বাঙালী মুছলিম
From Wikipedia, the free encyclopedia
বাঙালী মুছলিম, বঙালী মুছলিম, বাঙালী মুছলমান বা বঙালী মুছলমান (বঙালী: বাঙালি মুসলমান; pronounced [baŋali musɔlman])[1][2] হ'ল সেই ইছলাম ধৰ্মাৱলম্বী লোক যিয়ে নিজকে জাতিগত, ভাষিক আৰু বংশগতভাৱে বাঙালী বুলি পৰিচয় দিয়ে। বাঙালীসকলৰ প্ৰায় দুই তৃতীয়াংশ লোকেই মুছলিম। মুছলিমসকলৰ মাজত, আৰবসকলৰ পাছতেই বাঙালীসকল আতাইতকৈ ডাঙৰ গোট।[3][4] বাঙালী মুছলিমৰ বাংলাদেশত সংখ্যাগড়িষ্ঠতা আছে। তদুপৰি, ভাৰতৰ পশ্চিম বংগ, ত্ৰিপুৰা আৰু অসম ৰাজ্যত বাঙালী মুছলিম সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায়।[5]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/7/7e/East_Bengal_religion_map.jpg/220px-East_Bengal_religion_map.jpg)
বাঙালী মুছলিমসকলে বাংলা ভাষাক মাতৃভাষা জ্ঞান কৰে আৰু প্ৰায় এই ভাষা ব্যৱহাৰ কৰে। বাঙালী মুছলিমৰ সৰহসংখ্যক ছুন্নী যি হানাফি বিধি মানি চলে।