মৌৰ্য সাম্ৰাজ্য
From Wikipedia, the free encyclopedia
মৌৰ্য সাম্ৰাজ্য (ইংৰাজী: Maurya Empire) (Sanskrit: मौर्य साम्राज्यम:)লৌহ যুগৰ অবিভক্ত প্ৰাচীন ভাৰতৰ এক বৃহৎ ৰাজনৈতিক শক্তি। খ্ৰীষ্টপূৰ্ব ৩২২-১৮৫ লৈকে মৌৰ্য ৰাজবংশই মৌৰ্য সাম্ৰাজ্যত ৰাজত্ব কৰিছিল। ইণ্ডো-গংগা সমভূমিৰ মগধ ৰাজ্য (বৰ্তমানৰ বিহাৰ) আৰু উত্তৰ প্ৰদেশৰ পূব অংশৰ পৰা উদ্ভৱ হোৱা মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী আছিল পাটলিপুত্ৰ।[1][2] ৩২২ খ্ৰী:পূ:ত চন্দ্ৰগুপ্ত মৌৰ্যই নন্দ ৰাজবংশক ক্ষমতাচ্যুত কৰি মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু চাণক্যৰ সহায়ত আলেকজেণ্ডাৰৰ দ্বিগ্বিজয়ৰ সময়ত মহাজনপদসমূহৰ অস্থিৰতাৰ সুযোগ লৈ ভাৰতৰ মধ্য আৰু পশ্চিম অংশলৈ দ্ৰুতগতিত সাম্ৰাজ্য বিস্তাৰ কৰে। ৩১২ খ্ৰী:পূ:লৈ মৌৰ্য সাম্ৰাজ্যই ভাৰতবৰ্ষৰ সমগ্ৰ উত্তৰ-পশ্চিম অংশলৈ বিস্তৃতি লাভ কৰে।[3] ইয়াৰ পিছত চন্দ্ৰগুপ্ত মৌৰ্যই আলেকজেণ্ডাৰৰ মেচিড’নিয়ান সেনানায়ক চেলুকছৰ নেতৃত্বত অহা গ্ৰীক সৈন্যক পৰাভূত কৰে আৰু সিন্ধু নদীৰ পশ্চিমলৈ সাম্ৰাজ্য বিস্তাৰ কৰে।[4]
মৌৰ্য সাম্ৰাজ্য | ||||
| ||||
মৌৰ্য সাম্ৰাজ্যৰ সৰ্বাধিক বিস্তৃত ৰূপ | ||||
ৰাজধানী | পাটলিপুত্ৰ (বৰ্তমানৰ পাটনা) | |||
ভাষা(সমূহ) | পৌৰাণিক ইণ্ডিক (যেনে মাগধী প্ৰাকৃত, অন্যান্য প্ৰাকৃত, সংস্কৃত) | |||
ধৰ্ম | হিন্দুধৰ্ম বৌদ্ধ ধৰ্ম জৈনধৰ্ম অজিভিকা | |||
চৰকাৰ | অৰ্থশাস্ত্ৰত উল্লেখ থকা মতে পূৰ্ণ ৰাজতন্ত্ৰ | |||
সম্ৰাট | ||||
- ৩২০–২৯৮ খ্ৰী:পূ: | চন্দ্ৰগুপ্ত মৌৰ্য | |||
- ২৯৮–২৭২ খ্ৰী:পূ: | বিন্দুসাৰ | |||
- ২৬৮–২৩২ খ্ৰী:পূ: | অশোক | |||
- ২৩২–২২৪ খ্ৰী:পূ: | দশৰথ মৌৰ্য | |||
- ২২৪–২১৫ খ্ৰী:পূ: | সম্প্ৰতি | |||
- ২১৫–২০২ খ্ৰী:পূ: | শালিশুক | |||
কাল | পৌৰাণিক | |||
- স্থাপিত | ৰ্খ্ৰীষ্টপূৰ্ব ৩২২ | |||
- পতন | খ্ৰীষ্টপূৰ্ব ১৮৫ | |||
Area | 50,00,000 km2 (19,30,511 sq mi) | |||
Currency | পানা | |||
বৰ্তমানৰ অৱস্থিতি | আফগানিস্তান বাংলাদেশ ভূটান ভাৰত ইৰান নেপাল পাকিস্তান | |||
Warning: Value specified for "continent" does not comply |
মৌৰ্য ৰজাসকল (৩২৪ খ্ৰী:পূ: – ১৮০ খ্ৰী:পূ:) | |
চন্দ্ৰগুপ্ত | (৩২৪-২৯৭ খ্ৰী:পূ:) |
বিন্দুসাৰ | (২৯৭-২৭৩ খ্ৰী:পূ:) |
অশোক | (২৬৮-২৩২ খ্ৰী:পূ:) |
দশৰথ | (২৩২-২২৪ খ্ৰী:পূ:) |
সম্প্ৰতি | (২২৪-২১৫ খ্ৰী:পূ:) |
শালিশুক | (২১৫-২০২ খ্ৰী:পূ:) |
দেৱবৰ্মন | (২০২-১৯৫ খ্ৰী:পূ:) |
শতধনৱান | (১৯৫-১৮৭ খ্ৰী:পূ:) |
বৃহদ্ৰথ | (১৮৭-১৮০ খ্ৰী:পূ:) |
পুষ্যামিত্ৰ শুংগ (শুংগ সাম্ৰাজ্য) |
(১৮০-১৪৯ খ্ৰী:পূ:) |
মৌৰ্য সাম্ৰাজ্য সেই সময়ৰ পৃথিৱীৰ বৃহত্তম সাম্ৰাজ্যসমূহৰ অন্যতম আছিল। পূৰ্ণাংগ বা সৰ্বাধিক বিস্তৃত ৰূপত এই সাম্ৰাজ্যৰ সীমা আছিল উত্তৰে হিমালয় পৰ্বত, পূবে অসম, পশ্চিমে বেলুচিস্তান (দক্ষিণ পশ্চিম পাকিস্তান আৰু দক্ষিণ পূব ইৰাণ) আৰু হিন্দুকুশ পৰ্বত (বৰ্তমানৰ আফগানিস্তান)।[5] সম্ৰাট চন্দ্ৰগুপ্ত আৰু বিন্দুসাৰৰ অধীনত ভাৰতৰ মধ্য আৰু দক্ষিণ প্ৰান্তলৈকে এই সাম্ৰাজ্যই বিস্তৃতি লাভ কৰিছিল।[6][7] তেওঁলোকৰ শাসনকালত একাংশ জনজাতি আৰু কলিঙ্গৰ (বৰ্তমানৰ উৰিষ্যা) ওচৰৰ কিছু অৰণ্য অঞ্চল পৰাভূত কৰিবলৈ বাকী ৰয় যদিও অশোকৰ শাসনকালত সেই অঞ্চলসমূহো মৌৰ্য সাম্ৰাজ্যৰ ভিতৰুৱা হয়।[8] অশোকৰ ৰাজত্বৰ অৱসান ঘটাৰ প্ৰায় ৫০ বছৰমানৰ পিছত মগধত শুংগ ৰাজবংশৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে মৌৰ্য সাম্ৰাজ্যৰ পতন ঘটে।
চন্দ্ৰগুপ্ত মৌৰ্য আৰু তেওঁৰ উত্তৰসূৰীসকলৰ শাসনকালত এক কাৰ্যকৰী বিত্তীয়, প্ৰশাসনিক আৰু সুৰক্ষা ব্যৱস্থাৰ বাবে সমগ্ৰ ভাৰততে বেপাৰ-বাণিজ্য, কৃষি আৰু অৰ্থনৈতিক কাম-কাজে উন্নত ৰূপত বিস্তাৰ লাভ কৰে। কলিঙ্গ যুদ্ধৰ পিছৰ প্ৰায় ৫০ বছৰ সম্ৰাট অশোকৰ অধীনত ৰাজ্যখনে এক শান্তি আৰু সুৰক্ষাৰ অৱস্থা লাভ কৰে। মৌৰ্য যুগটোক সামাজিক সমন্বয়, ধাৰ্মিক পৰিৱৰ্তন আৰু বিজ্ঞান তথা জ্ঞানৰ প্ৰসাৰৰ যুগ বুলি কোৱা হয়। জৈন ধৰ্মৰ আৰু বৌদ্ধ ধৰ্মৰ প্ৰতি যথাক্ৰমে চন্দ্ৰগুপ্ত মৌৰ্য আৰু সম্ৰাট অশোকে দেখুওৱা সঁহাৰিৰ ফলত সমগ্ৰ ভাৰততে ধাৰ্মিক দিশটোৰ নবীকৰণ হোৱাৰ লগতে ৰাজনৈতিক শান্তি আৰু অহিংসাই প্ৰাধান্য লাভ কৰে। অশোকে শ্ৰীলংকাকে ধৰি দক্ষিণ-পূব আৰু পশ্চিম এছিয়া আৰু মেডিটেৰেনিয়ান ইউৰোপত বৌদ্ধ ধৰ্মৰ দৰ্শনসমূহ প্ৰসাৰৰ পৃষ্ঠপোষকতা কৰিছিল।[9][3]
মৌৰ্য সাম্ৰাজ্যৰ আনুমানিক জনসংখ্যা ৫-৬ কোটি বুলি ঠাৱৰ কৰা হৈছে। ইয়াৰ ফলত মৌৰ্য সাম্ৰাজ্য পৌৰাণিক যুগৰ আটাইতকৈ জনবহূল সাম্ৰাজ্যসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছে।[10][11] অৰ্থশাস্ত্ৰ[12] আৰু সম্ৰাট অশোকৰ ঘোষণা বা বাণীসমূহ মৌৰ্য যুগৰ প্ৰধান লিখিত সমল। অশোকৰ দ্বাৰা নিৰ্মিত অশোক স্তম্ভক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে।