যোৰহাট
উজনি অসমৰ চহৰ / From Wikipedia, the free encyclopedia
যোৰহাট অসমৰ এখন গুৰুত্বপূৰ্ণ চহৰ আৰু যোৰহাট জিলাৰ সদৰ। ই গুৱাহাটীৰ পৰা ৩১৮ কিল'মিটাৰ পূবত অৱস্থিত। ১৮শ শতিকাত আহোম শাসনৰ শেষৰফালে টুংখুঙীয়া আহোম ৰাজবংশই যোৰহাটত ৰাজধানী স্থাপন কৰিছিল। ভোগদৈ নদীৰ ক্ৰমে পূব আৰু পশ্চিমফালে থকা 'চকীহাট' আৰু 'মাছৰহাট' নামৰ বজাৰ দুখনৰ(যোৰ) পৰাই চহৰখনৰ নাম 'যোৰহাট' হয়৷[1] আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী হিচাপে যোৰহাটত আহোম ৰজাৰ সমাধিক্ষেত্ৰ ৰজা মৈদাম, লাচিত বৰফুকনৰ মৈদাম, ৰাজমাও পুখুৰী, বঙাল পুখুৰীকে ধৰি বহুতো ঐতিহাসিক সমল পোৱা যায়। যোৰহাটক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলিও কোৱা হয়। যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক।[উদ্ধৃতিৰ প্ৰয়োজন] অসমৰ চাহ উৎপাদনৰ অন্যতম স্থান যোৰহাট। ৰৰৈয়াত যোৰহাটৰ বিমান বন্দৰ আছে; আনহাতে ৰেলৱে ষ্টেচন হৈছে যোৰহাট টাউন ষ্টেচন আৰু ৰে'লৱে জংচনটো মৰিয়নি জংচন। অসম কৃষি বিশ্ববিদ্যালয়, টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান, উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আদি যোৰহাটৰ অন্যতম উল্লেখযোগ্য প্ৰতিষ্ঠান।
যোৰহাট | |||||||||
— নগৰ — | |||||||||
স্থানাঙ্ক | 26°45′0″N 94°13′0″E | ||||||||
দেশ | ভাৰত | ||||||||
অঞ্চল | উজনি অসম | ||||||||
ৰাজ্য | অসম | ||||||||
জিলা | যোৰহাট জিলা | ||||||||
জনসংখ্যা • চহৰ অঞ্চল |
• 1,70,648 (44) (2001[update]) | ||||||||
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) | ||||||||
মাটিকালি • উচ্চতা |
• 116 m (381 ft) | ||||||||
ক'ড
|