ঢেঁকীয়াপতীয়া বাঘ
From Wikipedia, the free encyclopedia
ঢেঁকীয়াপতীয়া বাঘ (ইংৰাজী: Bengal tiger, বৈজ্ঞানিক নাম: Panthera tigris tigris) বাঘৰ এটা প্ৰখ্যাত উপপ্ৰজাতি। শেহতীয়া তথ্য অনুসৰি ভাৰতত ইয়াৰ জনসংখ্যা ১,৭০৬-১,৯০৯ টা, বাংলাদেশত ৪৪০ টা, নেপালত ১৬৩-২৫৩টা আৰু ভূটানত প্ৰায় ৬৭-৮১ টা।[2][3][4][5] ২০০০ চনত আই.ইউ. চি. এনে ঢেঁকীয়াপতীয়া বাঘক সংকটাপন্ন প্ৰজাতি (endangered species) বুলি স্বীকৃতি দিছে। [1]। ভাৰত[6] আৰু বাংলাদেশ দুয়ো দেশতে ইয়াক ৰাষ্ট্ৰীয় প্ৰাণীৰূপে গণ্য কৰা হয়।[7]
ক্ষিপ্ৰ তথ্য ঢেঁকীয়াপতীয়া বাঘ (Bengal tiger), সংৰক্ষণ স্থিতি ...
ঢেঁকীয়াপতীয়া বাঘ (Bengal tiger) | |
---|---|
বান্ধবগঢ় ৰাষ্ট্ৰীয় উদ্যান ( Bandhavgarh National Park)ত এটা ঢেঁকীয়াপতীয়া বাঘ | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Carnivora |
পৰিয়াল: | Felidae |
উপপৰিয়াল: | Pantherinae |
গণ: | Panthera |
প্ৰজাতি: | Panthera tigris |
উপপ্ৰজাতি: | Panthera tigris tigris |
ত্ৰিপদ নাম | |
Panthera tigris tigris Pocock, 1929 |
বন্ধ কৰক