বগা বাহক
From Wikipedia, the free encyclopedia
জাষ্টিকা আধাট’ডা, সাধাৰণতে অসমীয়াত বগা বাহক নামে জনাজাত এই চিৰসেউজীয়া আৰু জোপোহা সপুষ্পক উদ্ভিদজোপা হৈছে একপ্ৰকাৰৰ ঔষধীয় উদ্ভিদ। ই এছিয়াৰ এক থলুৱা উদ্ভিদ। সিদ্ধ চিকিৎসা, আয়ুৰ্বেদ, হোমিঅপেথি আৰু য়ুনানী চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা হয়।[1] ই তিতাফুল বা ৰঙা বাহকৰ পৰিয়ালৰ উদ্ভিদ। ওখ প্ৰায় ৫-৬ ফুট মান হয়। পাত ডাঙৰ আৰু আগবোৰ জোঙা, ডিচেম্বৰৰ পৰা এপ্ৰিল মাহত ফুল ফুলে। পাত আৰু ফুলৰ সোৱাদ তিতা।
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য জাষ্টিকা আধাট’ডা বগা বাহক, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
জাষ্টিকা আধাট’ডা বগা বাহক | |
---|---|
বগা বাহকৰ ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
বিভাগ: | Tracheophyta |
শ্ৰেণী: | Magnoliopsida |
বৰ্গ: | Lamiales |
পৰিয়াল: | Acanthaceae |
গণ: | Justicia |
প্ৰজাতি: | J. adhatoda |
বৈজ্ঞানিক নাম | |
Justicia adhatoda C. Linnaeus, 1753. | |
সমাৰ্থক | |
|
বন্ধ কৰক
বগা বাহকৰ ইংৰাজী নাম হৈছে, মালাবাৰ নাত, আডুল্ছা, আধাট’ডা, ভাছা, আৰু ভাছাকা।[2][3]