কোয়েল মল্লিক

ভাৰতীয় অভিনেত্ৰী From Wikipedia, the free encyclopedia

কোয়েল মল্লিক
Remove ads

কোয়েল মল্লিক (ইংৰাজী: Koel Mallick) (জন্ম: ২৮ এপ্ৰিল, ১৯৮২) বঙালী চলচ্চিত্ৰ জগতৰ এগৰাকী বিখ্যাত ভাৰতীয় অভিনেত্ৰী।

ক্ষিপ্ৰ তথ্য কোয়েল মল্লিক, জন্ম ...
Remove ads

জন্ম আৰু শিক্ষা জীৱন

কোয়েলে পশ্চিমবঙ্গৰ কলকাতাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ বিখ্যাত বঙালী অভিনেতা ৰঞ্জিত মল্লিক আৰু মাতৃৰ নাম দীপা মল্লিক। তেওঁ মডাৰ্ণ হাইস্কুল নামে এখন উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত স্কুলীয়া জীৱন অতিবাহিত কৰি পাচত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনৰ গোখলে বালিকা মেমোৰিয়েল কলেজৰ পৰা মনোবিজ্ঞান বিষয়ত বি.এছ.চি (অনাৰ্চ) উপাধি লাভ কৰে।

ব্যক্তিগত জীৱন

২০১৩ চনৰ ১ ফেব্ৰুৱাৰীত মল্লিক নিস্পল সিং (ৰানে)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[1] তাৰ আগতে ৭ বছৰ ধৰি দুয়োৰে সম্পৰ্ক আছিল যদিও দুয়োজনে টলিউডৰ গ্লেমাৰ জগতখনৰ পৰা নিজৰ সম্পৰ্কক আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছিল।[2] ২০২০ চনৰ ১ ফেব্ৰুৱাৰীত ইনষ্টাগ্ৰামত ঘোষণা কৰিছিল যে তেওঁৰ প্ৰথম সন্তানৰ আগমনৰ আশা কৰিছে। ২০২০ চনৰ ৫ মে’ত মালিকে এটি ল’ৰা সন্তান জন্ম দিয়ে। দম্পতীহালে পুত্ৰৰ নাম ৰাখিলে কবীৰ সিং।[3] ৩ অক্টোবৰত ছ’চিয়েল মিডিয়াৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণৰ খবৰ ঘোষণা কৰে। ১৪ ডিচেম্বৰ,২০২৪ তাৰিখে তেওঁ এটি কন্যা সন্তান জন্ম দিয়ে।

Remove ads

চলচ্চিত্ৰত কৰ্মজীৱন

২০০৩ চনত জীতৰ বিপৰীতে নাটেৰ গুৰু বোলছবিখনৰ যোগেদি‍ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল কোয়েল মল্লিকে।[4] এই ছবিখনৰ পিছত জীত-কোয়েল যুটিয়ে বিভিন্ন চিনেমাত (প্ৰায় ১১খন ছবি) জনপ্ৰিয় যুটি হিচাপে অভিনয় কৰিছিল।[5] ২০০৪ চনত কোয়েলে দেৱীপক্ষ, শুধু তুমি, বাদশ্বাহ, বন্ধন ছবিত অভিনয় কৰে। প্ৰথম দুখন ছবিয়ে বক্স অফিচত যদিও ভাল প্ৰদৰ্শন নকৰিলে তথাপি‍ বাদশ্বাহ বিপুল হিট হৈ বক্স অফিচত ব্লকবাষ্টাৰ হৈ পৰে। ২০০৫ চনত কোয়েলে শুভ দৃষ্টি, মাণিক, যুদ্ধ, চোৰে চোৰে মাসতুতো ভাই ছবিত অভিনয় কৰে। যুদ্ধত মিথুন চক্ৰৱৰ্তী আৰু দেৱাশ্ৰী ৰায়ৰ বিপৰীতে অভিনয় কৰিছিল। ২০০৬ চনত অধিক বিশিষ্ট ভূমিকাৰে এজন সাংবাদিক হিচাপে এমএলএ ফাটাকেষ্ট-ত কাম কৰিছিল। ২০০৮ চনৰ লাভ ষ্ট’ৰী ছবিৰ পুনৰ্নিৰ্মাণ কৰা ছবি লাভত অভিনয় কৰিছিল।[6] ২০০৯ চনৰ পৰা কোয়েলে বহু বিখ্যাত ছবি যেনে বলো না তুমি আমাৰ, দুই পৃথিবী, পাগলু, হাণ্ড্ৰেড পাৰ্সেণ্ট লাভ, হেমলক সোসাইটি, পাগলু ২-ৰ লগতে‍ আৰু বহুতো ছবিত অভিনয় কৰি আহিছে। ২০১১ চনত ৰাজীৱ বিশ্বাস পৰিচালিত আৰু সুৰিন্দৰ ফিল্মছৰ প্ৰযোজিত পাগলুত দেৱ-কোয়েলৰ যুটিয়ে অভিনয় কৰিছিল। এই ছবিখনে চেলেঞ্জ ২ (২০১২) পৰ্যন্ত মুক্তিৰ প্ৰথম দিনা সৰ্বাধিক দৰ্শকে উপভোগ কৰাৰ অভিলেখ গঢ়ি তুলে৷ ইয়াৰ পিছত এই যুটিয়ে পাগলু ২-তো অভিনয় কৰে। ইয়াৰ বাহিৰেও এই যুটিয়ে আন বহু ব্লকবাষ্টাৰ ছবিত অভিনয় কৰিছিল।

টেলিভিছনত কৰ্মজীৱন

২০০৭ চনত জি বাংলাত প্ৰচাৰিত মহালয়াত দেৱী মহিষাসুৰমৰ্দিনীৰি আৰু তেওঁৰ বিভিন্ন অৱতাৰৰ অভিনয়ৰ জৰিয়তে টেলিভিছনত আত্মপ্ৰকাশ কৰে কোয়েল মালিকে। ২০১০ চনত তেওঁ দিদি নং ১-তো চেলিব্ৰেটি প্ৰতিযোগী হিচাপে আত্মপ্ৰকাশ কৰিছিল৷ কথা ও কাহিনী তেওঁ আঁত ধৰা তেওঁৰ প্ৰথম টক শ্ব’ আছিল আৰু ষ্টাৰ জলসাত ই সম্প্ৰচাৰিত হৈছিল৷[7]

২০১৩ চনত চেলিব্ৰেটি বিচাৰক হিচাপে‍ ঝলক দিখলা যা-ৰ বাংলা সংস্কৰণত বলিউডৰ নৃত্য পৰিচালক ৰেমো ডিছৌজাৰ সৈতে আত্মপ্ৰকাশ কৰিছিল আৰু ইটিভি বাংলাই ইয়াক সম্প্ৰচাৰ কৰিছিল৷[8]

Remove ads

বি‍জ্ঞাপনৰ কৰ্মজীৱন

টিভিএছ মটৰ কোম্পানী, ফেয়াৰ এণ্ড লাভলী, পেনাছনিক, ভেচেলিন আদি বিভিন্ন বহুজাতিক কোম্পানীত কোয়েলে প্ৰডাক্ট এম্বেছাদৰ হিচাপে বি‍জ্ঞাপনত কাম কৰি আহিছে‍।

চলচ্চিত্ৰপঞ্জী

অধিক তথ্য বছৰ, ছবি ...
Remove ads

তথ্য সংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads