![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/96/Feet-in-alta.jpg/640px-Feet-in-alta.jpg&w=640&q=50)
আলতা
From Wikipedia, the free encyclopedia
আলতা হৈছে হাত আৰু ভৰিৰ ওপৰত প্ৰয়োগ কৰা এবিধ প্ৰকাৰৰ তৰল ৰঙা ৰং।[1] ভাৰতীয় উপমহাদেশৰ বিশেষকৈ বাংলাদেশ, নেপাল আৰু পূব ভাৰতৰ পশ্চিম বংগ, বিহাৰ, অসম, ত্ৰিপুৰা আৰু ওড়িশাত আলতাৰ প্ৰচলন আছে। ইয়াক মুখ্যতঃ বিবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠান উপলক্ষে কপাহৰ সহায়ত প্ৰয়োগ কৰা হয়।[2] বিবাহিত মহিলা আৰু ছোৱালীয়ে আলতা লগায়। পাৰম্পৰিক ভাৱে নৱবিবাহিত কইনাসকলে আলতাৰে ৰঙা কৰা ভৰিৰে তেওঁলোকৰ নতুন ঘৰত সোমাইছিল। আৰম্ভণিতে আলতা পাণৰ ৰসৰ পৰা তৈয়াৰ কৰা হৈছিল। যদিও পিছলৈ ইয়াক পাণ পাতৰ পৰিৱৰ্তে লাৰে তৈয়াৰ কৰা হৈছিল। বৰ্তমান লাৰ পৰা প্ৰস্তুত কৰা প্ৰাকৃতিক বা সংশ্লেষিত কৃত্ৰিম ৰঙৰ জৰিয়তে ইয়াক তৈয়াৰ কৰা হয়। আলতাৰ তাৎপৰ্য হৈছে যে ই দেখাত তেজৰ দৰে, যি হৈছে প্ৰাচুৰ্য আৰু সমৃদ্ধিৰ প্ৰতীক। এয়া সজ্জাৰ এক সৰল প্ৰয়োগ যদিও আলতাৰ সৈতে জটিল ডিজাইন কৰাটো অসম্ভৱ। সহজে কপাহৰ সৈতে ৰং বুলাব পাৰি যি যিকোনো ব্যক্তিয়ে কৰিব পাৰে আৰু শৈল্পিক দক্ষতাৰ প্ৰয়োজন নহয়।[3][4] ইয়াৰ সুবিধা হ'ল ই জেতুকাৰ তুলনাত সোনকালে শুকাই যায়।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/9/96/Feet-in-alta.jpg/640px-Feet-in-alta.jpg)