ইলীহ মাছ
মাছৰ প্রজাতি / From Wikipedia, the free encyclopedia
ইলীহ, ইলীহি বা ইলিছ (ইংৰাজী: Ilish; বৈজ্ঞানিক নাম: Tenualosa ilisha) হৈছে বাংলাদেশৰ জাতীয় মাছ। এই মাছ বঙালী সকলৰ মাজত অতি জনপ্ৰিয়। ইলীহ এবিধ সামূদ্ৰিক মাছ, কিন্তু কণী পাৰিবলৈ নদীত প্ৰৱেশ কৰে। তদুপৰি খাদ্য হিচাপে ইলীহ ভাৰতৰ বিভিন্ন ৰাজ্য যেনে, পশ্চিমবংগ, উৰিষ্যা, ত্ৰিপুৰা আৰু অসমত অত্যন্ত জনপ্ৰিয় মাছ। বঙালী ভাষা আৰু অসমীয়া ভাষাত ইলিছ শব্দটো পোৱা যায়। অসমীয়া ভাষাত "ইলিছ" শব্দটো বঙালী নাইবা আন কোনো অসমীয়া-বঙালী ভাষাগোষ্ঠীৰ ভাষাৰ পৰা তুলি অনা হৈছে। ইয়াৰ থলুৱা অসমীয়া নাম "ইলীহ" বা "ইলীহি।" বেলেগ বেলেগ ভাষাত ইলীহৰ নাম বেলেগ বেলেগ, যেনে তেলুগু ভাষাত পোলাছা (పులస, Pulasa বা Polasa), আৰু পাকিস্তানৰ সিন্ধী ভাষাত পাল্লু মাচ্ছি (پلو مڇي, Pallu Machhi), ওড়িয়া ভাষাত ইলিছি (ଇଲିଶି, Ilishii), গুজৰাটত ইলীহ মাছক মোদেন (মাইকী) বা পালভা (মতা) নামে পৰিচিত।
ইলীহ মাছ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Actinopterygii |
বৰ্গ: | Clupeiformes |
পৰিয়াল: | Clupeidae |
উপপৰিয়াল: | Alosinae |
গণ: | Tenualosa |
প্ৰজাতি: | T. ilisha |
বৈজ্ঞানিক নাম | |
Tenualosa ilisha (F. Hamilton, 1822) |
ইলীহ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ গ্ৰীষ্মমণ্ডলীয় মাছ। বংগোপসাগৰৰ ব-দ্বীপাঞ্চল, পদ্মা-মেঘনা-যমুনা নদীৰ মোহনাৰ হাওৰৰ পৰা প্ৰতি বছৰে প্ৰচুৰ পৰিমাণে ইলীহ মাছ ধৰা হয়। ই এবিধ সামুদ্ৰিক মাছ কিন্তু ই ডাঙৰ নদীত কণী পাৰে। কণী ফুটি পোৱালি ওলাই ডাঙৰ হলে আলু সাগৰলৈ ঘূৰি যায়। এই মাছৰ বহুতো সৰু সৰু কাঁইট আছে বাবে অতি সাৱধানে খোৱা উচিত।[1]
যদিও ইলীহ সাগৰীয় মাছ আৰু বেছিভাগ সময় সাগৰতে থাকে কিন্তু বংশবিস্তাৰৰ বাবে প্ৰায় ১২০০ কিমি পৰ্যন্ত দূৰত্ব অতিক্ৰম কৰি ভাৰতীয় উপমহাদেশৰ নদীত পোৱালি জগায়। ইলীহ প্ৰধানত পদ্মা (গংগাৰ কিছু অংশ), মেঘনা (ব্ৰহ্মপুত্ৰৰ কিছু অংশ) আৰু গোদাবৰী নদীত প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰে ভিতৰত পদ্মাৰ ইলীহৰ সোৱাদ আটাইতকৈ ভাল বুলি গণ্য কৰা হয়। ভাৰতৰ ৰূপনাৰায়ণ নদী, গংগা নদী, গোদাবৰী নদী ইলীহ আৰু ইয়াৰ কণীৰ বাবে বিখ্যাত। ইলীহ মাছ সাগৰৰ পৰাও ধৰা হয় কিন্তু ই নদীৰ ইলীহৰ সমান সুস্বাদু নহয়। দক্ষিণ পাকিস্তানৰ প্ৰদেশতো এই মাছ পোৱা যায়। তাত এই মাছ পাল্লা নামে পৰিচিত। এই মাছ অলপ গভীৰ পানীত থাকি ভাল পায়। বৰ্তমান সিন্ধু নদীৰ গভীৰতা কমি যোৱাৰ বাবে এই মাছ কমকৈ পোৱা যায়।[2]