অসম চাহ
অসমৰ ৰঙা চাহ / From Wikipedia, the free encyclopedia
অসম চাহ (ইংৰাজী: Assam tea) ভাৰতৰ অসমত উৎপাদিত এক প্ৰকাৰৰ ৰঙা চাহ। অসমৰ চাহ বিশেষকৈ Camellia sinensis var. assamica (Masters) নামৰ এবিধ চাহ গছৰ পৰা তৈয়াৰ কৰা হয়।[1][2] এই চাহ, যিবোৰৰ অধিকাংশ সমুদ্ৰ পৃষ্ঠৰ উচ্চতাত বৃদ্ধি হয়, ইয়াৰ গঠন, স্ফুৰ্টিদায়ক, সুগন্ধ, আৰু অধিক উজ্জ্বল ৰঙৰ বাবে জনাজাত। অসম চাহ, বা অসম নাম সংযোজিত চাহ, সাধাৰণতে "পুৱাৰ পানীয়" হিচাপে বিক্ৰী কৰা হয়। উদাহৰণ স্বৰূপে, আইৰিছ ব্ৰেকফাষ্ট টি, নামৰ মনোমোহা আৰু শক্তিশালী পুৱাৰ চাহত, ক্ষুদ্ৰ-আকৃতিৰ অসম চাহৰ পাত থাকে।[3]
অসম চাহ | |
---|---|
ভৌগোলিক স্বীকৃতি | |
বৰ্ণনা | অতি উজ্জ্বল ৰঙৰ সুস্বাদু স্ফুৰ্টিদায়ক আৰু মনোমোহা চাহ |
প্ৰকাৰ | পানীয় |
অঞ্চল | অসম |
দেশ | ভাৰত |
বাংলাদেশ আৰু বাৰ্মাৰ (ম্যানমাৰ) সীমান্তত, ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অৱস্থিত, অসম হৈছে পৃথিৱীৰ ভিতৰত সৰ্বাধিক চাহ-উৎপাদনকাৰী ৰাজ্য। ভাৰতৰ এই অঞ্চলত বৃষ্টিপাতৰ হাৰ অতি বেছি, মৌচুমী ঋতুত প্ৰতিদিনৰ সৰ্বাধিক বৃষ্টিপাত ১০ ৰ পৰা ১২ ইঞ্চি (২৫০-৩০০ মিমি) পৰ্যন্ত হোৱা দেখা যায়। দিনৰ ভাগত প্ৰায় ১০৩ ফাৰেনহাইট (৪০ °ছে)লৈকে বৰ্ধিত উষ্ণতাই, বিৰল জলীয় বাষ্প আৰু উত্তাপৰ সেউজগৃহ সদৃশ পৰিৱেশৰ সৃষ্টি কৰে। এই বিশেষ জলবায়ুৱেই অসম চাহক প্ৰসিদ্ধ মনোমোহা সোৱাদ আৰু বৈশিষ্ট্য প্ৰদান কৰে।
যদিও অসমত সাধাৰণতে "ৰঙা চাহ" উৎপাদন কৰা হয়, কিছু পৰিমাণৰ "সেউজীয়া",[4] আৰু নিজস্ব বৈশিষ্টৰ "বগা চাহ"ৰো উৎপাদন কৰে।[5]
ঐতিহাসিকভাৱে, অসম দক্ষিণ চীনৰ পাছতেই দ্বিতীয় সৰ্বাধিক ব্যৱসায়িক চাহ উৎপাদনকাৰী অঞ্চল আছিল। সমগ্ৰ বিশ্বৰ ভিতৰতেই কেৱল অসম আৰু দক্ষিণ চীনতহে থলুৱা প্ৰজাতিৰ চাহ গছ পোৱা যায়।