প্ৰফুল্ল কুমাৰ মহন্ত
অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী / From Wikipedia, the free encyclopedia
প্ৰফুল্ল কুমাৰ মহন্ত (ইংৰাজী: Prafulla Kumar Mahanta, জন্ম: ১৯৫২) হৈছে অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী[9]। ইয়াৰ উপৰিও তেওঁ অসম আন্দোলনৰ এজন উল্লেখযোগ্য নেতা আৰু অসম গণ পৰিষদ (অগপ)ৰ প্ৰাক্তন সভাপতি[9]। ১৯৮৫ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়। এনেদৰে তেওঁ আটাইতকৈ কনিষ্ঠতম মুখ্যমন্ত্ৰী হিচাবে পৰিগণিত হয়[11]। ইয়াৰ পিছত ১৯৯৬ চনত দ্বিতীয়বাৰৰ বাবে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতে তেওঁ অসম আন্দোলনৰ এজন উল্লেখযোগ্য নেতা আছিল[9]।
এই অসম সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। |
প্ৰফুল্ল কুমাৰ মহন্ত | |
---|---|
অসমৰ মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ২৪ ডিচেম্বৰ, ১৯৮৫ – ২৭ নৱেম্বৰ, ১৯৯০[1] | |
পূৰ্বসূৰী | হিতেশ্বৰ শইকীয়া |
উত্তৰসূৰী | হিতেশ্বৰ শইকীয়া[1] |
অসমৰ মুখ্যমন্ত্ৰী | |
কাৰ্যকাল ১৫ মে', ১৯৯৬ – ১৭ মে', ২০০১[1] | |
পূৰ্বসূৰী | ভূমিধৰ বৰ্মন |
উত্তৰসূৰী | তৰুণ গগৈ[1] |
বিধায়ক নগাওঁ[2] | |
কাৰ্যকাল ১৯৮৫ – ১৯৯১ | |
পূৰ্বসূৰী | মুকুট শৰ্মা[3] |
উত্তৰসূৰী | মুকুট শৰ্মা[4] |
বিধায়ক বঢ়মপুৰ[4][5][6][7][8] | |
কাৰ্যকাল ১৯৯১ – বৰ্তমানলৈকে | |
পূৰ্বসূৰী | গিৰিন্দ্ৰ কুমাৰ বৰুৱা[2] |
ব্যক্তিগত তথ্য | |
জন্ম | ১৯৫২[9] |
ৰাজনৈতিক দল | অসম গণ পৰিষদ অসম গণ পৰিষদ (প্ৰগতিশীল) |
দাম্পত্যসঙ্গী | জয়শ্ৰী গোস্বামী মহন্ত[10] |
২০০৫ চনত প্ৰফুল্ল কুমাৰ মহন্তক অসম গণ পৰিষদ (অগপ) দলৰ পৰা বহিষ্কাৰ কৰা হয়[12]। ইয়াৰ পিছত ২০০৫ চনৰ ১৫ ছেপ্তেম্বৰ তাৰিখে তেওঁ অসম গণ পৰিষদ (প্ৰগতিশীল) নামৰ নতুন ৰাজনৈতিক দল এটা গঠন কৰে[12]। ২০০৯ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত প্ৰফুল্ল কুমাৰ মহন্তই পুনৰ অসম গণ পৰিষদত যোগদান কৰে।
১৯৯৮-২০০১ চনৰ ভিতৰত হোৱা আলফা সদস্য সকলৰ পৰিয়ালবৰ্গৰ গুপ্তহত্যাৰ বাবে "শইকীয়া কমিছন" (Saikia Commission)-এ সেই সময়ৰ অসমৰ গৃহমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ওপৰত অভিযোগ উঠায়[13]।