সম্ৰাট অশোক
From Wikipedia, the free encyclopedia
অশোক মৌৰ্য্য(৩০৪-২৩২ খ্ৰীষ্টপুৰ্ব) এজন প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ এজন শাসক আছিল। তেওঁক অশোক বা মহামতি অশোক হিচাপেও জনা যায়। ভাৰতৰ এজন অন্যতম শ্ৰেষ্ঠ শাসক হিচাপে প্ৰসিদ্ধ সম্ৰাট অশোকে ২৬৯-২৩২ খ্ৰীষ্টপূৰ্বলৈ প্ৰায় সমগ্ৰ ভাৰত উপমহাদেশতে শাসন কৰিছিল। তেওঁ সামৰিক শক্তিৰ দ্বাৰা সাম্ৰাজ্য বিস্তাৰৰ জৰিয়তে বৰ্তমানৰ ভাৰতবৰ্ষৰ প্ৰায়বোৰ ঠাই নিজৰ অধীনলৈ আনিছিল। তেওঁৰ সাম্ৰাজ্য প্ৰাচীন খোৰাচান, চিস্তান, বেলুচিস্তান ৰ পৰা আফগানিস্তানৰ হিন্দুকুশ পৰ্বতমালা হৈ পূবে বৰ্তমানৰ অসম আৰু বাংলাদেশলৈ বিস্তৃত আছিল, দক্ষিণে উত্তৰ কেৰালা আৰু অন্ধ্ৰ প্ৰদেশলৈ আছিল। তক্ষশীলা, উজ্জয়িনী আৰু পাটলিপুত্ৰ নামৰ তেওঁৰ সাম্ৰাজ্যৰ তিনিখন ৰাজধানী আছিল। বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষক হিচাপে তেওঁক প্ৰাচীন এছিয়াত বৌদ্ধ ধৰ্মৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ কৃতিত্ব দিয়া হয়।
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য অশোক মৌৰ্য্য, শাসন কাল ...
অশোক মৌৰ্য্য | |
---|---|
মৌৰ্য্য সম্ৰাট | |
খ্ৰীষ্টপূৰ্ব এক শতিকাৰ এজন চক্ৰৱৰ্তী শাসক | |
শাসন কাল | ২৬৮-২৩২ খ্ৰীষ্টপূৰ্ব |
Coronation | ২৬৮ খ্ৰীষ্টপূৰ্ব |
জন্ম | ৩০৪ খ্ৰীষ্টপূৰ্ব |
জন্ম ঠাই | পাটলিপুত্ৰ, পাটনা |
মৃত্যু | ২৩২ খ্ৰীষ্টপুৰ্ব (৭২ বছৰ বয়সত) |
মৃত্যু ঠাই | পাটলিপুত্ৰ, পাটনা |
Buried | অস্থিসমূহ গংগা নদীত (সম্ভৱতঃ বাৰাণসীত) উটুৱাই দিয়া হয় |
পূৰ্বসুৰী | বিন্দুসাৰ |
উত্তৰসূৰী | দশৰথ মৌৰ্য্য |
Wives | কৌৰাৱকী মহাৰাণী দেৱী ৰাণী পদ্মাৱতী তিশ্যাৰক্ষ |
সাম্ৰাজ্য | মৌৰ্য সাম্ৰাজ্য |
পিতৃ | বিন্দুসাৰ |
মাতৃ | মহাৰাণী ধৰ্মা বা শুভদ্ৰাংগী |
সন্তান | মাহিন্দা, সংঘমিত্ৰা, তিৱালাল, কুনালাল, জালুকা |
ধৰ্ম বিশ্বাস | বৌদ্ধ ধৰ্ম |
বন্ধ কৰক