ড° মালিনী
বিজ্ঞানী, লেখিকা, গৱেষিকা, বক্তা আৰু ৰামায়ণী তথা মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী / From Wikipedia, the free encyclopedia
ড০ নীলিমা শইকীয়া (ইংৰাজী: Dr Neelima Saikia) বা ড০ মালিনী (ইংৰাজী: Dr Malinee ) হৈছে অসম, ভাৰতৰ এগৰাকী বিজ্ঞানী, লেখিকা, গৱেষিকা, বক্তা আৰু ৰামায়ণী তথা মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী৷ তেখেত যোৰহাট, অসমস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ (পূৰ্বতে আঞ্চলিক গৱেষণাগাৰ) প্ৰাক্তন বিজ্ঞানী৷ ড০ নীলিমা শইকীয়াই মাটিৰ অণুজীৱবিজ্ঞান, জৈৱিক উপায়েৰে মাটি প্ৰৱন্ধনৰ লগতে আৰু উদ্ভিদ আৰু ভূ-স্বাস্থ্যৰ দিশত অভিজ্ঞতা অৰ্জন কৰিছে৷ জৈৱ-প্ৰতিকাৰৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে ২০০৩-০৪ চনত ভাৰত চেম্বাৰছ অৱ কমাৰ্ছৰ তৰফৰ পৰা বি.পি. পোড্ডাৰ স্মাৰক বঁটা পাবলৈ সক্ষম হৈছিল৷ ড০ মালিনী ৰামায়ণী আৰু মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী৷ ৰামায়ণ আৰু মহাভাৰতৰ বহুকেইটা নাৰী চৰিত্ৰ তেখেতৰ উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ৷ ইয়াৰ উপৰি ড০ মালিনীয়ে বিজ্ঞানভিত্তিক আৰু বিশ্লেষণাত্মক গ্ৰন্থও ৰচনা কৰিছে৷ তেখেত যোৰহাট তৰাজানস্থিত মহাকাব্যিক অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক-সচিব৷ [1]
ড০ মালিনী | |
---|---|
জন্ম | নীলিমা শইকীয়া যোৰহাট, অসম |
ছদ্মনাম | ড০ মালিনী |
পেচা | বিজ্ঞানী, লেখিকা, বক্তা, গৱেষিকা, উপদেষ্টা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ধৰণ | অসমীয়া সাহিত্য |
বিষয় | ৰামায়ণী সাহিত্য |
উল্লেখনীয় কৰ্মৰাজি | -মন্দোদৰী -যাজ্ঞসেনী -বিদেহ নন্দিনী |
উল্লেখযোগ্য বঁটা |
|
ৱেবছাইট | http://www.drmalini.com |