লাক্সেমবাৰ্গ
পশ্চিম ইউৰোপৰ এখন দেশ / From Wikipedia, the free encyclopedia
লাক্সেমবাৰ্গ (ইংৰাজী: Luxembourg) আনুষ্ঠানিক ভাৱে গ্ৰেণ্ড ডাচি অৱ লাক্সেমবাৰ্গ (ইংৰাজী: Grand Duchy of Luxembourg), পশ্চিম ইউৰোপৰ এখন ভূমি আবদ্ধ দেশ। ইয়াৰ পশ্চিম আৰু উত্তৰে বেলজিয়াম, পূবে জাৰ্মানী আৰু দক্ষিণে ফ্ৰান্স। ইয়াৰ ৰাজধানী আৰু আটাইতকৈ জনবহুল চহৰ লাক্সেমবাৰ্গ, ইউৰোপীয় সংঘৰ চাৰিখন প্ৰতিষ্ঠানিক আসনৰ ভিতৰত অন্যতম (ব্ৰাছেলছ, ফ্ৰেংকফৰ্ট আৰু ষ্টাছবাৰ্গৰ সৈতে একেলগে) আৰু ইউৰোপীয় সংঘৰ কেইবাটাও প্ৰতিষ্ঠানৰ আসনৰ, বিশেষকৈ ইউৰোপীয় সংঘৰ ন্যায়ালয়, সৰ্বোচ্চ ন্যায়িক কৰ্তৃপক্ষ। লাক্সেমবাৰ্গৰ সংস্কৃতি, মানুহ আৰু ভাষাসমূহ ইয়াৰ ফৰাচী আৰু জাৰ্মান প্ৰতিবেশী দেশসমূহৰ সৈতে অত্যন্ত জড়িত; লাক্সেমবাৰ্গিছ আইনগত ভাবে লাক্সেমবাৰ্গিছ জনসাধাৰণৰ একমাত্ৰ জাতীয় ভাষা, ফৰাচী আৰু জাৰ্মান ভাষা প্ৰশাসনিক আৰু ন্যায়িক বিষয়তো ব্যৱহাৰ কৰা হয় আৰু তিনিওটাকে সদেশৰ প্ৰশাসনিক নাষা বুলি গণ্য কৰা হয়।
গ্ৰেণ্ড ডাচি অফ লাক্সেমবাৰ্গ | ||||||
---|---|---|---|---|---|---|
নীতিবাক্য "Mir wëlle bleiwe wat mir sinn" (language?) "Nous voulons rester ce que nous sommes" (French) "Wir wollen bleiben, was wir sind" (German) "We want to remain what we are" |
||||||
ৰাষ্ট্ৰীয় সঙ্গীত "Ons Heemecht" ("Our Homeland") ৰাজকীয় সঙ্গীত "De Wilhelmus"a |
||||||
লাক্সেমবাৰ্গৰ অৱস্থান (dark green) – ইউৰোপৰ মেপত (green & dark gray) |
||||||
ৰাজধানী (আৰু বৃহত্তম নগৰ) | লাক্সেমবাৰ্গ[1] | |||||
ৰাষ্ট্ৰভাষা (সমূহ) | National languages: লাক্সেমবাৰ্গিছ
Administrative languages: Luxembourgish, French and German[lower-alpha 1] | |||||
Nationality (2017) |
| |||||
জাতীয়তাসূচক বিশেষণ |
|
|||||
চৰকাৰ | Unitary parliamentary constitutional monarchy | |||||
- | Grand Duke | Henri | ||||
- | Prime Minister | Xavier Bettel | ||||
- | Co-Deputy Prime Ministers |
|
||||
Independence | ||||||
- | from the French Empire and elevation to Grand Duchy of Luxembourg | 15 March 1815 | ||||
- | Independence in personal Union with the Netherlands (Treaty of London) | 19 April 1839 | ||||
- | Reaffirmation of Independence Treaty of London | 11 May 1867 | ||||
- | End of personal union with the Kingdom of the Netherlands | 23 November 1890 | ||||
- | Occupation during World War I by the German Empire | 1 August 1914 | ||||
- | Liberation from the Greater German Reich | 1944 / 1945 | ||||
- | Admitted to the United Nations | 24 October 1945 | ||||
- | Founded the EEC[lower-alpha 2] | 1 January 1958 | ||||
মাটিকালি | ||||||
- | মুঠ | ২,৫৮৬.৪ বৰ্গ কিমি (168th) ৯৯৮ বৰ্গ মাইল |
||||
- | জলভাগ (%) | ০.২৩ (২,০১৫)'"`UNIQ--ref-০০০০০০০৩-QINU`"' | ||||
জনসংখ্যা | ||||||
- | January 2022 আনুমানিক | সাঁচ:IncreaseNeutral ৬,৪৫,৩৯৭'"`UNIQ--ref-০০০০০০০৪-QINU`"' (১৬৮th) | ||||
- | ২০২২ লোকপিয়ল | ৬,৪৫,৩৯৭ '"`UNIQ--ref-০০০০০০০৫-QINU`"' | ||||
জিডিপি (পিপিপি) | 2022 আনুমানিক | |||||
- | মুঠ | $90.532 billion[2] (98th) | ||||
- | জনমুৰি | $140,694[2] (1st) | ||||
জিডিপি (নামমাত্ৰ) | 2022 আনুমানিক | |||||
- | মুঠ | $86.898 billion[2] (71st) | ||||
- | জনমুৰি | $135,046[2] (3rd) | ||||
জিনি সহগ? (2019) | 32.3 | |||||
মানৱ উন্নয়ন সূচক (2021) | 0.930 (17th) | |||||
মুদ্ৰা | Euro (€) (EUR ) |
|||||
সময় অঞ্চল | CET (ইউটিচি+1) | |||||
- | গ্ৰীষ্মকালীন (ডিএছটি) | CEST (ইউটিচি+2) | ||||
Note: Although Luxembourg is located in Western European Time/UTC (Z) zone, since 1 June 1904, LMT (UTC+0:24:36) was abandoned and Central European Time/UTC+1 was adopted as standard time, with a +0:35:24 offset (+1:35:24 during DST) from Luxembourg City's LMT. | ||||||
তাৰিখ বিন্যাস | dd.mm.yyyy | |||||
গাড়ী চলোৱা হয় | right | |||||
ইণ্টাৰনেট টিএলডি | .lub | |||||
কলিং ক'ড | ++352 |
২,৫৮৬ বৰ্গ কিলোমিটাৰ (৯৯৮ বৰ্গ মাইল) আয়তনৰ লাক্সেমবাৰ্গ ইউৰোপৰ অন্যতম সৰু দেশ। ২০২৩ চনত ইয়াৰ জনসংখ্যা আছিল ৬,৪৫,৩৯৭ জন,যাৰ ফলত ই ইউৰোপৰ অন্যতম কম জনবসতি পূৰ্ণ দেশ যদিও জনসংখ্যা প্ৰায় আধা বিদেশী। লাক্সেমবাৰ্গ হৈছে সাংবিধানিক ৰজা গ্ৰেণ্ড ড্যুক হেনৰীৰ নেতৃত্বত প্ৰতিনিধি গণতন্ত্ৰ,যাৰ ফলত ই বিশ্বৰ একমাত্ৰ বাকী থকা সাৰ্বভৌম গ্ৰেণ্ড ডাচি।
লাক্সেমবাৰ্গ হৈছে উন্নত অৰ্থনীতিৰ উন্নত দেশ আৰু জনমূৰি বিশ্বৰ সৰ্বোচ্চ জিডিপি (পিপিপি) দেশসমূহৰ ভিতৰত অন্যতম। লাক্সেমবাৰ্গ চহৰৰ বিশাল দুৰ্গ আৰু ঐতিহাসিক অঞ্চলসমূহৰ ব্যতিক্ৰমী সংৰক্ষণৰ বাবে ১৯৯৪ চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়।
লাক্সেমবাৰ্গ ইউৰোপীয় সংঘ,অ'ইচিডি, ৰাষ্ট্ৰসংঘ, নাটো আৰু বেনেলাক্সৰ প্ৰতিষ্ঠাপক সদস্য। ২০১৩ আৰু ২০১৪ চনত ই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কাৰ্যনিৰ্বাহ কৰিছিল। ২০২২ চনৰ হিচাপত লাক্সেমবাৰ্গৰ নাগৰিকসকলে ১৮৯খন দেশ আৰু ভূখণ্ডত ভিছামুক্ত বা ভিছা-অন-আৰাইভেল প্ৰৱেশৰ সুবিধা লাভ কৰিছিল, যাৰ ফলত লাক্সেমবাৰ্গৰ পাছপ'ৰ্ট ফিনলেণ্ড আৰু ইটালীৰ সৈতে জড়িত হৈ বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত আছিল।