চুতীয়া ৰাজ্য
মধ্যযুগৰ ৰাজ্য / From Wikipedia, the free encyclopedia
চুতীয়া ৰাজ্য (ইংৰাজী: Sutiya kingdom) আছিল ত্ৰয়োদশ শতিকাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দিকাৰাই নদী[1][2][3] আৰু দক্ষিণ পাৰে দিচাং নদীৰ মাজত গঠন হোৱা এক বিশাল সাম্ৰাজ্য[4]। ১১৮৭ চনত বীৰপালে শদিয়াক ৰাজধানী পাতি উত্তৰ-পূব অসম আৰু অৰুণাচলৰ কিছু অঞ্চল লয় চুতীয়া ৰাজ্য স্থাপন কৰিছিল। তেওঁৰ পুত্ৰ গৌৰী নাৰায়ণে সকলো চুতীয়াক একত্ৰিত কৰি এখন বৃহৎ ৰাজ্য গঠন কৰিছিল। ইয়াৰ পিছত প্ৰায় সোতৰজন ৰজাই এই সাম্ৰাজ্য চলাইছিল। কামৰূপ ৰাজ্য ধ্বংস হোৱাৰ লগে লগে অসমৰ উত্তৰ-পূবত চুতীয়াসকল, পশ্চিম দিশে বাৰভূঞা আৰু কমতা ৰাজ্য ক্ষমতালৈ আহিছিল।[5]। অসমৰ স্থানীয় জনজাতিসকলৰ মাজত চুতীয়াসকল অন্যতম। চুতীয়া সকল কছাৰী গোষ্ঠীৰ লোক আছিল আৰু এটা সময়ত তিব্বত-বাৰ্মীজ ভাষা ব্যৱহাৰ কৰিছিল। সাম্প্ৰতিক কালত, চুতীয়াসকলে অসমীয়া ভাষা ব্যৱহাৰ কৰে।
চুতীয়া সাম্ৰাজ্য সধয়া/স্বধয়া | ||||
| ||||
চুতীয়া ৰাজ্যৰ মানচিত্ৰ | ||||
ৰাজধানী | সধয়াপুৰ/স্বধয়াপুৰ | |||
ভাষা(সমূহ) | চুতীয়া ভাষা (ৰাজকীয়) অসমীয়া (ৰাজ্যিক) | |||
ধৰ্ম | জনজাতীয় তান্ত্ৰিক (ৰাজকীয় আৰু প্ৰজা) হিন্দু (একাংশ প্ৰজা) | |||
চৰকাৰ | ৰাজতন্ত্ৰ | |||
সধেয়াধিপতি (নাৰায়ণ/পাল) | ||||
- ১১৮৭-১২২০ | বীৰপাল/গয়াপাল | |||
- ১২৩০-১২৬০ | ৰত্নধ্বজপাল/গৌৰী নাৰায়ণ | |||
- ১৫২০-১৫২২ | ধৰ্মধ্বজপাল/ধীৰনাৰায়ণ | |||
- ১৫২২-১৫২৪ | নীতিপাল/চন্দ্ৰ নাৰায়ণ(অন্তিম) | |||
ইতিহাস | ||||
- স্থাপিত | ১১৮৭ | |||
- পতন | ৭ বহাগ ১৫২৪ (সাধনী দিৱস) | |||
বৰ্তমানৰ অৱস্থিতি | অসম, অৰুণাচল প্ৰদেশ, ভাৰত |
ইতিহাসৰ পৰা জনা যায় যে মধ্যযুগৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত চুতীয়া ৰাজ্যখনে সকলোতকৈ উন্নত আৰু প্ৰগতিশীল আছিল।[6] উজনি অসমৰ শিৱসাগৰ(দক্ষিণ পাৰ) আৰু বিশ্বনাথ(উত্তৰ পাৰ) জিলাৰ পূব দিশত, অৰুণাচলৰ পাহাৰৰ লৈকে এসময়ত চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল। অৰ্থাৎ সেই যুগত চুতীয়া সকল লখিমপুৰ, ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, তিনিচুকীয়া আৰু অৰুণাচলৰ লোহিত, ডিবাং, ইত্যাদি জিলাত সিচৰিত হৈ আছিল। ১২ শতিকাৰ শেষৰ ফালে এই সকলো অঞ্চলৰ চুতীয়া সকল একত্ৰিত হৈ শদিয়া কেন্দ্ৰীক এখন বৃহৎ ৰাজ্য গঠন কৰিছিল। উল্লেখযোগ্য যে এই ৰাজ্যৰ পৰিসীমা এটা সময়ত পৌৰাণিক কামৰূপৰ কৰতয়া নৈ(কমতাপুৰ) লৈকে বিস্তৃত হৈছিল।[7]