পাটলিপুত্ৰ
প্ৰাচীন ভাৰতৰ এখন চহৰ / From Wikipedia, the free encyclopedia
পাটলিপুত্ৰ আছিল প্ৰাচীন ভাৰতৰ এখন চহৰ। এয়া বৰ্তমান ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী পাটনা চহৰৰ ওচৰত অৱস্থিত আছিল ৷ খ্ৰীষ্টপূৰ্ব ৪৯০ চনত মগধৰ ৰজা অজাতশত্ৰুৱে গংগা নদীৰ পাৰত এটা সৰু দুৰ্গ আকৃতিত পতলিগ্ৰাম বা পাটলিপুত্ৰ চহৰখন স্থাপন কৰিছিল।[1]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
আধুনিক পাটনা চহৰৰ আশে-পাশে ব্যাপকভাৱে প্ৰত্নতাত্ত্বিক খননকাৰ্য কৰা হৈছে। [2] ২০ শতিকাৰ আৰম্ভণিতে কৰা খনন কাৰ্য্যৰ পৰা জনা গৈছে যে ইয়াত এটা বৃহৎ আকাৰৰ দুৰ্গ অৱস্থিত আছিল। তাৰোপৰি জনা গৈছে যে দুৰ্গোটো মজবুত কৰিবলৈ কাঠৰ ব্যৱহাৰ কৰা হৈছিল। [3]