ওৰাং ৰাষ্ট্ৰীয় উদ্যান
From Wikipedia, the free encyclopedia
ওৰাং ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Orang National Park) ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মাটিকালি প্ৰায় ৭৮.৮১ বৰ্গ কিলোমিটাৰ। ১৯৮৫ চনত ওৰাঙক অভয়াৰণ্য আৰু ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি দিয়া হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স’তে প্ৰায় একে ধৰণৰ বনাঞ্চল তথা পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ বাসস্থান হোৱাৰ বাবে বহুতে ওৰাঙক ‘মিনি কাজিৰঙা’ বুলিও আখ্যা দিয়ে। এই ৰাষ্ট্ৰীয় উদ্যান জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত খু্বেই চহকী। ইয়াত অনেক প্ৰজাতিৰ উদ্ভিদ তথা জীৱ-জন্তু দেখিবলৈ পোৱা যায়। এইবোৰৰ ভিতৰত এশিঙীয়া গঁড়, নল গাহৰি, হাতী, বনৰীয়া ম’হ, ঢেঁকীয়াপতীয়া বাঘ আদিয়ে প্ৰধান।[1][2][3]
ক্ষিপ্ৰ তথ্য ওৰাং ৰাষ্ট্ৰীয় উদ্যান, অৱস্থান ...
ওৰাং ৰাষ্ট্ৰীয় উদ্যান | |
---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
এশিঙীয়া গঁড় | |
অসমত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি | |
অৱস্থান | দৰং আৰু শোণিতপুৰ জিলা, অসম, ভাৰত |
নিকটতম চহৰ | তেজপুৰ |
স্থানাংক | 26°33′41″N 92°19′00″E |
মাটিকালি | 78.81 |
প্ৰতিস্থা | ১৯৯৯ |
কৰ্তৃপক্ষ | ভাৰত চৰকাৰ, অসম চৰকাৰ |
বন্ধ কৰক