ, ভাৰত, শ্ৰীলংকাৰ পৰা চীন তথা ইণ্ডোনেছিয়া লৈকে ই স্থানীয় ভাৱে প্ৰজনন কৰে। ইয়াৰ সমগ্ৰ দেহটো ক'লা বৰণৰ, নেজ খাঁজকটা (forked)। ই প্ৰধানকৈ পোক-পতংগ খাই জীয়াই থাকে বাবে খেতি-পথাৰৰ আশে পাশে এই চৰাইবিধ পৰ্য্যাপ্ত পৰিমাণে দেখা পোৱা যায়। ফেঁচুক সাধাৰণতে অতিমাত্ৰা আক্ৰমণাত্মক আচৰণৰ বাবে জনা যায়। নিজৰ টেৰিটৰীৰ ভিতৰত সোমোৱা যিকোনো সৰু-বৰ চৰাইকে ই খেদি পঠিয়ায়।
ফেঁচু (Black Drongo) | |
---|---|
Note the white rictal spot at the base of the beak. | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Dicruridae |
গণ: | Dicrurus |
প্ৰজাতি: | D. macrocercus |
বৈজ্ঞানিক নাম | |
Dicrurus macrocercus (Vieillot, 1817) | |
Subspecies | |
D. m. macrocercus (Vieillot, 1817)[2] | |
ফেঁচুৰ বিতৰণৰ মানচিত্ৰ | |
সমাৰ্থক | |
Buchanga atra |